Nojoto: Largest Storytelling Platform

Best হৃদয়ৰ Shayari, Status, Quotes, Stories

Find the Best হৃদয়ৰ Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about

  • 8 Followers
  • 8 Stories

sangita

#হৃদয়ৰ বিথানি ক্ৰমে মইজনী নিস্বানৰ প্ৰেমত আপুনি স্বপ্নৰ প্ৰেমত আৰু এই ডুখৰীয়া কাহিনী সামৰণিৰ শ্ল'গানত।।

read more
  হৃদয়ৰ বিথানি 
🔸🔸🔹🔹🔸🔸🔹🔹
ক্ৰমে শৰ্বৰীৰ প্ৰগাঢ়তাত অহ্নৰ অন্ত আৰু 
নূৰৰ একচ্ছত্ৰী বিপোষ সদ্য তিমিৰৰ কবলত..! 

সমান্তৰালকৈ, 

নিশাৰ তত্তোপোচত অনুভৱৰ গুণগুণনি 
আৰু অনুভৱৰ কণ্ঠস্বৰত আপোনাৰ অত্যাচাৰৰ ৰাউচি...।

শুনচোন জোনাকী ,এইয়াই মোৰ বিষাদৰ বিননি,
তই আক' মোক বিষাদসিক্ত বুলি ইতিকিং নকৰিবি।
এসময়ত আমাৰো আছিল .............,
প্ৰেমৰ আবিৰ জীৱনত বোলাই দিয়াৰ স্বপ্ন। 
প্ৰেম কাননৰ দ্বিৰেফ হৈ স্নেহৰ পাপৰিক চুমি থকাৰ কল্প।।


আজি চাচোন অনুভৱবোৰ বিনদত প্ৰাণ পাইছে
 আৰু প্ৰেমবোৰ গল্পত। 
 
সময়ৰ চেকা ভালকৈয়ে লাগিল, 
এতিয়া ক্ৰমে মইজনী প্ৰোদঘোষণৰ প্ৰেমত,
আপুনি নিজ স্বপ্নৰ প্ৰেমত
আৰু এই সম্পৰ্ক বিচ্ছেদৰ কৰাল গ্ৰাসত।। 
 #হৃদয়ৰ বিথানি 


ক্ৰমে মইজনী নিস্বানৰ প্ৰেমত
আপুনি স্বপ্নৰ প্ৰেমত আৰু 
এই ডুখৰীয়া কাহিনী সামৰণিৰ শ্ল'গানত।।

Saikia Ritumoni

##হৃদয়ৰ নষ্টালজিয়াত স্মৃতিৰ প্ৰেম

ক'ৰ পৰা আৰম্ভ কৰোঁ মোৰ
প্ৰথম আৰু এতিয়াৰ সেই পুৰণি প্ৰেমৰ কথা?
এতিয়া তুমি মোৰ কাষত নাই;
আছে মাথোঁ আমাৰ সুমধুৰ স্মৃতি।


পাহৰি যাম বুলি ক'লেই 
জানো পাৰি পাহৰিব সকলো।
কিহৰ অভাৱ আছিল আমাৰ প্ৰেমত
মৰম?
বিশ্বাস?
নে সময়ৰ?

হয়তো আমি এজনে আনজনৰ
ওচৰত সীমাবদ্ধ হ'ব বিচৰা নাছিলোঁ ,
এয়াই আমাৰ বিচ্ছেদৰ কাৰণ।

এদিন তুমি এটি ৰঙা গোলাপৰ 
কলিটি হৈ প্ৰেমৰ সুবাসেৰে 
মোৰ হৃদয় ওপচাই দিছিলা।
তোমাৰ প্ৰেমত মাতাল হৈ এদিন 
মই নিজক পাহৰি গৈছিলোঁ।
মোক বোৱাই দিছিলা তোমাৰ
 প্ৰেমৰ সুধাৰে...।

আৰু আজি....?
তুমি তোমাৰ বাটে,
মই মোৰ বাটে.....।

মোৰ শূণ‍্যতাৰে ভৰা হৃদয়খনত
তুমিয়েই বাৰে বাৰে আঘাত দিছা।
আজি তুমি ইমান মোক প্ৰতাৰণা, প্ৰত‍্যাখ‍্যান 
আৰু প্ৰেমেৰে কন্দুৱাইছা।
সময় আহিব,
এদিন তুমিও কান্দিবা...।


বিশ্বাস কৰা মোৰ হৃদয়ৰ 
নিভাঁজকোণত এক বিশেষ স্থান আছে ,
তোমাৰ বাবে....।

তুমিয়েই মোৰ সেই পুৰণি প্ৰেমিকজন,
তুমিয়েই মোৰ প্ৰেম...।
                                      Maina🌼 #leftalone

Ashima

#হৃদয়ৰ ভাষা

read more

Rikshikha kashyap

#হৃদয়ৰ ভাষাৰে বাস্তৱতো প্ৰেম হয়::

    কাৰোবাক ভাল পোৱা মানেই তেওক সম্পুৰ্ন নিজৰ কৰা নহয়...এটা সম্পৰ্ক মানেই ভালপোৱা নহয়..স্বাৰ্থবিহীন হৈ ও কাৰোবাক ভাল পাব পাৰি..যাৰ সুকীয়া মাদকতা আছে....চকুৰেও কথা পতা হৈ যায়..দুয়োজনে হয়তো জানে তথাপিও অপ্ৰকাশ্য হৈ ৰয় কথাবোৰ...সপোন-দিথকৰ জোলোঙাখনত বান্ধি থোৱা বহুকো হৃদয়ৰ ভাষা অনুভৱ কৰিয়ে ভাল লাগে..প্ৰেম আৰু ভাল লগাৰ মাজৰ পৰা যিদিনাই ভালপোৱা কি উলিয়াব পৰা যায়..সিদিনাই প্ৰকৃতাৰ্থত সম্পৰ্কবিহীন ভাৱেই কাৰোবাক ভাল পাবলৈ আৰু তেওৰ ভাল ভাবিবলৈ শিকায়..সেয়াই প্ৰকৃত প্ৰেম... সজীৱ যেন লাগে সকলো...হিয়া উজাৰি দিয়া ভালপোৱাবোৰ লগত বিলীন হ'ব মন যায়..তাৰ মাজত যে হেৰুওৱাৰ ভয় নামৰ শব্দটো থাকে..

তাৰ পৰাই প্ৰেম কাহিনীৰ ইতি পৰে..কিন্তু এটি আশা থাকে যে তেও কিজানি মোক ভাল পায়!! #assamese #love

✍মিছেচ কথাচহকী❤

#OpenPoetry

read more
#OpenPoetry ॥ৰুগ্ন মোৰ হৃদয়॥
শৰৎৰ স্নিগ্ধ সুবাসত
ক্লান্ত হৈ পৰে,
প্ৰতিটো নিশা
আৰু বাঢ়ি যায়..
মোৰ হৃদয়ৰ ৰুগ্নতা।
হেৰাই যায় অতীত
সীমাহীন আন্ধাৰৰ বোকোচাত..
বন্ধ কোথাত মোৰ 
ৰুগ্ন হৃদয়ৰ আৰ্তনাদ 
মাথো পুৱাই 
মুকলি কৰি যায় 
সকলোবোৰ.....। #OpenPoetry

koushik Rajkhowa

#story

read more
হয়তো এদিন
আহিব পুনৰ 
মোৰ হৃদয়ৰ মাজলৈ 
নামনিৰ কণমানি 
জোনাকি জনি ।
আহিব তেওঁ 
মোৰ হৃদয়ৰ মাজলৈ 
সুখৰ জেউতি বিয়পাবলৈ,
তাকে দেখি জোনাকি জনী আহিব 
ঘন কুঁৱলি ফালি 
হালধীয়া সাজেৰে !!

Angarika Borah

#AssamesePoem

read more
তোমাৰ ৰূপৰ সৌন্দৰ্য্যত ভালপোৱাৰ ঐনিতম গোৱা
আৰু সঁচা প্ৰেমৰ দাবী জনোৱা..
ভালপোৱা জানো এনেকুৱা?
তোমাৰ আপোনজনৰ কথাই দুখৰ বোকোচাত সুখৰ প্ৰলেপ সানি এধানি নিজঞ্জাল হাঁহিয়ে যদি ওঁঠত বিৰিঙাব নোৱাৰে
ভালপোৱা জানো এনেকুৱা?
মই ভালপোৱাৰ বিশ্লেষণ বিচাৰি ঘূৰ্মুটিয়াই ফুৰো
উজুটি খাও,পুনৰ উঠো..
কোনোৱে কয়, ভালপোৱাত এপাহি গোলাপ ফুলে বুকুত
মই প্ৰশ্ন কৰো,পাহিবোৰ যদি মৰহি যায়,
সেয়া জানো ভালপোৱা?
মোৰ বিশ্বাস,ভালপোৱাত হৃদয়ৰ সেউজীয়াখিনি ৰঙীণ হয়,
ৰৌদ্ৰস্নাত আকাশৰ নীলাবোৰ সজীৱ হয়
আৰু ভালপোৱাবোৰ হৃদয়ৰ পৰা হৃদয়লে
আটি আটি বন্ধা অনুভূতি হয়...
--আংগাৰিকা #assamesepoem

Angarika Borah

read more
প্ৰতি,
মোৰ হৃদয় পিৰালিত আলোড়ণ তোলা ভালপোৱাৰ অনুৰণ...
কলমৰ বিস্ফোৰণত ভাল-বেয়াৰ স্ফটিক উৰুৱাই তোমাৰ খবৰ সোধাৰ প্ৰয়োজনবোধ মই নকৰো..মোৰ বিশ্বাস, মই উশাহেৰে বন্ধা প্ৰাচীৰৰ মাজত কুশলে আছা তুমি মোৰ ভালপোৱাৰ গৰ্বৰে গৰ্বিত হৈ..
প্ৰতিদিনেই মোৰ আবেগ অনুভূতিৰ বিন্দুৱে বিন্দুৱে এৰি আহিছো মই তোমাৰ প্ৰেমৰ আশ্বাসবোৰ..অভিমানৰ শত সহস্ৰ ঢৌৱে হৃদয়ৰ দুৱাৰদলিত খুন্দিয়াই থাকে,কিন্ত হৃদয়ৰ দুৱাৰখন সদায়ৰ বাবে বন্ধকত সপি দিলো মই তোমাৰ নামত...
কেতিয়াবা মন যায় তোমাৰ ব্যস্ততাৰ অভ্ৰ ফালি তোমাৰ চহৰত বৰ্ষা হ'বলৈ,তেতিয়াটো তুমি আনে দেখাকৈ মোৰ প্ৰেমত পৰিবই লাগিব..
আকৌ কেতিয়াবা মন যায়,তোমাৰ হাঁহিবোৰৰ নিচাত মাতাল হৈ তোমাৰ নামত হাজাৰটা কবিতা লিখিবলৈ,তেতিয়াটো তুমি মোক তোমাৰ বলীয়া প্ৰেমিকা বুলি স্বীকৃতি দিবই লাগিব... #NojotoQuote


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile