আধৰুৱা কবিতা অপৰিসীম আশা বুকুত বান্ধি আৰম্ভ কৰিছিলো, দুই এক শব্দৰে গাঁথনি দি সুৰ হোৱা এটি প্ৰেমৰ কবিতা কিন্তু….. অপ্ৰেমৰ হিয়াৰ বাগিছাত নুফুলিল প্ৰেম নামৰ সুগন্ধি ফুল পাহি.... নিসংগতাৰ হুমুনিয়াহবোৰে লিখিবলৈ বাধ্য কৰিলে বিৰহৰ এটি হৃদয় বিদাৰক কবিতা, আশাবোৰ সকলো হৈ ৰ’ল আধৰুৱা এতিয়া কেৱল স্মৃতি হৈ ৰৈছে মোৰ সেই আধৰুৱা কবিতা…!! #আধৰুৱা_কবিতা