Nojoto: Largest Storytelling Platform

বিপ্লৱী ফাগুন সৰা পাতৰ উন্মাদনা আৰু নাই |

বিপ্লৱী ফাগুন  
     
 সৰা পাতৰ উন্মাদনা আৰু নাই |
ধূলিৰ ধুমুহাৰে তুমিময় স্বপ্নৰ গাঁথা লিখাৰ আহৰিও নাই |
হয়তো সময়বোৰ আৰু তোমাৰ নামত ৰৈ নাই |
নীলা,সেউজীয়া,হালধীয়া সকলো ৰঙৰ আজি মাথো এটাই নাম মৃগতৃষ্ণা |

তোমাৰ নামত কবিতা লিখা উতলা ফাগুনৰ তুমি তুমি লগা পচোঁৱাজাক নাই | 
সৰাপাতৰ ইতিহাসবোৰে আজিও ৰিঙিয়াই তোমাৰ নাম |
ধূলিলেটীয়া  বতাহৰ মিঠা সুহুৰি যেন আজি মাথো গগণফলা চিঞৰ |

 ফাগুন যেন এতিয়া মাথো মোৰ বাবে বিপ্লৱ |
 যাৰ একমাত্ৰ সংগ্ৰামী মাথো মই আৰু মোৰ ছাঁ |
এৰা, তোমাক পাহৰাৰ বিপ্লৱ  |
                                                     
                                                          ঋকশিখা কাশ্যপ #assamesepoem #phagun