Nojoto: Largest Storytelling Platform

হিন্দুস্তান নহয় কাৰোৱেই বাপেকৰ সম্পত্তি যদি হিতে

হিন্দুস্তান নহয় কাৰোৱেই বাপেকৰ সম্পত্তি

যদি হিতে বিপৰীত হয় তেন্তে হ'বলৈ দিয়া,আপোন প্ৰাণ বুলি কোনে দিলে বাধা
এই সকলোবোৰ ধোঁৱা ধোঁৱা, কোনে ক'লে- আচমান চোৱা চোৱা।

যদি লাগে জুই তেন্তে বহুতো ঘৰেই পৰিব শুই 
ইয়াত কি কেৱল মোৰেই ঘৰ য'ত লাগিব জুই।

মই জানো শত্ৰুৰ সংখ্যাও নহয় যে মোৰ কম
কিন্তু মোৰ দৰে মৰণক শৰণ কৰি কেইজনে ৰাখিছে হাতৰ মুঠিত দম।

মোৰ মুখৰ পৰা যি নিগৰে সেয়াই সত্য
মোৰ মুখৰ ভাষা তোমাৰ ওঠত কোনে ক'লে বাৰুকৈয়ে শুৱাব।

আজি যিসকল আছে শাসনৰ গাদীত বহি,কাইলৈ নাথাকিব।
ভাড়াতীয়া হিতাধিকাৰ, কোনে ক'লে সিহঁতবোৰেই প্ৰকৃত স্বত্বাধিকাৰ।

সকলোৰে তেজ মিহলি এয়া পুণ্য ভূমি 
ইয়াত নচলে কাৰোৱেই দাদাগিৰি 
হিন্দুস্তান , হিন্দুস্তান যে নহয় কাৰোৱেই বাপেকৰ  সম্পত্তি‌।
  
 #ড' ৰাহত ইন্দোৰী চাহাবৰ এটি জনপ্ৰিয় '' কিচি কে বাপ কা হিন্দুস্তান থোড়ী হ্যে ''কবিতাৰ ভাবানুবাদ ।

#ভাবানুবাদ~মোত্তাকিনুৰ ৰহমান