Nojoto: Largest Storytelling Platform

মৰমৰ পিয়ুষ জোনাকৰ উজাগৰী নিশা তিৰবিৰাই থকা তৰাৰ প

মৰমৰ পিয়ুষ
জোনাকৰ উজাগৰী নিশা তিৰবিৰাই থকা 
তৰাৰ পোহৰত তোমালৈ বুলি একলম ।
হিয়াৰ নিভাঁজ কোণত সংগোপনে ৰাখিছোঁ তোমাক, 
হয়তো তুমি নাজানা 
মোৰ খং আৰু অভিমান বোৰ আঁতৰাবলৈ 
তোমাৰ নামটোৱে যথেষ্ট ,
ফাগুনৰ ৰিব ৰিব মলয়া বতাহ জাকে 
তুমিহীনতাক বৰকৈ মনত পেলাই।
তোমাৰ বাৰু মোলে মনত পৰেনে।
কি কৰিবা অবুজন মন, তোমাৰ প্ৰেমত মগন, 
সেয়েহে ভাবিলোঁ কেনে আছা খবৰ এটাকে লওঁ ।
ভালে আছা নহয়।
তোমাৰ প্ৰেমৰ ভিক্ষাৰ ,
উদমদ পক্ষী হৈ উৰি যাবৰ মন তোমাৰ কাষলৈ।
তুমি সদায় তুমি হৈয়ে থাকিবা, 
কথা দিয়া তুমি কেতিয়াও
 মোৰ হিয়া উদং কৰি নাযাওঁ বুলি।
কথা এটা কওঁ,
মোৰ মন-মগজুত নিগাজীকৈ ঠাই ললা তুমি,
তুমি কেৱল মোৰ ,
আলফুলিয়া হেঁপাহবোৰক সযতনে ৰাখিবা,
তোমাৰ লগত কটোৱা
 প্ৰতি পল অনুপল মোৰ বাবে চিৰ স্মৰণীয় ।
সঁচা কথা কওঁ, 
মই তোমাক বহুত ভাল পাওঁ ,
জীৱনৰ সুখ -দুখ প্ৰতিটো ক্ষণতে 
তোমাৰ লগৰী হব বিচাৰো।
তোমাৰ সকলো সপোন পূৰণ কৰিব বিচাৰো, 
তুমিয়াটো মোৰ সকলো ।
হব আজিলে ইমানতে এৰিলোঁ ,
তোমাৰ জীৱন সাঁতোৰঙী ৰামধেনুৰ দৰে ৰঙীন হৈ পৰক ।
প্ৰেমে নিবিচাৰে কোনো জাতি কুল, 
উচ্চ-নিচ ।
প্ৰেমে বিচাৰে মাথোঁ প্ৰেমৰ ঠিকনা।


ইতি
তোমাৰ প্ৰেমিক ৰিয়া। #JNUBleeding
মৰমৰ পিয়ুষ
জোনাকৰ উজাগৰী নিশা তিৰবিৰাই থকা 
তৰাৰ পোহৰত তোমালৈ বুলি একলম ।
হিয়াৰ নিভাঁজ কোণত সংগোপনে ৰাখিছোঁ তোমাক, 
হয়তো তুমি নাজানা 
মোৰ খং আৰু অভিমান বোৰ আঁতৰাবলৈ 
তোমাৰ নামটোৱে যথেষ্ট ,
ফাগুনৰ ৰিব ৰিব মলয়া বতাহ জাকে 
তুমিহীনতাক বৰকৈ মনত পেলাই।
তোমাৰ বাৰু মোলে মনত পৰেনে।
কি কৰিবা অবুজন মন, তোমাৰ প্ৰেমত মগন, 
সেয়েহে ভাবিলোঁ কেনে আছা খবৰ এটাকে লওঁ ।
ভালে আছা নহয়।
তোমাৰ প্ৰেমৰ ভিক্ষাৰ ,
উদমদ পক্ষী হৈ উৰি যাবৰ মন তোমাৰ কাষলৈ।
তুমি সদায় তুমি হৈয়ে থাকিবা, 
কথা দিয়া তুমি কেতিয়াও
 মোৰ হিয়া উদং কৰি নাযাওঁ বুলি।
কথা এটা কওঁ,
মোৰ মন-মগজুত নিগাজীকৈ ঠাই ললা তুমি,
তুমি কেৱল মোৰ ,
আলফুলিয়া হেঁপাহবোৰক সযতনে ৰাখিবা,
তোমাৰ লগত কটোৱা
 প্ৰতি পল অনুপল মোৰ বাবে চিৰ স্মৰণীয় ।
সঁচা কথা কওঁ, 
মই তোমাক বহুত ভাল পাওঁ ,
জীৱনৰ সুখ -দুখ প্ৰতিটো ক্ষণতে 
তোমাৰ লগৰী হব বিচাৰো।
তোমাৰ সকলো সপোন পূৰণ কৰিব বিচাৰো, 
তুমিয়াটো মোৰ সকলো ।
হব আজিলে ইমানতে এৰিলোঁ ,
তোমাৰ জীৱন সাঁতোৰঙী ৰামধেনুৰ দৰে ৰঙীন হৈ পৰক ।
প্ৰেমে নিবিচাৰে কোনো জাতি কুল, 
উচ্চ-নিচ ।
প্ৰেমে বিচাৰে মাথোঁ প্ৰেমৰ ঠিকনা।


ইতি
তোমাৰ প্ৰেমিক ৰিয়া। #JNUBleeding
moyurigogoi3788

Moyuri Gogoi

New Creator