চঞ্চল উন্মাদ নহবি সমাজে কি বুলি কব? লাজৰ ওৰণিখন আৰি ল নহলে সকলোৱে নিলাজ বুলি কব। ধেৎ! কপোৰযোৰ সলাই ল নহলে সকলোৱে ঘূৰি ঘূৰি চাব। ছোৱালী হয় নম্ৰ হ নহলে কেনেকে হ'ব? বেছিখুলি নাহাহিবি মানুহে চেলেপু বুলি কব। বেছি ল'ৰাৰ লগত কথা নাপাতিবি মানুহে দেখিলে বেয়া নাম হ'ব। তই বগা চাদৰ, বাচি চলিবি এটা দাগতে তোৰ জীৱন চুৱা হয় যাব। ৰাতি দেৰিলৈ ঘৰৰ বাহিৰত নাথাকিবি ছোৱালী হয় বেয়া দেখা যাব। সহ্য কৰি ল ,তইয়ে সম্পৰ্ক বছাব লাগিব। প্ৰতাৰনা,তিৰস্কাৰবোৰ সহি ল এদিন সকলো থিক হয় যাব। হাবিয়াসবোৰ সামৰি ল কাৰণ তই এই কুৎসিত সমাজৰ যে জী। আশা উদ্দিপনাবোৰ মচি পেলা, কাৰণ তোৰ আবেগবোৰ যে এই পূৰুষ কেন্দ্ৰীক সমাজৰ মদাৰ পাঁহী। #girlslife #tragedyofevergirl #bittertruthofgirls #restrictionofgirls