Nojoto: Largest Storytelling Platform

A Glance কোনো এদিন সময় মিলাই স্বপ্নৰ নগৰীত যাম যাক

A Glance কোনো এদিন সময় মিলাই স্বপ্নৰ নগৰীত যাম
যাক মায়া নগৰী বুলি কয় !
সময় পালে আকৌ এবাৰ জয়পুৰৰ
গোলাপী নগৰলৈ যাম !
তাৰ পৰা পোনে পোনে গভীৰ ৰাতিত 
ৰাজস্থানৰ মৰুভূমিৰ বালিত গৈ শুই থাকিম 
নিশাৰ আকাশৰ তৰা গননা কৰিম !
এদিন বাগিছা নগৰী কৰ্নাটকলৈ যাম
প্ৰযুক্তি বিদ্যাৰ ৰাজধানী নগৰীৰ বাগিছাত
ফুলৰ গোন্ধত কেইঘন্টামান মাতাল হৈ শুই থাকিম ।
ছিলিকন উপত্যকাৰ পৰা পোনতেই তাজ নগৰীলৈ যাম 
শ্বাহজাহান-মমতাজৰ প্ৰেমৰ সমাধি দৰ্শন কৰি 
এটি ঐতিহাসিক প্ৰেমৰ কবিতা লিখিম 
প্ৰধানমন্ত্ৰীৰ নগৰীৰ পৰা ডাইৰেক্ট 
হাইটেক নগৰী তেলেংগানালৈ যাম 
নিজামৰ ৰাজতন্ত্ৰৰ ৰাজ্য ভ্ৰমণ কৰি
এখন ভ্ৰমণ কাহিনী লিখিম ।
এয়াৰ ইণ্ডিয়াৰে মিছৰৰ কাইৰো নগৰীলৈ যাম
যাক ৰাতিৰ নগৰী বুলি কয় !
তাৰ পৰা নেদাৰলেণ্ডৰ টিউলিপ বাগিছাত গৈ
সুগন্ধি ফুলৰ সুৱাসত বিদেশৰ মাটিত মাতাল হম
শুই উঠি একেবাৰে পৃথিৱীৰ অন্তিম প্ৰান্তলৈ যাম
নৰওয়েৰ ৰোগালেণ্ড পাহাৰৰ ওপৰত বহি
ছালাত আদায় কৰিম !
বাৰ্সোলানাত যাম প্ৰাগ হৈ 
জেনেভাৰ সেউজ ঘাঁহনিত নিচিন্তে মনে বহি থাকিম ,
এদিন বিষন্নতাৰ মন লৈ হাডশন নৈৰ পাৰত
সম্পূৰ্ণ পূৱাৰ পৰা গধূলি,সন্ধিয়ৰ পৰা মাজৰাতিলৈকে মন বেয়া কৰি বহি থাকিম ।
তাৰ পিছদিনা বিদেশ ত্যাগ কৰি 
দেশৰ সমাবেশ নগৰীলৈ উভতি আহিম !
উজাগৰী নিশা এদিন দেশৰ শিক্ষা নগৰীত যাপন কৰি ,
পোনে পোনে চাহ নগৰী মাতৃভূমিলৈ উভতি আহিম ।
ৰবি আলী সেখ