Nojoto: Largest Storytelling Platform

★ মোৰ মিছা হাঁহিটো ★ _______★_______ অ সোণ.... হিয

★ মোৰ মিছা হাঁহিটো ★
_______★_______
অ সোণ....
হিয়া ভঙা অব্যক্ত বেদনাৰ সাথৰবোৰ
সকলোৱে লিখিছে ছোন...
লিখিছে টুকুৰা হোৱা হৃদয় ভাৱনাত
এটি বিষাই যোৱা 
বিষাক্ত প্ৰেমৰ কবিতা...!!
এতিয়া মইয়ো লিখো জানা ...
মোৰ মিছা হাঁহি টোৰ সতে...
অন্ধকাৰ অমানিশা আকোৱালি লৈ দুখৰ
কিছু হুমুনিয়াহ.......!!
বহুদিন হল জানা, তোমাক দেখা নাই সোণ...
তুমি নাই বাবেই হয়তো দেখা নাই মই নীলা আকাশৰ বগা মেঘ...
এতিয়াছোন
ৰাতিৰ আকাশতো
জিলিকা নাই নিশাৰ জোনাকী পৰুৱা বোৰ...
নাই জোন, নাই তৰা
আছে মাথোঁ চকলা চকল ডাৱৰ...।
আৰু
কিছু অন্ধকাৰে আবৰি ধৰা কলা মেঘ বোৰ ....
কিন্তু সোণ, আজি তুমি নাই বাবেই
ৰচিছোঁ মিছা হাঁহি টোৰে 
নিজকে সুখী কৰাৰ নিজৰ মাজতে 
এখনি মিছা অভিনয় ।।

          
           ✍️নিবিৰ ৰাজবংশী
               ০৬/০৭/২০২০
            পাঞ্জাবাৰী বতাহঘুলি #Assamese
★ মোৰ মিছা হাঁহিটো ★
_______★_______
অ সোণ....
হিয়া ভঙা অব্যক্ত বেদনাৰ সাথৰবোৰ
সকলোৱে লিখিছে ছোন...
লিখিছে টুকুৰা হোৱা হৃদয় ভাৱনাত
এটি বিষাই যোৱা 
বিষাক্ত প্ৰেমৰ কবিতা...!!
এতিয়া মইয়ো লিখো জানা ...
মোৰ মিছা হাঁহি টোৰ সতে...
অন্ধকাৰ অমানিশা আকোৱালি লৈ দুখৰ
কিছু হুমুনিয়াহ.......!!
বহুদিন হল জানা, তোমাক দেখা নাই সোণ...
তুমি নাই বাবেই হয়তো দেখা নাই মই নীলা আকাশৰ বগা মেঘ...
এতিয়াছোন
ৰাতিৰ আকাশতো
জিলিকা নাই নিশাৰ জোনাকী পৰুৱা বোৰ...
নাই জোন, নাই তৰা
আছে মাথোঁ চকলা চকল ডাৱৰ...।
আৰু
কিছু অন্ধকাৰে আবৰি ধৰা কলা মেঘ বোৰ ....
কিন্তু সোণ, আজি তুমি নাই বাবেই
ৰচিছোঁ মিছা হাঁহি টোৰে 
নিজকে সুখী কৰাৰ নিজৰ মাজতে 
এখনি মিছা অভিনয় ।।

          
           ✍️নিবিৰ ৰাজবংশী
               ০৬/০৭/২০২০
            পাঞ্জাবাৰী বতাহঘুলি #Assamese