Nojoto: Largest Storytelling Platform

"এটা কবিতাৰ মৃত্যু" _________________ এটা কবিতাৰ

"এটা কবিতাৰ মৃত্যু"
_________________

এটা কবিতাৰ মৃত্যু হ'ল

দূৰন্ত গতিত আগবাঢ়ি যোৱা
এটা কবিতা
জীয়া অনুভূতিৰ 
উত্থান পতনৰ সাক্ষী
এটা কবিতা
সুপ্ত বেদনাৰ জাগ্ৰত প্ৰকাশ
এটা কবিতা
ধ্বংসকামিৰ নগ্ন প্ৰতিবিম্ব
এটা কবিতা 

এটা কবিতাৰ মৃত্যু হ'ল।

এতিয়া সিহঁতে উল্লাস কৰিছে
উথলি উঠিছে 
সিহঁতৰ বুকুত কুটিল শিহৰণ
মুখাৰ আৰৰ মুখবোৰ 
বেপেৰোৱা ভংগিমাত
বৰকৈ উজলি উঠিছে
আৰু দাম্ভিক খোজেৰে
আগবাঢ়িছে..
সাৱটিব ৰুগ্ন ভৱিষ্যত 

সিহঁত বিজয়ী হ'ল

এটা কবিতাৰ মৃত্যু হ'ল।

        ***********

  #সীমান্ত মিশ্ৰ এটা কবিতাৰ মৃত্যু
"এটা কবিতাৰ মৃত্যু"
_________________

এটা কবিতাৰ মৃত্যু হ'ল

দূৰন্ত গতিত আগবাঢ়ি যোৱা
এটা কবিতা
জীয়া অনুভূতিৰ 
উত্থান পতনৰ সাক্ষী
এটা কবিতা
সুপ্ত বেদনাৰ জাগ্ৰত প্ৰকাশ
এটা কবিতা
ধ্বংসকামিৰ নগ্ন প্ৰতিবিম্ব
এটা কবিতা 

এটা কবিতাৰ মৃত্যু হ'ল।

এতিয়া সিহঁতে উল্লাস কৰিছে
উথলি উঠিছে 
সিহঁতৰ বুকুত কুটিল শিহৰণ
মুখাৰ আৰৰ মুখবোৰ 
বেপেৰোৱা ভংগিমাত
বৰকৈ উজলি উঠিছে
আৰু দাম্ভিক খোজেৰে
আগবাঢ়িছে..
সাৱটিব ৰুগ্ন ভৱিষ্যত 

সিহঁত বিজয়ী হ'ল

এটা কবিতাৰ মৃত্যু হ'ল।

        ***********

  #সীমান্ত মিশ্ৰ এটা কবিতাৰ মৃত্যু
gyanamdhyanam4152

Simanta

New Creator