তুমি মোৰ এই জীৱনী গাবা মই ত

                      তুমি মোৰ এই জীৱনী গাবা

মই ত্যাগ কৰিম এই জীৱন যিদিনা
তুমি মোৰ এই জীৱনী গাবা,
মোৰ সকলো অনুত্তম শুনাই
মোৰ উত্তম খিনিও কেতিয়াবা কবা।

শুনাবা সকলোকে কিদৰে মই এদিনা
সাগৰ জয়ী কৰিব খুজিছিলো
কত বাৰ সাতুৰিব খুজি
নদীৰ আগৰ পৰাজয় স্বীকাৰ কৰিছিলো।

কোনো অভিমানীয়ে‌ বৰঞ্চ যদি প্ৰশ্ন কৰে,
মোৰ ঘৰ আৰু ভেঁটি পৰিচয় কৰাবা তেওঁক,
জনাবা তেওঁক মোৰ আৰম্ভণি আৰু
শুনাবা তেওঁক আহুকাল মোৰ।

মোৰ দোষ বোৰক নেদেখা ভাও নুজুৰি
কোনোবাই সুধিলে বহলাই ক'বা,
মই কেনে এক নিৰুদ্যম আছিলোঁ
মিথ্যাচাৰৰ গল্প মোৰ কিছু আগুৱাই দিবা।

জনাবা, কি দৰে মই প্ৰয়োজনীয়তাৰ সময়ত, 
অপ্ৰয়োজনীয় হৈ পৰিলোঁ আৰু 
কি দৰে প্ৰতিশ্ৰুতি দি , কথাও ৰাখিব নোৱাৰিলো।
প্ৰত্যাঘাত সকলো পূৰণ কৰি, প্ৰেমক হে বিফল ৰাখিলোঁ।

জনাই দিবা সকলোকে
মই আত্মগ্ৰাহী নিঃসন্দেহ আছিলোঁ,
জীৱনৰ প্ৰত্যেক স্থলত মই
একাকি হৈ থিয় দিছিলোঁ।

মোৰ সকলো অনুত্তম শুনাই
মোৰ উত্তম খিনিও কেতিয়াবা কবা।
মই ত্যাগ কৰিম এই জীৱন যিদিনা
তুমি মোৰ এই জীৱনী গাবা।
 #তুমি_মোৰ_জীৱনী_গাবা
#assamesepoetry #অসমীয়াকবিতা 
#অসমীয়া
                      তুমি মোৰ এই জীৱনী গাবা

মই ত্যাগ কৰিম এই জীৱন যিদিনা
তুমি মোৰ এই জীৱনী গাবা,
মোৰ সকলো অনুত্তম শুনাই
মোৰ উত্তম খিনিও কেতিয়াবা কবা।

শুনাবা সকলোকে কিদৰে মই এদিনা
সাগৰ জয়ী কৰিব খুজিছিলো
কত বাৰ সাতুৰিব খুজি
নদীৰ আগৰ পৰাজয় স্বীকাৰ কৰিছিলো।

কোনো অভিমানীয়ে‌ বৰঞ্চ যদি প্ৰশ্ন কৰে,
মোৰ ঘৰ আৰু ভেঁটি পৰিচয় কৰাবা তেওঁক,
জনাবা তেওঁক মোৰ আৰম্ভণি আৰু
শুনাবা তেওঁক আহুকাল মোৰ।

মোৰ দোষ বোৰক নেদেখা ভাও নুজুৰি
কোনোবাই সুধিলে বহলাই ক'বা,
মই কেনে এক নিৰুদ্যম আছিলোঁ
মিথ্যাচাৰৰ গল্প মোৰ কিছু আগুৱাই দিবা।

জনাবা, কি দৰে মই প্ৰয়োজনীয়তাৰ সময়ত, 
অপ্ৰয়োজনীয় হৈ পৰিলোঁ আৰু 
কি দৰে প্ৰতিশ্ৰুতি দি , কথাও ৰাখিব নোৱাৰিলো।
প্ৰত্যাঘাত সকলো পূৰণ কৰি, প্ৰেমক হে বিফল ৰাখিলোঁ।

জনাই দিবা সকলোকে
মই আত্মগ্ৰাহী নিঃসন্দেহ আছিলোঁ,
জীৱনৰ প্ৰত্যেক স্থলত মই
একাকি হৈ থিয় দিছিলোঁ।

মোৰ সকলো অনুত্তম শুনাই
মোৰ উত্তম খিনিও কেতিয়াবা কবা।
মই ত্যাগ কৰিম এই জীৱন যিদিনা
তুমি মোৰ এই জীৱনী গাবা।
 #তুমি_মোৰ_জীৱনী_গাবা
#assamesepoetry #অসমীয়াকবিতা 
#অসমীয়া