Nojoto: Largest Storytelling Platform

উম হয়, মৰমৰ!! এই ভয় এটা আছে বাবেই মই আজি মই হৈ আছো

উম হয়, মৰমৰ!!
এই ভয় এটা আছে বাবেই মই আজি মই হৈ আছো।
নিজক পাহৰাৰ ভয়টো আছে বাবেই ব্যস্ততাৰ সোঁ‌তত এৰি দিছো সকলো।
 এই যে ভয়টোৰ বাবেই কাৰোবাক প্ৰতিপল সামৰি ৰাখো,
 এই ভয়টোৰ বাবেই যাক উশাহত কঢ়িয়াই ফুৰো,
   মাজৰাতি সাৰ পায় চিঞৰি উঠাৰ পৰত নিজক নিচুকাব পৰাকৈ পৰিপক্ক মই, তথাপি ডাঠকৈ লোৱা কাজলৰ আঁ‌ৰতো ভয় এটাক পুহি ৰাখো দুচকুত!
   
     আচলতে কি জানা এই ভয়বোৰেই ওচৰ চপাই আনে আমাক। বঢ়াই তোলে আব্দাৰবোৰ, নে লৈ যায় মনিব নোৱাৰা দূৰলৈ?? দাৰি, কমালৈকে বাৰু ঠিকেই আছে, প্ৰশ্নবোধক হৈ ৰোৱাৰ ভয়টোক কিদৰে এৰো?? 

     যিদিনা কাৰোবাক হেৰুৱাই দিয়াৰ ভয়টো নোহোৱা হৈ  যাব, হয়তো সেইদিনাই ইজনে আনজনক হেৰুৱাই পেলাম।
   এই ভয় যদি স্বাৰ্থ তথাপি আপোনালোকৰ ভাষাৰেই ক'বলৈ ভাল পাম, হয় ভয়াতুৰ মই ।। ভয় যদি নোহোৱা হয় তেন্তে কি হব?

#মৰমৰভয় #অসমীয়া  #challenge #assamesequote #yqbaba #yqbandhoi #bandhoicollab  #YourQuoteAndMine
Collaborating with YourQuote Bandhoi

richabhattachary1137

R...🍁

New Creator