Nojoto: Largest Storytelling Platform

হৃদয় বিদাৰক‌ এক এলেজী‌ মোৰ শিশিৰৰ‌ বিশুদ্ধতা, নে

হৃদয় বিদাৰক‌ এক এলেজী‌ মোৰ

শিশিৰৰ‌ বিশুদ্ধতা, নে অশ্রুৰ বিষণ্ণতা,
কুহেলিকৰ মায়া - ভ্ৰান্তি, নে 'জীৱশ্ৰেষ্ঠ' ৰ একক সৃষ্টি।

সাগৰ যেনে বৈ থাকিল, 
মুকুল তেনে ফুলি থাকিল।
আলাসৰ চায়া আজি গৰল হৈ মৰিল, 
স্মিতহাস্য আজি ক্লান্ত হৈ পৰিল।

' প্ৰসুন ' সাজিলো‌ যি কানন সজাবলৈ,
অতি গপত ভুল গ'ল ইয়াৰ সুষমা আজি,
কেনেকৈ উপেক্ষা কৰোঁ এই শীৰ্ণ প্ৰাণীৰ আৰ্তনাদ!

সোণৰ কাঁহী, কাঁহৰ বাতি, আনন্দৰ ভোগী‌‌ হেৰ'‌ 'নৰ'
অভাৱৰ মোহত বুৰ নেজাবি, নলবি লোভৰ ঘৰ।

হালিলুইয়া! হালিলুইয়া!
 ক্লান্ত প্ৰকৃতি মই, আজি তোমাৰ
শক্তি - পৰিধিৰ আভাস ‌বিচাৰোঁ!

- চয়নিকা দাস Assamese Poem by Sayanika Das #nature #story #poem #sadness #melancholy