তোমাৰ সেই একো নাই বুলি কোৱা শব্দৰ সিপাৰে এখন আকাশ আছে অ' জোনাক, নীলাবোৰৰ সৈতে তোমাক ধুনীয়া বুলি ক'বলৈ মানুহ আছে , ভাগিম বুলি কৰা ভয়বোৰৰ আঁৰত কাৰোবাৰ আব্দাৰ লুকাই আছে, অৱশ হৈ পৰা ৰাতিবোৰত তোমাৰ নিসংগতাক চুই চাবলৈ শিতানত কোনোবা আপোনজন সদায় ৰৈ আছে । ঐ এবাৰলৈ শুনাছোন মোৰ হালধীয়া হাঁহিৰ আঁৰৰ মানুহজন, তোমাৰ প্ৰিয় নীলাবোৰত আজীৱন সোণাৰুবোৰ সিঁচি দিব নোৱাৰিনে? মোৰ প্ৰিয় বাৰিষাৰ প্ৰথমজাক বৰষুণত একেলগে টিটিব নোৱাৰিনে? মোৰ আমনিদায়ক কথাবোৰত আকৌ এবাৰ মিছা হাঁহি মাৰিব নোৱাৰিনে? নোৱাৰিনে প্ৰতিটো সন্ধিয়া তোমাৰ ভাগৰুৱা মনটোক মোৰ দুহাতত গুজি দিব! দিনটোৰ ব্যস্ততাবোৰ একাপ চাহৰ প্ৰথম চুমুকতেই উজাৰি দিব নোৱাৰিনে? বাৰু আজিলৈ থাকক দিয়া, সঁহাৰিৰ সিটো পাৰে ৰৈ আছে কোনোবা অচিনাকি বাধাটোৰ আগত। মাথোঁ তোমাৰ সঁহাৰিৰ সিটো পাৰে সকলো আছে নিজক বিচাৰি পোৱাকৈ......। এবাৰলৈ নোৱাৰিনে?? #তুমি তোমাৰ সেই একো নাই বুলি কোৱা শব্দৰ সিপাৰে এখন আকাশ আছে অ' জোনাক, নীলাবোৰৰ সৈতে তোমাক ধুনীয়া বুলি ক'বলৈ মানুহ আছে , ভাগিম বুলি কৰা ভয়বোৰৰ আঁৰত কাৰোবাৰ আব্দাৰ লুকাই আছে, অৱশ হৈ পৰা ৰাতিবোৰত তোমাৰ নিসংগতাক চুই চাবলৈ শিতানত কোনোবা আপোনজন সদায় ৰৈ আছে । ঐ এবাৰলৈ শুনাছোন মোৰ হালধীয়া হাঁহিৰ আঁৰৰ মানুহজন, তোমাৰ প্ৰিয় নীলাবোৰত আজীৱন সোণাৰুবোৰ সিঁচি দিব নোৱাৰিনে? মোৰ প্ৰিয় বাৰিষাৰ প্ৰথমজাক বৰষুণত একেলগে টিটিব নোৱাৰিনে? মোৰ আমনিদায়ক কথাবোৰত আকৌ এবাৰ মিছা হাঁহি মাৰিব নোৱাৰিনে? নোৱাৰিনে প্ৰতিটো সন্ধিয়া তোমাৰ ভাগৰুৱা মনটোক মোৰ দুহাতত গুজি দিব! দিনটোৰ ব্যস্ততাবোৰ একাপ চাহৰ প্ৰথম চুমুকতেই উজাৰি দিব নোৱাৰিনে? বাৰু আজিলৈ থাকক দিয়া, সঁহাৰিৰ সিটো পাৰে ৰৈ আছে কোনোবা অচিনাকি বাধাটোৰ আগত। মাথোঁ তোমাৰ সঁহাৰিৰ সিটো পাৰে সকলো আছে নিজক বিচাৰি পোৱাকৈ......। এবাৰলৈ নোৱাৰিনে?? : :