Nojoto: Largest Storytelling Platform

*আকাংক্ষাৰ সোঁৱৰণ* ********************* তুমিবিহীন

*আকাংক্ষাৰ সোঁৱৰণ*
*********************
তুমিবিহীন শূন্যতাই আজি বাৰোকৈ আমনি কৰিছে;
নিঃসংগতাৰ সংগী হৈ আজি জীয়াই আছো মই, 
এতিয়া ক'লা মেঘবোৰেও দেখোন তুমি নহাৰ বাতৰিহে দিয়ে।
কলীয়া মেঘৰ টুপ টুপ বৰষুণত আজি মই তোমাৰ অনুভূতিৰ উম লব খুজিছো ;
বিষাদৰ দিনবোৰত এতিয়া তুমি দেখোন হাঁহি হৈ নোপজা হ'লা ,
*পাইও হেৰুৱাৰ বেদনা আৰু 
নাপাই পোৱাৰ হতাশাত ভুগা হয়তো পৃথক নহয়;
স্মৃতি এটোপোলা বুকুত বান্ধি জীয়াব পাৰিম নে নাই মই নাজানো, 
উদিত আকাশৰ বেলি হৈ নিশাৰ চন্দ্ৰ হব খোজো মই 
মাথোঁতুমি তৰা হৈ জিলিকি ৰ'বা। 
মনৰ স্বাভিমানক উজ্জ্বলাই তুলিবা মোৰ বুকুৰ মাজত আৰু 
মই তোমাৰ প্ৰেমৰ সাক্ষী হৈ ৰম,
চিৰযুগমীয়া কৰি তুলিম আমাৰ 
বান্ধোন ,তুমি মোৰ আৰু মই তোমাৰ হৈ;
নাজানো এইয়া মোৰ সপোন নে ভ্ৰম ,
তথাপি মই তোমাৰ সোঁৱৰণিকে লৈ জীয়াই থাকিম,
মৰিলেও তোমাৰ নামকে ধিয়াই শেষবাৰলৈ
 তুমি মই আমি হোৱাৰ সপোনটিক লৈ***
        ##স্বপ্নান্ধ ল'ৰাটো* imaginations 😅

avipriom5159

avi priom

New Creator