Nojoto: Largest Storytelling Platform

শৰৎ কালৰ আবেলিত ঘৰমুৱা বেলিয়ে হেঙুল কৰি তোলা তাইৰ

শৰৎ কালৰ আবেলিত 
ঘৰমুৱা বেলিয়ে
হেঙুল কৰি তোলা তাইৰ 
আধাভিজা চুলিটাৰীৰ 
সেমেকা সুবাসত
আমোলমোল হৃদয় পদূলি 

কুঁৱলীৰ মাজে মাজে 
হৰিণী দুচকুৰ 
মায়াবী চাৱনিত 
বিচাৰি ফুৰিছে নেকি 
কোনো অচিন প্রেমিকে
গভীৰ প্ৰণয়ৰ মাতাল ৰাগিনী ?

তেজৰঙা ওঁঠৰ মাজেৰে
ভাঁহি অহা 
মিচিকি হাঁহিৰ পৰসে যেন
মতলীয়া কৰিছে কোনো
নিজান চহৰৰ অজান
বাটৰুৱাৰ প্ৰাণ ..
যেন নামিছে তাৰ বুকুলৈ 
কাহানিও নুবুজা প্ৰেমৰ বান... To my best friend
শৰৎ কালৰ আবেলিত 
ঘৰমুৱা বেলিয়ে
হেঙুল কৰি তোলা তাইৰ 
আধাভিজা চুলিটাৰীৰ 
সেমেকা সুবাসত
আমোলমোল হৃদয় পদূলি 

কুঁৱলীৰ মাজে মাজে 
হৰিণী দুচকুৰ 
মায়াবী চাৱনিত 
বিচাৰি ফুৰিছে নেকি 
কোনো অচিন প্রেমিকে
গভীৰ প্ৰণয়ৰ মাতাল ৰাগিনী ?

তেজৰঙা ওঁঠৰ মাজেৰে
ভাঁহি অহা 
মিচিকি হাঁহিৰ পৰসে যেন
মতলীয়া কৰিছে কোনো
নিজান চহৰৰ অজান
বাটৰুৱাৰ প্ৰাণ ..
যেন নামিছে তাৰ বুকুলৈ 
কাহানিও নুবুজা প্ৰেমৰ বান... To my best friend
mrinmaysharma8707

Mrin

New Creator