।।নীলা খামৰ চিঠি খন।। মৰমৰ তুমি মৰম ও ভাল পোৱা বোৰ পঠালো চিঠিৰ মাজতেই, চিঠি লিখাৰ হেঁপাহ নাছিল কিয়নো মোৰ ঠিকনা হয়তো তুমি পাহৰি পেলাইছা,-কিন্তু মোৰ নিচলা হিয়াৰ কোণত বৰ যতনে ৰাখিছো তোমাৰ ঠিকনা গোপনে কোনেও নাজনাকৈ । তুমি যে মোৰ জীৱনৰ আধৰুৱা সপোন ।আশা ও কামনা তুমি আদৰি লবা অতীতৰ সোঁৱৰণীৰ মৰম বোৰ । ফাগুনৰ লঠঙা বুকুত বেদনা সামৰি বসন্তৰ সেউজীয়া হেঁপাহবোৰ আদৰাৰ আশাৰে বাট চাই আছিলোঁ, বসন্তৰ বোৱাৰী পুৱালৈ -কিন্তু বহাগ আহিল বসন্ত নাহিল মোৰ সেউজীয়া হেঁপাহৰ পদূলি মুখলৈ । জন্ম ভূমিৰ নৰিয়া দেহাত আবদ্ধ আজি বসন্তৰ ৰং বোৰ। লঠঙা বিৰিখৰ কঁকালত গাভৰু বসন্তৰ বেদনা মিশ্ৰিত সুৱাস । জানা ৰাংঢালী দুপৰ নিশা দুৰণীৰ সীমনাত যেতিয়া হিয়া উজাৰী বিহগী জনী উচুপি বিনাই তেতিয়া মোৰ কলিজা খনেও তুমি দিয়া প্ৰতিশ্ৰুতি বোৰৰ আশাৰ কোঠালীত অসহায়ভাৱে বাগৰ সলাই , গোপনে যান্ত্ৰণা কাতৰ সুৰ হৈ । এতিয়া তুমি চাগৈ বহুত সুখী জীৱন সজোৱাৰ সেন্দুৰীয়া বাটত । মই আজিও একে ঠাইতে ৰৈ গ'লো সোঁৱৰণীৰ পৰিতক্ত ঠিকনাৰ বাটত পৰিচয়বিহিন হৈ । দীঘলীয়া নকৰোঁ মোৰ নীলা শব্দৰ সুঁতি । তোমাৰ স্মৃতিবোৰ সামৰি আধৰুৱা জীৱন পৃষ্ঠাৰ প্ৰহৰী হৈ এনেকৈয়ে ৰৈ যাম ফাগুনৰ সৰা পাতৰ বুকুত । মাথোঁ বসন্তৰ চৰাই জনী আহিলে এনেকৈয়ে তোমাৰ বতৰা লম ভুল নুবুজিবা তুমি সুখী হৈ ৰোৱা জীৱন বাটত পুনৰ বহুত মৰমেৰে তোমাৰেই #অতীত ।। #প্ৰসন্ন/গোলাঘাট ।। #Dreams