Nojoto: Largest Storytelling Platform

তোমাৰ ৰূপৰ সৌন্দৰ্য্যত ভালপোৱাৰ ঐনিতম গোৱা আৰু সঁচ

তোমাৰ ৰূপৰ সৌন্দৰ্য্যত ভালপোৱাৰ ঐনিতম গোৱা
আৰু সঁচা প্ৰেমৰ দাবী জনোৱা..
ভালপোৱা জানো এনেকুৱা?
তোমাৰ আপোনজনৰ কথাই দুখৰ বোকোচাত সুখৰ প্ৰলেপ সানি এধানি নিজঞ্জাল হাঁহিয়ে যদি ওঁঠত বিৰিঙাব নোৱাৰে
ভালপোৱা জানো এনেকুৱা?
মই ভালপোৱাৰ বিশ্লেষণ বিচাৰি ঘূৰ্মুটিয়াই ফুৰো
উজুটি খাও,পুনৰ উঠো..
কোনোৱে কয়, ভালপোৱাত এপাহি গোলাপ ফুলে বুকুত
মই প্ৰশ্ন কৰো,পাহিবোৰ যদি মৰহি যায়,
সেয়া জানো ভালপোৱা?
মোৰ বিশ্বাস,ভালপোৱাত হৃদয়ৰ সেউজীয়াখিনি ৰঙীণ হয়,
ৰৌদ্ৰস্নাত আকাশৰ নীলাবোৰ সজীৱ হয়
আৰু ভালপোৱাবোৰ হৃদয়ৰ পৰা হৃদয়লে
আটি আটি বন্ধা অনুভূতি হয়...
--আংগাৰিকা #assamesepoem