Nojoto: Largest Storytelling Platform

তুমি জোন অ' তুমিয়ে জোন কিজানি সেইহে ইমান দূৰত থা


তুমি জোন

অ' তুমিয়ে জোন কিজানি
সেইহে ইমান দূৰত থাকিও আজি
মোক আপোন যেন বোধ কৰাই
হৈ ৰৈছা মোৰ জীৱনৰ স্বৰ।

অ' তুমিয়ে জোন কিজানি
সেইহে তোমাৰ কাহিনী বোৰ মই
প্ৰতি নিশা জোন ৰ লগত
উজাগৰে থাকি, আলোচনা কৰোঁ।

অ' তুমিয়ে জোন কিজানি
সেইহে প্ৰতি নিশা তুমি
নিজৰ ৰূপ সলনি কৰি
ব্যাকুল কৰাহি মোক।

অ' তুমিয়ে জোন কিজানি
সেইহে মেঘালী আকাশ নেউচি
প্ৰতি নিশা জিলিকা তুমি ডাৱৰৰ মাজেদি
মোৰ জোন'ৰ দৰে।
 #জোন #moon #loveforthemoon #moonlover

তুমি জোন

অ' তুমিয়ে জোন কিজানি
সেইহে ইমান দূৰত থাকিও আজি
মোক আপোন যেন বোধ কৰাই
হৈ ৰৈছা মোৰ জীৱনৰ স্বৰ।

অ' তুমিয়ে জোন কিজানি
সেইহে তোমাৰ কাহিনী বোৰ মই
প্ৰতি নিশা জোন ৰ লগত
উজাগৰে থাকি, আলোচনা কৰোঁ।

অ' তুমিয়ে জোন কিজানি
সেইহে প্ৰতি নিশা তুমি
নিজৰ ৰূপ সলনি কৰি
ব্যাকুল কৰাহি মোক।

অ' তুমিয়ে জোন কিজানি
সেইহে মেঘালী আকাশ নেউচি
প্ৰতি নিশা জিলিকা তুমি ডাৱৰৰ মাজেদি
মোৰ জোন'ৰ দৰে।
 #জোন #moon #loveforthemoon #moonlover