Nojoto: Largest Storytelling Platform

কিছুমান কথাই হিয়াত আমনি কৰিছে বহু কথা কাহিনীয়ে

কিছুমান কথাই হিয়াত 
আমনি কৰিছে 
বহু কথা কাহিনীয়ে 
চকুলোঁ হৈ আহি অশ্ৰুৰে 
নতুন স্মৃতিৰ ঘৰ সাজিচে

এটি দুটি কৰি  শিক্ষা পাই 
হিয়াই বৰ কৈ কান্দিছে 
শব্দহীন দৃশ্যহীন কষ্ট পোৱা  আৱেগ 
কাতৰ বিননীত হুক হুকাইছে 

আজি হেনো হিয়াই আকৌ থিৰ কৰিলে
জীৱন্ত মৰণ লৈ  বাট আছে যিমান 
এটা এটা আঘাত হিয়াত পুথি থব 
অকশৰীয়া  বাটলৈ সখী হৈ থাকিব 
জীৱন পথত যাতে  কাকো 
বিশ্বাস কৰিবলৈ মন কৰিলেও
পোনপ্ৰথমে বিশ্বাসৰ অমৃত পান নকৰিব
                          - মাৰ্জু ছিদ্দিকা

©___𝐬𝐢𝐥𝐞𝐧𝐭___𝐥𝐞𝐚𝐫𝐧𝐞𝐫____𝐦.𝐬
  #writting  sad poetry #story #letters #Life