Nojoto: Largest Storytelling Platform

The horrible day ॥আজি নিৰৱ সকলো॥ আজি দুয়ো নিৰৱ নি

The horrible day  ॥আজি নিৰৱ সকলো॥
আজি দুয়ো নিৰৱ
নিৰৱতাৰ মাজেৰে
গৈ আছো খোজকাঢ়ি,,
সৰি থকা শুকান
পাতবোৰৰ ওপৰেৰে।
শব্দ হৈছে মাথো
খমখমীয়া পাতবোৰৰ;
নিস্তব্ধতাৰ মাজেৰে
পাৰ হৈছে সময়।
না আছে তাত
শৰৎৰ শেৱালীৰ সুৱাস,
না আছে তাত
ৰিবৰিব মলয়া আৰু
নিয়ৰৰ কনাবোৰ
মাথো খমখমীয়া পাতবোৰে
নিস্তব্ধতা ভাঙি যায়। #Horrible
The horrible day  ॥আজি নিৰৱ সকলো॥
আজি দুয়ো নিৰৱ
নিৰৱতাৰ মাজেৰে
গৈ আছো খোজকাঢ়ি,,
সৰি থকা শুকান
পাতবোৰৰ ওপৰেৰে।
শব্দ হৈছে মাথো
খমখমীয়া পাতবোৰৰ;
নিস্তব্ধতাৰ মাজেৰে
পাৰ হৈছে সময়।
না আছে তাত
শৰৎৰ শেৱালীৰ সুৱাস,
না আছে তাত
ৰিবৰিব মলয়া আৰু
নিয়ৰৰ কনাবোৰ
মাথো খমখমীয়া পাতবোৰে
নিস্তব্ধতা ভাঙি যায়। #Horrible