Nojoto: Largest Storytelling Platform

মানৱতাৰ জয়গান যদি মানুহৰ পৰিচয় হয় হিন্দু-মুচলম

মানৱতাৰ জয়গান

যদি মানুহৰ পৰিচয় হয় 
হিন্দু-মুচলমান,
তেনেহ'লে গাব কোনে আজি
মানৱতাৰ জয়গান?
যদি জ্বলে মন্দিৰ এফালে
আনফালে মচজিদ,
তেন্তে কেনেকৈ কৰিব পূজা 
কেনেকৈ হ'ব ঈদ?
যদি খিচিৰি হিন্দুয়ে খায় 
মুচলমানে বিৰিয়ানী,
কোন ক'ব একেলগে যে 
আমি হিন্দুস্তানী?
নাৰিকল যদি কিনে হিন্দুয়ে 
মুচলমানে খেজুৰ,
তেন্তে দেশৰ পৰা ভেদভাৱ
কেনেকৈ হ'ব দূৰ?
ৰাষ্ট্ৰীয় সংগীত কোনে গাব 
দেশ হৈ যাব অচল,
যদি ভজন হয় হিন্দুৰ আৰু
মুচলমানৰ গজল।
যদি হিন্দুৰ ভাষা সংস্কৃত হয় 
মুচলমানৰ আৰবী, 
দেশৰ ঐক্য-সংহতিৰ এয়া হ'ব
কেনেকুৱা ছবি?
একেটা বস্তুকে পানী বুলি কয়
কোনোবাই কয় জল,
বেয়া কৰ্মৰ বাবে পাব সকলোৱে
একে পাপৰ ফল।
✍️ফাৰহানা হুচেইন

©Farhana
  মানৱতাৰ জয়গান #AssamesePoem#Assamese#religion#unity#dharma#kobita#AssameseKobita#poem

#MessageToTheWorld
মানৱতাৰ জয়গান

যদি মানুহৰ পৰিচয় হয় 
হিন্দু-মুচলমান,
তেনেহ'লে গাব কোনে আজি
মানৱতাৰ জয়গান?
যদি জ্বলে মন্দিৰ এফালে
আনফালে মচজিদ,
তেন্তে কেনেকৈ কৰিব পূজা 
কেনেকৈ হ'ব ঈদ?
যদি খিচিৰি হিন্দুয়ে খায় 
মুচলমানে বিৰিয়ানী,
কোন ক'ব একেলগে যে 
আমি হিন্দুস্তানী?
নাৰিকল যদি কিনে হিন্দুয়ে 
মুচলমানে খেজুৰ,
তেন্তে দেশৰ পৰা ভেদভাৱ
কেনেকৈ হ'ব দূৰ?
ৰাষ্ট্ৰীয় সংগীত কোনে গাব 
দেশ হৈ যাব অচল,
যদি ভজন হয় হিন্দুৰ আৰু
মুচলমানৰ গজল।
যদি হিন্দুৰ ভাষা সংস্কৃত হয় 
মুচলমানৰ আৰবী, 
দেশৰ ঐক্য-সংহতিৰ এয়া হ'ব
কেনেকুৱা ছবি?
একেটা বস্তুকে পানী বুলি কয়
কোনোবাই কয় জল,
বেয়া কৰ্মৰ বাবে পাব সকলোৱে
একে পাপৰ ফল।
✍️ফাৰহানা হুচেইন

©Farhana
  মানৱতাৰ জয়গান #AssamesePoem#Assamese#religion#unity#dharma#kobita#AssameseKobita#poem

#MessageToTheWorld
farhana4167

Farhana

Bronze Star
New Creator