Nojoto: Largest Storytelling Platform

অবুজ হৃদয় এই ল'ৰা সন্দেহ নকৰিবি মোক ফেচবুকৰ পাছৱৰ

অবুজ হৃদয়

এই ল'ৰা সন্দেহ নকৰিবি মোক
ফেচবুকৰ পাছৱৰ্ড নোখোজিবি মোৰ।
আৰে কি বুজিবি তই
তোৰ অনুপস্থিতিতো
তোলৈয়ে সাঁচি ৰাখিছো
মৰমবোৰ।।
ভাব নেকি তোক আঁৰত ৰাখি
মেছেঞ্জাৰত চুপটি মাৰি আছো.. !
ভাব নেকি লাহে লাহে 
ফোন নম্বৰ আদান প্ৰদান কৰি
হোৱাইটচএপট ফটো দি
ভিডিঅ কলিংত ঘন্টা জুৰি কথা পাতো?
নেভাবিবি ঐ ল'ৰা তেনেকৈ.....
দুখ পাওঁ মই।
আৰে কি বুজিবি তই
মোৰ এই অকৰা হৃদয়খনে
মাথোঁ তোৰ নামতেই
মগন হয় ৰয়।
এবাৰ মাথোঁ সন্দেহৰ
পোছাক যোৰ খুলি
মোৰ দুচকুলৈ চাবিচোন
এই আধুনিক দুনীয়াৰ মাজতো
এই আজলী মই জনীকেই পাবি
তেতিয়া আকৌ নাহাঁহিবি
ইমান আকৰী হ'ব নাপায় বুলি।।

✍️সোনমণি বৰহাজোৱাল sonmoni
অবুজ হৃদয়

এই ল'ৰা সন্দেহ নকৰিবি মোক
ফেচবুকৰ পাছৱৰ্ড নোখোজিবি মোৰ।
আৰে কি বুজিবি তই
তোৰ অনুপস্থিতিতো
তোলৈয়ে সাঁচি ৰাখিছো
মৰমবোৰ।।
ভাব নেকি তোক আঁৰত ৰাখি
মেছেঞ্জাৰত চুপটি মাৰি আছো.. !
ভাব নেকি লাহে লাহে 
ফোন নম্বৰ আদান প্ৰদান কৰি
হোৱাইটচএপট ফটো দি
ভিডিঅ কলিংত ঘন্টা জুৰি কথা পাতো?
নেভাবিবি ঐ ল'ৰা তেনেকৈ.....
দুখ পাওঁ মই।
আৰে কি বুজিবি তই
মোৰ এই অকৰা হৃদয়খনে
মাথোঁ তোৰ নামতেই
মগন হয় ৰয়।
এবাৰ মাথোঁ সন্দেহৰ
পোছাক যোৰ খুলি
মোৰ দুচকুলৈ চাবিচোন
এই আধুনিক দুনীয়াৰ মাজতো
এই আজলী মই জনীকেই পাবি
তেতিয়া আকৌ নাহাঁহিবি
ইমান আকৰী হ'ব নাপায় বুলি।।

✍️সোনমণি বৰহাজোৱাল sonmoni

sonmoni #Talk