Nojoto: Largest Storytelling Platform
jibanjyotisarma9041
  • 48Stories
  • 38Followers
  • 356Love
    9Views

Jibanjyoti Sarma

*Love to write, love to read *Assamese poet and writer *Plz follow me on Facebook (Jibanjyoti Sarma) & Instagram (jibanjyoti sarma), also in Twitter as Jibanjyoti Sarma *D. O. B. - 11.3.2002 *Assam, India *Thank you friends 🙏

  • Popular
  • Latest
  • Video
15a4bcc89ab336e699f536525fc2f6e1

Jibanjyoti Sarma

আপোনাৰ ফালে কিমান সময় চাই থাকিলে আপুনি মোৰ প্ৰেমত পৰিব ?

*************************************

আপোনাৰ ফালে কিমান সময় চাই থাকিলে আপুনি মোৰ প্ৰেমত পৰিব ?

আজি আহিব পাৰিব নেকি এপাক
আপোনাৰ প্ৰিয় কেফেখনলৈ

পাণবজাৰত
কিতাপৰ গোন্ধ লৈ লৈ
দুয়ো দুকাপ গৰম কফি খাম

আপুনি দিঘলী পুখুৰীৰ সাধুবোৰ ক'ব
মই আপোনাৰ চকুত
মোক বিচাৰি চাম

আপুনি হাঁহি হাঁহি ঢলি পৰিব মোৰ কান্ধত
মই আলফুলে আপোনাৰ চুলিত হাত বুলাম

আপুনি প্ৰেমত নপৰাৰ কথা ক'ব
মই আপোনাক ফুচুলাম

অ' হেৰি নহয় ;
নতুন পাৰ্চ এটা কিনিছো আজি
আপোনাৰ অনুমতি পালে
আপোনাৰ ফোটো এখনেৰেই
উদং পাৰ্চটো সজাম

আপুনি আহিব পাৰিব নেকি এপাক
আপোনাৰ প্ৰিয় কেফেখনলৈ
আজি আপোনাক চাম

মোৰ পৃথিৱীখন এতিয়া ধুনীয়া হৈছে

আপুনি অহাৰ পিছৰে পৰা
বহু কথাই সলনি হৈছে
যোৱাকালি মাই কৈ আছিল ফোনত
ল'ৰা এটা হেনো মানুহ হ'ল
All thanks to you
আপুনি অবিহনে 
এতিয়া যেন আধৰুৱা এই সন্ধিয়াবোৰ

তথাপি
এতিয়াও আপোনাক জোৰ নকৰোঁ
কিন্তু জানিবলৈ নিশ্চয় চেষ্টা কৰিম
আপোনাৰ ফালে আৰু কিমান সময় চাই থাকিলে
আপুনি মোৰ প্ৰেমত পৰিব ?

আপুনি বিশেষ
বিশেষ হৈ থকাৰ কামনাৰে.....

✍️জীৱনজ্যোতি শৰ্মা

9 Love

15a4bcc89ab336e699f536525fc2f6e1

Jibanjyoti Sarma

"To love and be loved is to feel the sun from both sides."
             —David Viscott

ভালপোৱা !
বৰ আচৰিত বস্তু এই ভালপোৱা!
কেতিয়া কাৰ লগত কিদৰে হৈ যায়
একোচোন তলকিবই নোৱাৰি !

যিদৰে
ময়ো গম নাপালো
তুমিনো কেতিয়া হৈ পৰিলা
মোৰ বুকুৰ ইমান আপোন !

কলেজৰ চাইঞ্চ লেৱৰটৰীত আজি দেখিছিলো তোমাক
গ্লাচৰ পৃথিৱীখনত জানো কি বিচাৰি হায়ৰাণ হৈছিলা তুমি

প'টেছিয়াম নাইট্ৰাইটৰ এক্সপিৰিমেন্ট 
নে ছ'ডিয়াম ক্ল'ৰাইডৰ ?

আজি মাত্ৰ তোমাক চাইছো মই.....

ৰঙা বগা সাজযোৰত বৰ ধুনীয়া লাগে অ' তোমাক

আজিকালি যেন তোমাৰ বাবেই কলেজ যাওঁ
চকুদুটাই চটফটাই উঠে
এপলক তোমাক চোৱাৰ আকাংক্ষাত

সিদিনা যে বৰষুণ জাক আহিছিল.....
তোমাৰ তিতা চুলিখিনিৰ গোন্ধটোৱে
কামিজ ফালি
ডাইৰেক্ট কৰিছিল বুকুত আঘাত

কেনভাচত 
সিদিনা যেন জীৱন্ত হৈ উঠিছিল
এটা ৰঙা দাগ

প্ৰিয় তুমি
তোমাৰ স্বপ্নতেই এতিয়া
ব্যাহত টোপনি

এই গভীৰ ৰাতি কেনেকৈনো বুজাওঁ তোমাক
তুমিয়েই যে এতিয়া
মোৰ মৌন মনৰ জোনাক.....

6 Love

15a4bcc89ab336e699f536525fc2f6e1

Jibanjyoti Sarma

"To love and be loved is to feel the sun from both sides."
             —David Viscott

ভালপোৱা !
বৰ আচৰিত বস্তু এই ভালপোৱা!
কেতিয়া কাৰ লগত কিদৰে হৈ যায়
একোচোন তলকিবই নোৱাৰি !

যিদৰে
ময়ো গম নাপালো
তুমিনো কেতিয়া হৈ পৰিলা
মোৰ বুকুৰ ইমান আপোন !

কলেজৰ চাইঞ্চ লেৱৰটৰীত আজি দেখিছিলো তোমাক
গ্লাচৰ পৃথিৱীখনত জানো কি বিচাৰি হায়ৰাণ হৈছিলা তুমি

প'টেছিয়াম নাইট্ৰাইটৰ এক্সপিৰিমেন্ট 
নে ছ'ডিয়াম ক্ল'ৰাইডৰ ?

আজি মাত্ৰ তোমাক চাইছো মই.....

ৰঙা বগা সাজযোৰত বৰ ধুনীয়া লাগে অ' তোমাক

আজিকালি যেন তোমাৰ বাবেই কলেজ যাওঁ
চকুদুটাই চটফটাই উঠে
এপলক তোমাক চোৱাৰ আকাংক্ষাত

সিদিনা যে বৰষুণ জাক আহিছিল.....
তোমাৰ তিতা চুলিখিনিৰ গোন্ধটোৱে
কামিজ ফালি
ডাইৰেক্ট কৰিছিল বুকুত আঘাত

কেনভাচত 
সিদিনা যেন জীৱন্ত হৈ উঠিছিল
এটা ৰঙা দাগ

প্ৰিয় তুমি
তোমাৰ স্বপ্নতেই এতিয়া
ব্যাহত টোপনি

এই গভীৰ ৰাতি কেনেকৈনো বুজাওঁ তোমাক
তুমিয়েই যে এতিয়া
মোৰ মৌন মনৰ জোনাক.....

8 Love

15a4bcc89ab336e699f536525fc2f6e1

Jibanjyoti Sarma

একাপ চাহ.....
-----------------------------------
একাপ চাহতো প্ৰেম হয়
আচৰিত !

বাৰিষাৰ গধূলি
চাহকাপৰ সোৱাদটো সলনি হয়
গৰমত 
চাহকাপৰ সোৱাদ বেলেগ

কেতিয়াবা চাহেও কথা কয়

কত প্ৰেমৰ কাহিনী যে
ফুটপাথৰ চাহকাপতেই আৰম্ভ হয়

একাপ চাহতো প্ৰেম হয়.....

[ বিষাদবোৰ অনায়াসে গিলি থ'ব পাৰি
  সন্ধিয়াৰ চাহকাপত ]

একাপ চাহতো প্ৰেম হয়
আচৰিত !

চাহ কেতিয়াবা নিচা হয়
কেতিয়াবা পেছা

তোমাৰ হাতৰ চাহকাপ খালেই যদিও প্ৰেম হয়
তথাপিও কিন্তু
ৰেলষ্টেচনৰ চাহকাপৰ 
সোৱাদটো অলপ বেলেগ হয়

একাপ চাহতো প্ৰেম হয়
একাপ চাহতো কবিতা বয়

একাপ চাহতেই হেজাৰ সপোনৰ জন্ম হয়
আৰু সপোনৰ শেষতো
টেবুলত আধাখোৱা চাহকাপেই ৰয়

একাপ চাহতো প্ৰেম হয়
একাপ চাহক লৈও কাহিনী হয়

আচৰিত
একাপ চাহতেই কথাবোৰ শেষ হয়.....

✍️জীৱনজ্যোতি শৰ্মা #tea #love

7 Love

15a4bcc89ab336e699f536525fc2f6e1

Jibanjyoti Sarma

#WorldHealthDay এটা ভালপোৱাৰ সন্ধ্যাত
বিলীন হওঁক মোৰ প্ৰতিটো উশাহ

তুমি এটা নিশাৰ বাবে জোনাক হোৱা

তৰা হৈ তোমাৰ সংগত
জী উঠিব পাৰিম মই
এটা জীৱনৰ বাবে....

 ✍️জীৱনজ্যোতি শৰ্মা love

10 Love

15a4bcc89ab336e699f536525fc2f6e1

Jibanjyoti Sarma

#WorldHealthDay এটা ভালপোৱাৰ সন্ধ্যাত
বিলীন হওঁক মোৰ প্ৰতিটো উশাহ

তুমি এটা নিশাৰ বাবে জোনাক হোৱা

তৰা হৈ তোমাৰ সংগত
জী উঠিব পাৰিম মই
এটা জীৱনৰ বাবে....

 ✍️জীৱনজ্যোতি শৰ্মা love

9 Love

15a4bcc89ab336e699f536525fc2f6e1

Jibanjyoti Sarma

তোমাৰ বাবেই মই জী উঠিম....
-------------------------------------------------------
তোমাৰ বাবেই মই জী উঠিম

সাতবাৰ মৰিলেও
তোমাৰ এটা মিঠা হাঁহিৰ বাবেই
মই আকৌ জী উঠিম

কুঁৱলী সৰা কাতিৰ
শেৱালি ফুলা নিশাতো
মই একমাত্ৰ তোমাৰ বাবেই জী উঠিম

তুমি বাছৰ পৰা নামিলেই মই সাৰ পাম

তুমি দিঘলী পুখুৰীৰ পাৰলৈ আহিলেই 
মই তোমাক চাম

সন্ধিয়াৰ বাছখনত তুমি গুছি গ'লেই
মই তোমাৰ পিছে পিছে যাম
আঁৰে আঁৰে লুকাই
তুমি অভিমান কৰা চাম

তুমি খং কৰিলেই
চ'ৰি বুলি মাটিত বহি যাম
তুমি হাঁহি মাৰিলেই
তোমাৰ কঁপালত এটা দীঘল চুমা খাম

তুমি বাছৰ পৰা নামিলেই মই সাৰ পাম

মৰি মৰি জী উঠিও
মই আকৌ তোমাক চাম

মই আকৌ তোমাক চাম......

✍️জীৱনজ্যোতি শৰ্মা

8 Love

15a4bcc89ab336e699f536525fc2f6e1

Jibanjyoti Sarma

তোমাক ভালপাবলৈ
এটা অযুহাতেই যথেষ্ট মোৰ বাবে

তুমি আমনি কৰা প্ৰতিটো উশাহত
আজিকালি প্ৰাণ পাই উঠো মই সহজতে....

 ✍️জীৱনজ্যোতি শৰ্মা

7 Love

15a4bcc89ab336e699f536525fc2f6e1

Jibanjyoti Sarma

মই হেৰাই যাম বুলি ক'লে
তুমি কিয় খং কৰা

তুমিতো মোক ভাল নোপোৱা
তথাপি অভিমানী এপাচি তীক্ষ্ণ শব্দেৰে
অনবৰতে কিয় মোক আৱৰি ৰাখা
মই হেৰাই যাম বুলি ক'লে
তুমি কিয় খং কৰা

মইতো পাগল ল'ৰা 
দিনটো পাৰ হৈ যায় কল্পনাৰ দুনীয়াত
ৰাতিলৈ দুটামান শব্দ বিচাৰোকেৱল
আৰু তোমাৰ ফোটোখন চাই
গাঁঠি যাওঁ সেইবোৰ এফালৰ পৰা

তথাপি তুমি খং কৰা

মই হেৰাই যাম বুলি ক'লে
আচলতে তুমি কিয় খং কৰা

মোক হেৰাই যাবলৈ দিয়া
মইতো পাগল ল'ৰা
চিগাৰেটত বান্ধি উৰুৱাই দিম বিষাদ
মদৰ বটলত ভৰাই
গিলি থ'ম দুখ

মোক হেৰাই যাবলৈ দিয়া

মই হেৰাই যাম বুলি ক'লে
তুমি কিয় খং কৰা?

 ✍️জীৱনজ্যোতি শৰ্মা #love ❤️❤️

#Love ❤️❤️ #poem

10 Love

15a4bcc89ab336e699f536525fc2f6e1

Jibanjyoti Sarma

তোমাক ভাল পাব দিবা নেকি 

এবাৰলে হ'লেও হ'ব
তোমাক ভাল পাব দিবা নেকি 

তুমি মোৰ সপোনত আহিবা নেকি

এবাৰলে আহিলেও হ'ব
তুমি মোৰ সপোনত আহিবা নেকি

তোমাৰ দুবাহুত মোক আলফুলে সুমুৱাই ল'বা নেকি

এবাৰলে ল'লেও হ'ব
তোমাৰ দুবাহুত মোক আলফুলে সুমুৱাই ল'বা নেকি

তোমাৰ চকুত চকু থৈ মোক চাই ৰ'ব দিবা নেকি

এবাৰলে দিলেও হ'ব
তোমাৰ চকুত চকু থৈ মোক চাই ৰ'ব দিবা নেকি

তুমি মোৰ হেঁপাহ হৈ পৰা
তোমাক পাবলৈ
মই যে প্ৰতিদিনে প্ৰাৰ্থনা কৰিম....

 ✍️জীৱনজ্যোতি শৰ্মা #love

6 Love

loader
Home
Explore
Events
Notification
Profile