এবাৰ ঘূৰি চোৱানা, মই তাতেই আছো এবাৰ ৰৈ দিয়াচোন, স্মৃতিবোৰ আকৌ সাঁজো, আবেলিবোৰ ভাললগা হৈছিল জানা, ঘৰমুৱা ৰ'দেও মৰম সানিছিল, তেনে আবেলিবোৰত আজিকালি পোহৰ নাচাও মই, ৰাতিপুৱাটোৰ প্ৰেমত নতুনকৈ পৰিছিলো,অভিমান কৰিবাচোন আপোন যেন লাগে বুলি কওতেই ৰৈ গৈছিলো অভিমানত,কিন্তু অভিমান ভাঙিবলৈ দেখোন কোনো নাহিল, সজতনে ৰখা কলিজাত কেঁচা ঘা টুকুৰা দি গুচি গ'ল মানুহবোৰ, দায়িত্ব দিছিলোঁ সজতনে ৰখাৰ,থানবান কৰাৰ প্ৰয়োজন নাছিল হয়তো। বাৰু বাদ দিয়া এইবোৰ, এটা কথা কি জানা, তোমাৰ সৈতে কটোৱা সময়বোৰ আজিও অকলেই কটাও।নীৰৱে, নিসংগে !! প্ৰতাৰণা কৰাতকৈ প্ৰেম কৰাচোন !!! #yqbaba #yqbandhoi #assamese #assamesewriters #love #broken