Nojoto: Largest Storytelling Platform

এজনী ছোৱালী আছিল ------------ কলা T-shirt, বগাকৈ দ

এজনী ছোৱালী আছিল
------------
কলা T-shirt, বগাকৈ দীঘল এখনি ফুটুকা-ফুটুক স্কার্ট পৰিসীত
এজনী ছোৱালী আছিল। 
পাহাৰৰ জুৰিৰ দৰে স্নিগ্ধ নয়ন জোৰা
ৰঙা এপাহি গোলাপৰ পাহি যেন দুটি ওঁঠৰ হাঁহিৰে
এজনী ছোৱালী আছিল।।
কিন্তু তাইৰ চুলি হ'লে আছিল কেকোঁৰা!
যাৰ মুখৰ প্ৰতিটো শব্দত ভাহি আহিছিল
স্বৰ্ণমণ্ডিত এটি এটি সুৰ... 
এজনী ছোৱালী আছিল, 
যাৰ দুচকুৰ প্ৰথম চাৱনিতে
মোৰ হৃদয় ভাবনাত জ্বালামুখী জগাবলৈ 
উঠি পৰি লাগিছিল। 
যাক পোৱাৰ হেঁপাহে আজিও মোৰ হৃদয় ভাবনাত জাগ্রত কৰে
অলেখ কল্পনা কাতৰ মুহূর্তৰে, 
কিন্তু তাই আজি মোৰ কাষত নাই
যাৰ হাঁহিৰ সুভাষে আজিও ভৰাই মোৰ হিয়া।
যাৰ দুচকুৰ চাৱনিয়ে আজিও মোক 
বাৰে বাৰে বাউলি মাতে...
যাৰ প্ৰতিচ্ছবি আজিও মোৰ মন-মগজুত 
ৰিনিকি ৰিনিকি ভাহি আহে প্ৰতিটো ক্ষণ
(অথচ্ তাই মোৰ কাষত নাই) 
 ।।এজনী ছোৱালী আছিল।।

©Sushildoley Official A girl
এজনী ছোৱালী আছিল
------------
কলা T-shirt, বগাকৈ দীঘল এখনি ফুটুকা-ফুটুক স্কার্ট পৰিসীত
এজনী ছোৱালী আছিল। 
পাহাৰৰ জুৰিৰ দৰে স্নিগ্ধ নয়ন জোৰা
ৰঙা এপাহি গোলাপৰ পাহি যেন দুটি ওঁঠৰ হাঁহিৰে
এজনী ছোৱালী আছিল।।
কিন্তু তাইৰ চুলি হ'লে আছিল কেকোঁৰা!
যাৰ মুখৰ প্ৰতিটো শব্দত ভাহি আহিছিল
স্বৰ্ণমণ্ডিত এটি এটি সুৰ... 
এজনী ছোৱালী আছিল, 
যাৰ দুচকুৰ প্ৰথম চাৱনিতে
মোৰ হৃদয় ভাবনাত জ্বালামুখী জগাবলৈ 
উঠি পৰি লাগিছিল। 
যাক পোৱাৰ হেঁপাহে আজিও মোৰ হৃদয় ভাবনাত জাগ্রত কৰে
অলেখ কল্পনা কাতৰ মুহূর্তৰে, 
কিন্তু তাই আজি মোৰ কাষত নাই
যাৰ হাঁহিৰ সুভাষে আজিও ভৰাই মোৰ হিয়া।
যাৰ দুচকুৰ চাৱনিয়ে আজিও মোক 
বাৰে বাৰে বাউলি মাতে...
যাৰ প্ৰতিচ্ছবি আজিও মোৰ মন-মগজুত 
ৰিনিকি ৰিনিকি ভাহি আহে প্ৰতিটো ক্ষণ
(অথচ্ তাই মোৰ কাষত নাই) 
 ।।এজনী ছোৱালী আছিল।।

©Sushildoley Official A girl