Nojoto: Largest Storytelling Platform

New assamese Quotes, Status, Photo, Video

Find the Latest Status about assamese from top creators only on Nojoto App. Also find trending photos & videos about, assamese.

    PopularLatestVideo
95ff3a716c05c6455c78c48854d433ae

A Lone

হাজাৰ চিঞঁৰত, আজি নিৰ্ভীক দুকাণ মোৰ...
মদিৰাৰ ৰাগিত, প্ৰদূষিত স্মৃতি শুকান মোৰ...

বলিয়া ধুমুহাত, সিক্ত কলিজা জঠৰ মোৰ...
মেঘালী চুলিবোৰ, অতীত চিনাকি পথৰ মোৰ...

বসন্তৰ শবদটোৱে, কবিতাৰ কলম মোৰ...
বন্ধুৰ মুখৰ, ভিজা চিগাৰেটটোৱে, 
ডাগৰ মলম মোৰ...

হাঁঃ হাঁঃ হাঁঃ...
শব্দ ৰামধেনুৰ সাঁথৰত, আজি প্ৰেমিক মই...!?
ৰঙীন সমাজত, কৃত্ৰিম হৃদয়ৰ, 
আজি শ্ৰমিক তই...!?🖤🥀 কোন মই...🖤🥀



#assamesepoetry #assamesequote 
#assamesewriters #assamesepoem #assamese #assameselovepoetry #assamese #অসমীয়াকবিতা

কোন মই...🖤🥀 #assamesepoetry #assamesequote #assamesewriters #AssamesePoem #Assamese #assameselovepoetry #Assamese #অসমীয়াকবিতা

1 Love

a1af5dd52fbe173fb820a694271fe48f

Nojoto, ASSAMESE

জীৱনৰ জখলা বগাৱ নাজানিলোঁ, সকলোৱে যেন আগুৱাই গ'ল, মই হে থমকি ৰলো, পোৱা নোপোৱাৰ হিচাপে বহু কৰিলে হতাশ মোৰ জীৱনক, আৰু নকৰোঁ হিচাপ, পোৱাখিনি কম নহয় মোৰ, আছে মোকো ভালপোৱা মানুহ মা দেউতা সেয়ে বহুত।

©Nojoto, ASSAMESE #Assamese #AssamesePoem #Assamesequotes #assamesepoetry #assam

#WelcomLife
95ff3a716c05c6455c78c48854d433ae

A Lone

মোৰ, সকলো বোৰ...
বৰ উৰুঙা হৈ পৰিল অ'...!
চিগাৰেটে, শেষ কৰা...
দেহটোকে লৈ, ৰোমন্থিত হয়...
তোৰ, আধৰুৱা স্মৃতি...
বন্ধুৰ লগত...
মদিৰাৰ আগত...!
  
এতিয়া একো নাই আৰু....
আছে মাথোঁ...
তোৰ ওঁঠৰ, পাহৰা স্বাদ...!
আৰু কিছুমান অস্পষ্ট আশা...
দুৰুহ আশা...
আহিবি...!? এতিয়াও তই...🖤🥀



#assamesepoetry #assamese #assamesequote #assamesewriters #assamesepoem #অসমীয়াকবিতা #অসমীয়া #অসমীয়াঅনুভৱ

এতিয়াও তই...🖤🥀 #assamesepoetry #Assamese #assamesequote #assamesewriters #AssamesePoem #অসমীয়াকবিতা #অসমীয়া #অসমীয়াঅনুভৱ

1 Love

95ff3a716c05c6455c78c48854d433ae

A Lone

এটি গান,
বিষন্নতাৰ, এটি সুৰবিহীন গান...!
মুখত গুন গুনাই, তাইও হৈ পৰিল আজি...
সস্তীয়া প্ৰেমিকৰ, মাতাল, অশ্লীল বদনাম...।
 
তাই, সুখী...!
মিছিকিয়া হাঁহিৰেই লুকুৱাই ৰাখে...
ৰাত্ৰিৰ ছায়াচ্ছন্নতাৰ, অশ্ৰু...

আৰু,
নিৰ্লজ্জ আধুনিকতাৰ সিহঁত !
বলিয়া, তাইৰ বাবে...
ফুটি উঠা,
তাইৰ, যৌৱনৰ ভাঁজ বোৰত !
কিন্তু...
কিন্তু বিধ্বস্ত কবিতাৰ,
বিষাদগ্ৰস্ত, তাইৰ প্ৰেম...।
আইনাখন চাই,
তাই আজিও অপেক্ষাৰত...
মলিয়ন অতীতৰ...
কাৰণ...
তাই, সুখী...!?
 তাইৰ হাঁহি...🖤🥀



#assamesepoetry #assamesequote #assamesepoem #assamese #assamesewriters #অসমীয়া #অসমীয়াকবিতা #অসমীয়াঅনুভৱ

তাইৰ হাঁহি...🖤🥀 #assamesepoetry #assamesequote #AssamesePoem #Assamese #assamesewriters #অসমীয়া #অসমীয়াকবিতা #অসমীয়াঅনুভৱ

2 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁


সময়ে কেতিয়াবা বধিৰ কৰে আৰু কেতিয়াবা অস্থিৰ,
ঠিক একপক্ষীয়ৰ দৰে,
যি প্ৰেমৰ কোনো সজ্ঞা নাই,
হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে এক নিঃকিন দুপৰীয়া...!!
লুকাই চোৰকৈ চোৱাতো থাকে অন্য এক মাদকতা, 
যিয়ে শিকাই যায় এক কঠোৰ বাস্তৱতা...
প্ৰতিদানবিহীন নিস্বাৰ্থতা...!! #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesepoetry #assamesewriters #অসমীয়া
95ff3a716c05c6455c78c48854d433ae

A Lone


এতিয়াটো, বসন্ত মোৰ, নতুন বেদনা...
হ'বও পাৰে , ধ্বংসৰ প্ৰেৰণা...!
নিস্তব্ধতাত জ্বলি শেষ হোৱা, মোৰ অতীত...
কিনো মনত পৰিল, আজি মোৰলৈ...?
জানা, আশা বোৰ আজি নাই...!
মৰম বোৰ আজি ছাই...!
ভয় লাগে মোৰ,
অহ , কেনে বাৰু তোমাৰ ?

বহু দিন হ'ল, কবিতা লিখা নাই...
ধূলি ন ?
সকলোতে...
ক্ষমা কৰিবা, আন্ধাৰত...
এইবোৰ নেদেখি ।
সিহঁতে কয়, মই বোলে...
অহ অই...
ইমান দিনৰ মূৰত যে ?
কিনো মনত পৰিল, মোৰলৈ...!?
 এইয়া আন্ধাৰ মোৰ কোঠাত...🖤🥀



#assamesepoetry #assamese #assamesequote #assamesewriters #assamesepoem #অসমীয়াকবিতা #অসমীয়া #সম্পর্ক

এইয়া আন্ধাৰ মোৰ কোঠাত...🖤🥀 #assamesepoetry #Assamese #assamesequote #assamesewriters #AssamesePoem #অসমীয়াকবিতা #অসমীয়া #সম্পর্ক

1 Love

46c672882654f38352ffdc7ea2f03b1a

Dr. Intaajuur Rahman

Tumar morom is much better than
Your love
Tumar du saku is much better than
You eyes
Tumar dugalot suma is much better than
You kisses
Amar maram is much better than
Our love. 
Amar okonmai tu is much better than
Our baby. 
Expressing love in your mother tongue 
Is much better than
Any other foreign language.
It has a different feelings 
On its own... #assamese #assameselovequote #assamesewriters #assam
16e519cac028940cccd9cf2cbc58172a

R...🍁


টোপনিৰ পৰা সাৰ পাই চকু দুটা মোহাৰি নিয়ৰৰ  দূবৰিত দিয়া প্ৰথম খোজটোত উচপ্ খাই উঠো...
ভাৱনাৰ উত্তাল তৰংগৰ পৰা ভাৱনাবোৰ খহি পৰে আৰু জাৰত কঁ‌পি কঁ‌পি সিহঁতে কয়...
 "চিন্তিত নহ'বি সেয়া মাজৰাতিৰ সপোন মাত্ৰ যি পূৰ হোৱাৰ আগতেই হেৰাইছে ঠিক তেওঁৰদৰে যিদৰে চিনাকি হোৱাৰ পূৰ্ৱেই তেওঁ আঁ‌তৰিছে"...।। #yqbaba #yqbandhoi #assamesewriters #assamesequote #assameselovequote
faf564e548c0b393195db442d93196ce

Rikshikha kashyap

ৰৈ নোযোৱা কথাবোৰ

: আপুনি কি সঁচাকৈ জুবিন গাৰ্গৰ গান শুনে ?
: হাৰে শুনো মানে নকবা আৰু কিছুমান গান শুনি এতিয়াও কান্দি থাকোঁ । 
: হে ভগৱান ল'ৰা মানুহেও তেনেকৈ কান্দে নে ? মন যায় গানটো বেছিকৈ লাগি যায় চাগে । 
: ও ৰে সঁচাকৈয়ে । পিছে তুমি কেনেকৈ জানিলা ?
: ল'ৰাবোৰৰ সকলোৰে তেনেকুৱা হয় । বুজি পাওঁ 
: বাহ ল'ৰাৰ কথা খুব জানা মানে ।
: তেনেকুৱা নহয় মোৰ ল'ৰা বন্ধু বেছি ।
: হয় নেকি । বাৰু মই জুবিনৰ গান শুনা কথাত আচৰিত হৈছিলা যে কিয় ?
: নহয় মানে মোক বহুত অসমীয়া বন্ধুয়েই উপদেশ দিয়ে কিছুমান ইংৰাজী গীত শুনিবলৈ...ইংৰাজী strong হ'ব মোৰ বুলি..
: তুমি ভাবিছিলা চাগে মইও ক'ম । তাতে মইতো অসমীয়া নহয়...বাকী শিকিব খুজিলে নিজে নিজেই strong হ'ব সকলো ভাষা । 
: অসমত থাকি অসমীয়াত কথা পতা , সংস্কৃতিক ভালপোৱা , আঁকোৱালি লোৱা প্ৰত্যেকজন মানুহ অসমীয়া । 
ছ'ৰী মোৰ কথাই যদি আপোনাক আঘাত দিলে । মই আচলতে ইমান ভবা নাছিলোঁ । 
: হে ভগৱান ইমান কেনেকৈ ছ'ৰী কৈ থাকিব পাৰে কোনোবাই ?
: মই পাৰোঁ 😁
: পাগলী তুমি..
: নহয় মই ভালেই । কেৱল কেতিয়াবা..
: কি ?
: একো নহয় । 
: কি নো কোৱাচোন । 
: সকলো কথা ক'ব পৰা নাযায় ..
: কিছুমান কথা বুজিবলৈ ও থৈ দিব লাগে ন ?
: তেনেকুৱাই আৰু..
: তুমি ৰ'দ ভালপোৱা ন বহুত ?
: আপুনি কেনেকৈ জানিলে ?
: তোমাৰ ষ্টেটাছ বোৰত আকৌ ।
: আপুনি কি ভাল পায় ?
: বৰষুণ..
: হম বৰষুণ ভালে । কেৱল মাত্ৰ কবিতা লিখিবলৈহে...
: হে ভগৱান বৰষুণৰ নাম লওঁতেই বৰষুণ দিলে । মোৰ কাপোৰ আছে বাহিৰত । 
: বাৰু মই ৰাখিছোঁ । 
: একো নহয় লাগি থাকক ফোনটো .. গান এটা লগাই থৈছোঁ শুনিবা

" এজাক বৰষুণে মোক চুই থৈ গ'ল...."

@ঋকশিখা

©Rikshikha kashyap #Assamese #Assamesequotes #assamese_poem 
#Light
95ff3a716c05c6455c78c48854d433ae

A Lone

আবিৰ

সৌৱা দেখিছা, আবিৰ...
আকাশৰ, নিভাঁজ নীলা বোৰতে,
মোক চাবা...
কাহানিবা বেজাৰতে,
অকলশৰীয়া হৈ ৰ'লে,
নিখোঁজ এন্ধাৰতে, মোক পাবা...

আৰু, যদি কেতিয়াবা...
এনে ভাব হয়,
মই, নোহোৱাৰ...
এবাৰলৈ, তোমাৰ অতল হিয়াত,
মোক, বিচাৰি যাবা... past...
ebbaa9890993cd96c85bb76235c26eb6

Jajabor🤘🤘🤘

#assam
#assamese
#assamesepoem
#assamesevideo
95ff3a716c05c6455c78c48854d433ae

A Lone

বিফল প্ৰেমৰ, অন্নসনত আজি...
চিগাৰেটৰ ধোঁৱাত উৰিছে, তোমাৰ স্মৃতি...!
কবিতা লিখিছোঁ...!
বেইমান, কবিতা...

মাজ ৰাতিৰ...
নিঃসঙ্গ আন্ধাৰ বোৰত, মই...
আকাশ খনক, চিঞৰি কৈছোঁ...!
নাই, তোমাৰ নামত আৰু,
দহ টকীয়া কলুষিত ধোঁৱা নুৰে...!
আৰু কাহানিও নিভিজায় ওঁঠ, 
আন্ধাৰ আলোড়িত, ৰঙীন পিয়লা বোৰে...!

জানা...
তুমি, এটি অসম্পূৰ্ণ, বেইমান কবিতা...
হৈয়ে ৰ'বা...!? তুমি, এটি অসম্পূৰ্ণ, বেইমান কবিতা...🖤🥀




#assamesepoetry #assamesequote #assamesepoem #assamese #assamesewriters #lovepoem #broken #অসমীয়

তুমি, এটি অসম্পূৰ্ণ, বেইমান কবিতা...🖤🥀 #assamesepoetry #assamesequote #AssamesePoem #Assamese #assamesewriters #lovepoem #Broken #অসমীয় #অসমীয়া

0 Love

95ff3a716c05c6455c78c48854d433ae

A Lone

কোন তই...?
বিষাদে ধোৱা জৰ্জৰিত, ভঙা মাতটো...
অদূৰত, আৰ্তনাদ বোৰ...
কিন্তু, কোন সি...?

মাজনিশাখন, কোঠাটোত অবাক মই...
মেলি দিলো আধা ভগা খিৰিকীখন...!
বিজুলীৰ, চকমকা পোহৰত...
ধূসৰ ধোঁৱাৰ মাজত,
স্তিমিত, চিগাৰেট এটা...

এছাৰকণি বোৰে,
জীপাল কৰি তুলিছে, ভিতৰখন...
বতাহৰ কোবৰ মাজত,
হঠাৎ, আকৌ এটি...!
নিস্তেজ প্ৰশ্ন...
কোন মই...!?
 কোন মই...!?





#assamesepoetry #assamesequote #assamese #assamesewriters #broken #alone #loneliness #poem
6bde3675e68390cfda7d2d378e619416

Badsha's poem

সত্য কথা 
#assamesepoet  #assamesmuser #assamesepoem #assamesetragedypoem 
#assam

#SADFLUTE
95ff3a716c05c6455c78c48854d433ae

A Lone

নিস্তেজ

নিশ্চয়ে অজান,
আপুনি, কোন বাৰু...?
কাতৰ চিঞৰে, পাঁজৰ অসীমে,
এই বুলি সুধিলে...!

ধাৰাষাৰ প্ৰশ্নই,
জুৰুলা কৰা অসিত,
আঁৰালৰ আঁৰত, অবাক কোনোবা,
নিঃসঙ্গে নিশব্দে...!
হঠাৎ, এটা অৱশ উচ্চাৰ্...!
মই, নিস্তেজ... মই, নিস্তেজ...🖤





#assamesepoetry #assamese #assamesewriters #assamesequote #writer #কবিতা #অসমীয়া #broken

মই, নিস্তেজ...🖤 #assamesepoetry #Assamese #assamesewriters #assamesequote #writer #কবিতা #অসমীয়া #Broken

0 Love

46b8fa4b6b86ca6770f38e394d93b5ae

Niki ta Bora

#Assamese #Assameseculture #assamesesong #2k23 #lovesong #lovrshayari #Assam
16e519cac028940cccd9cf2cbc58172a

R...🍁

সপোনবোৰ শেষ নেকি বুলি সুধা প্ৰশ্নত জঠৰ হৈ ৰৈছিলো।
কেনেকৈনো কওঁ‌.....!! 
পচিব ধৰা কলিজাত আচুঁ‌তীয়াকৈ সাঁ‌চি ৰখা
 সপোনটোৰ নামেই যে আপুনি ❤ #yqbaba #yqbandhoi #yqquotes #assamese #assamesewriters #assameselovequote
34ed39941400ffea58e82d087f1f79c3

kalita kalita

🌸অনুৰাগৰ দেশত🌸
অনুৰাগৰ দেশত এডাল  কল্পবৃক্ষ  পুতিছো ,
এই যে তুমি কলা- মই তোমাৰ আপোন বাবে 
তুমি মোৰ অধিকাৰ ,সেইদিনাই। 
কল্পবৃক্ষ জোপা সজাইছো স্মৃতিবোৰৰে 
অভিজ্ঞতাবোৰ  নো কত ভাল,
স্মৃতি বোৰ হে ভাল ।
যদি তুমি বিচাৰিছা অভিমানবোৰ এনেদৰে থাকক
এইবাৰ মৰমবোৰে‌ হাৰ মানক
মই ও সিকি লম মৰমে হাৰ মনা চাবলৈ।
অভিমানবোৰ বৰ‌ বেয়া
আলসুৱা হৃদয়ত ইহঁতে বেছিকৈ‌ খেলা কৰে।
মনটোৱে নুবুজে এই অভিমানবোৰ 
আচলতে নিৰবতা আৰু আন্ধাৰৰ বাবে
নিজৰ প্ৰকৃত সত্তাৰ সৈতে
মতভেদ হলো ।
পথ দুৰ্গম যদিও এবাৰ শিখা ডাল চুব গল
সেয়ে তোমাৰ অভিমানবোৰ গুচাবলৈ
স্বাভিমানৰ সৈতে বিনিময় কৰিলো।
                     -মনিষা কলিতা  #thirdquote #assamesequote #assamesepoetry #assamesepoem #lovequotes
100d0d031a6b45f4933f055ecb7551d9

Pri_gun

#Kacchi_Doriyo #lovepoem #assameselovepoem #truelove #foreverlove #assamesegirl #assamese #poem

Kacchi_Doriyo lovepoem assameselovepoem truelove foreverlove assamesegirl assamese poem

12,693 Views

8a8ff03527a580585f3f123701c14e83

sangita

তোমাৰ আঁৰৰ প্ৰহেলিকাবোৰ আজি খুচৰি চাবলৈ মন গৈছে।  #assamesequote #lifequotes #assamesewriters #assamese #assamesecollab
সহযোগ কৰিব পাৰে।       #YourQuoteAndMine
Collaborating with Chandan Go

#assamesequote #lifequotes #assamesewriters #Assamese #assamesecollab সহযোগ কৰিব পাৰে। #YourQuoteAndMine Collaborating with Chandan Go

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

হাজাৰ ব্যস্ততায়ো আন্ধাৰক জোনাকৰ পৰা পৃথক কৰিব নোৱাৰে...!! য'ত আন্ধাৰ তাতেই জোনাক.....
#জোনাক #yqbaba #yqbandhoi #yqassamese #assamese #assamesequote #assamesewriters #assamesepoetry

য'ত আন্ধাৰ তাতেই জোনাক..... #জোনাক #yqbaba #yqbandhoi #yqassamese #Assamese #assamesequote #assamesewriters #assamesepoetry

0 Love

95ff3a716c05c6455c78c48854d433ae

A Lone

একলম্, 
তোমাৰ নামত...
মোৰ, জীয়া তেজেৰে লিখিম...
ৰঙীন ঝংকাৰ তুলা,
নীলপ্ৰিয়া, তোমাৰ মৌনতা বোৰক...

যদিও নিষিদ্ধ মই, তোমাৰ...
সম্ভ্ৰান্ত চহৰত...!
তথাপিও, নীলা বোৰে,
উপচাই সানি দিম, তোমাৰ...
নিহাৰিকা বুকুৰ, অসীম বোৰত...!

তোমাৰ কলমৰ, ইপাৰৰ,
আকাশ খনতে, মই থাকিম...
আৰু সিপাৰৰ,
সাগৰ খনতে, নীলা বোৰক ৰাখিম...
ব্যাকুলতাৰে...
 একলম্, তোমাৰ নামত...💙




#assamesepoetry #assamesequote #assamese #assamesewriters #blue #love #অসমীয়াকবিতা #অসমীয়া

একলম্, তোমাৰ নামত...💙 #assamesepoetry #assamesequote #Assamese #assamesewriters #blue love #অসমীয়াকবিতা #অসমীয়া

0 Love

95ff3a716c05c6455c78c48854d433ae

A Lone

তেজৰ চেকা

জনাটো নাছিলো !
তোমাৰ, ধাৰাল কলমৰ কথা,
এই যে, মোৰ বুকুখন চিৰাচিৰ কৰিব বুলি ।
এইয়াই চাগে, তোমাৰ প্ৰিয় আছিল,
তেজৰ চেকা...!

আঁচলে ঢাকি ৰখা, 
তোমাৰ বুকুতে সহস্ৰ গোচৰ সাৰে আছে...।
নিশ্চয়ে শুনিছো মই ।
কিন্তু আজি,
জটিল ৰাগিৰ,
ভীষণ ব্যস্ত মানুহ মই ! তেজৰ চেকা...💙🌸






#assamesepoetry #assamesequote #assamesewriters #assamese #writer #অসমীয়াকবিতা #অসমীয়া #poem

তেজৰ চেকা...💙🌸 #assamesepoetry #assamesequote #assamesewriters #Assamese #writer #অসমীয়াকবিতা #অসমীয়া #poem

0 Love

16e519cac028940cccd9cf2cbc58172a

R...🍁

এই যে মনটোত কঢ়িয়াই ফুৰা হাহাকাৰবোৰ উজাৰি দিয়াতকৈ নিজৰ কৰি ৰাখি ভাল লাগে...
ইয়াতেই আৰম্ভ হয় ডাঙৰ হোৱাৰ আখৰা....।
 #yqbaba #yqbandhoi #assamese #assamesequote #assamesewriters
16e519cac028940cccd9cf2cbc58172a

R...🍁

নোপোৱাৰ ভৰত হুমুনিয়াহ কাঢ়োতে হাতৰ সুখবোৰো ক'ৰবাত মৰিচিকা হৈ পৰে। 
    প্ৰতিটো পুৱাই আৰম্ভ হয় মৃত শৰীৰ এটাক কঢ়িয়াই ফুৰাৰ হাঁ‌হিমুখীয়া যাত্ৰা....
  #yqbaba #yqbandhoi #assamese #assamesequote #assamesewriters
16e519cac028940cccd9cf2cbc58172a

R...🍁

আপুনি আন্ধাৰ দেখি লগ এৰি যোৱা
 ছাঁ‌ হ'ব নালাগে...
হ'ব বিচাৰে যদি,
গীটাৰৰ তাঁ‌ৰকেইডাল হওঁ‌ক,
যি আঁ‌তৰি থাকিলেও একেলগে কঁ‌পে....!! #yqbaba #yqbandhoi #assamesewriters #assamesequote #assamese
95ff3a716c05c6455c78c48854d433ae

A Lone

তোমাৰ কথা...?
তোমাৰ কথানো কি ক'ম...
মোৰ, কঙালী উদং সাহিত্যত,
কেনেকৈনো বিচাৰি উলিয়াওঁ, শব্দবোৰ...
তোমাৰ, কথা কোৱা...

তুমি জানা নে...?
প্ৰকৃতিৰ, এক বিৰল,
ধুনীয়া আৱিষ্কাৰ, তুমি...
তোমাৰ নামৰ উচ্চাৰণত, যেন সাৰ পাই উঠে...
শূন্যবোৰত, অজস্ৰ প্রতিধ্বনি...
জানা, তোমাক যে...

বেলি, লহিয়াবৰে হ'ল...
যাওঁ ব'লা...!
 তুমি জানা নে...? 💙🌸





#assamesepoetry #assamesequote #assamesewriters #assamese #kobita #nature #অসমীয়াকবিতা #অসমীয়া

তুমি জানা নে...? 💙🌸 #assamesepoetry #assamesequote #assamesewriters #Assamese #Kobita #Nature #অসমীয়াকবিতা #অসমীয়া

0 Love

86151741cacb386a5a17b85abd3fa343

B__Maina__Bora✍

সুখৰ নামত
   উদযাপন কৰা 
   এইয়া এপিয়লা 
     ফটিকা মোৰ 
      নিচা হৈছে  অ" মোৰ 
     সপোন বোৰ  চোন কিবা 
       দুচকুত ধূৱলি কুঁৱলী 
       মনিব নোৱাৰা হৈছোঁ..? #assamese_poem 
#Assamese_poetry
#love_and_following_me
loader
Home
Explore
Events
Notification
Profile