......ভাগৰুৱা সপোন ...... সপোনৰ পাছে পাছে দৌৰি মই ভাগৰি পৰিছো, মা..... এতিয়া মাথো তোৰ আচলৰ ছাঁত ক্ষন্তেক জিৰাবৰ মন, তোৰ মূখখনিত আছিল মই বিচাৰি ফুৰা পৃথিৱী খন। দুচকু যেন , মই বিচাৰা বৰষুণ জাক, তোৰ মাত শাৰত পাইছিলো, ঐশ শ্বাস ৷ মা, ভাগৰি পৰিছো অ সুখ বিচাৰি.... হাত ফুৰাই দে মোৰ চুলিৰ মাজেদি, যেনেদৰে শুৱাইচিলি মোক ল'ৰালিত, শুৱাই দে মোক, আজি তোৰ পদুলিত। ভাগৰি পৰিছো অ মই , মা ভাগৰি পৰিছো মই ৷। #ভাগৰুৱা_সপোন, #tiresome_dream