Nojoto: Largest Storytelling Platform
barshasarma1449
  • 10Stories
  • 12Followers
  • 65Love
    0Views

Barsha sarma

Assamese girl💓 spread love💓

  • Popular
  • Latest
  • Video
11a25bccf0bc710336079b0ca90df5f7

Barsha sarma

you say this isn't love
okie fine
dark circles says it all !
        

                  ~Barsha #doshare
#spreadlove💕

#doshare spreadlove💕

11a25bccf0bc710336079b0ca90df5f7

Barsha sarma

Life isn't easy.
Why does life become so complicated as we grow up??
 we literally learned everything ,slowly nd silently with time, people nd situation...!
 We are socially connected 
 Not practically....it's so far from reality!

Even Things we frgt as we grow up! The many little joys,..
Those smilling faces now turn into Sadness!
Because ,
Reality isn't like that easy,
Reality isn't peaceful as you think!
Affter all reality hurts.
 We grow up !
 We learned how to hide things! 
We learned how to cry secretly!
 And most importantly_
 we are all actors..in different ways....

                                 Barasha 🍂 #spreadlove💕
#doshare

spreadlove💕 #doshare

11a25bccf0bc710336079b0ca90df5f7

Barsha sarma

জীয়াই থাকিব দিবনে তাইক?


জীয়াই থাকিব দিবনে তাইক!
দিবনে প্ৰাপ্ত সন্মান?

আপুনি কয় নাৰীশক্তিৰ কথা,
ভাষন দিয়ে হেনো সমাজৰ আগত
"নাৰী তোমাৰ মহিমা অপাৰ"

কিন্তু পিছমূহুৰ্ততেই সেই মহিমাধাৰী নাৰীৰ কাপোৰ ছিগিবলৈ কুন্থাবোধ নকৰে আপুনি,,,
ভয় নকৰে সেই নাৰীৰ ওপৰত নিৰ্যাতন চলাব,,
কিয়নো তাই নাৰী তাই বোবা, 
তাই যে অবলা নাৰী....!

মানৱৰুপী দানৱ নহব আপুনি,
জাগ্ৰত নকৰিব সেই নাৰীশক্তিক...
মুখাৰ আঁৰৰ মুখাবোৰক উদঙাৱ বাধ্য নকৰাব ,,,
আপুনি হয়তো জানেই শুই থকা শিয়ালক জগাব সহজ, ভাওঁ জুৰি থকাবোৰকহে টান........সেয়ে কৈছোঁ পুনৰ,
সমাজত ভদ্ৰতাৰ মুখা পিন্ধা কৰ্মব্যস্ত লোক আপুনি
আৰু ৰাতি স্তব্ধতাৰ সুযোগত আপোনাৰ কামনাৰ বলি হয় কত ৰাজপথৰ নাৰী!....

ভোগ্য সামগ্ৰী নহয় তাই, নকৰিব অপব্যবহাৰ,
জাপি নিদিব সেই সামাজিক বোজা,
নিদিব নাম ধৰ্ষিতা!
জীয়াই থাকিব দিয়ক তাইক কিয়নো তাই নাৰী,
কোনো দিন বিচাৰ কৰা হোৱা নাই সেই নাৰীৰ শক্তিসত্তাক....
কোনো দিনেই স্বীকৃতি দিয়া হোৱা নাই সেই নাৰীৰ ত‍্যাগক.....মাথোঁ দিছে নাম কলংকিনী.....!
গংগাৰ দৰে পবিত্ৰ তাই,
গান্ধাৰীৰ দৰে পতিব্ৰতা তাই,
জয়মতীৰ দৰে ত‍্যাগী তাই,
তথাপি তাই কলংকিনী....!

কোনোৱে মানিব নোখোজে সেই হাঁহিৰ আৰৰ কষ্টখিনি,বুজিব নোখোজে দেহৰ পৰা বিয়পি যোৱা সেই তেজৰ আঁৰৰ বেদনাখিনি...
     কিয়নো তাই যে নাৰী, অবলা নাৰী...
               জীয়াই থাকিব দিয়ক তাইক..।
    
🖋️বৰষা #doshare
#sketchby- Thomas tumung🌼

#doshare #sketchby- Thomas tumung🌼

11a25bccf0bc710336079b0ca90df5f7

Barsha sarma

জীয়াই থাকিব দিবনে তাইক?


জীয়াই থাকিব দিবনে তাইক!
দিবনে প্ৰাপ্ত সন্মান?

আপুনি কয় নাৰীশক্তিৰ কথা,
ভাষন দিয়ে হেনো সমাজৰ আগত
"নাৰী তোমাৰ মহিমা অপাৰ"

কিন্তু পিছমূহুৰ্ততেই সেই মহিমাধাৰী নাৰীৰ কাপোৰ ছিগিবলৈ কুন্থাবোধ নকৰে আপুনি,,,
ভয় নকৰে সেই নাৰীৰ ওপৰত নিৰ্যাতন চলাব,,
কিয়নো তাই নাৰী তাই বোবা, 
তাই যে অবলা নাৰী....!

মানৱৰুপী দানৱ নহব আপুনি,
জাগ্ৰত নকৰিব সেই নাৰীশক্তিক...
মুখাৰ আঁৰৰ মুখাবোৰক উদঙাৱ বাধ্য নকৰাব ,,,
আপুনি হয়তো জানেই শুই থকা শিয়ালক জগাব সহজ, ভাওঁ জুৰি থকাবোৰকহে টান........সেয়ে কৈছোঁ পুনৰ,
সমাজত ভদ্ৰতাৰ মুখা পিন্ধা কৰ্মব্যস্ত লোক আপুনি
আৰু ৰাতি স্তব্ধতাৰ সুযোগত আপোনাৰ কামনাৰ বলি হয় কত ৰাজপথৰ নাৰী!....

ভোগ্য সামগ্ৰী নহয় তাই, নকৰিব অপব্যবহাৰ,
জাপি নিদিব সেই সামাজিক বোজা,
নিদিব নাম ধৰ্ষিতা!
জীয়াই থাকিব দিয়ক তাইক কিয়নো তাই নাৰী,
কোনো দিন বিচাৰ কৰা হোৱা নাই সেই নাৰীৰ শক্তিসত্তাক....
কোনো দিনেই স্বীকৃতি দিয়া হোৱা নাই সেই নাৰীৰ ত‍্যাগক.....মাথোঁ দিছে নাম কলংকিনী.....!
গংগাৰ দৰে পবিত্ৰ তাই,
গান্ধাৰীৰ দৰে পতিব্ৰতা তাই,
জয়মতীৰ দৰে ত‍্যাগী তাই,
তথাপি তাই কলংকিনী....!

কোনোৱে মানিব নোখোজে সেই হাঁহিৰ আৰৰ কষ্টখিনি,বুজিব নোখোজে দেহৰ পৰা বিয়পি যোৱা সেই তেজৰ আঁৰৰ বেদনাখিনি...
     কিয়নো তাই যে নাৰী, অবলা নাৰী...
               জীয়াই থাকিব দিয়ক তাইক..।
    
🖋️বৰষা

11a25bccf0bc710336079b0ca90df5f7

Barsha sarma

আকাশৰ প্ৰেয়সী মই💞

আকাশখন ভাল পাওঁ আজিও
ভাল পাওঁ ইয়াৰ বিশালতাক
অনুভৱ কৰো ইয়াৰ পৰিধিক
আশাৰ হুমুনিয়াহ দেখোঁ ঠিক সেই চৰাইজনীৰ মাজত যিয়ে মুক্তমনে সপোনৰ নগৰীত উৰি আছে,,
মই য়ো উৰিছিলো এদিন কিন্তু ডেউকাখন ভাঙি থাকিল......
উৰিব লওঁতেই ছিঙি থাকিল ভৰষাৰ এনাজৰীদাল!
আৰম্ভ হওঁতেই শেষ হৈ গ'ল,,
আৰু ৰৈ গ'ল নষ্ট প্ৰেমৰ অবশিষ্টখিনি।

সেই যে ফৰকাল আকাশখন দেখিছা, তাত আছিল হেজাৰ সপোনৰ ভাবাবেগ....
কিন্তু আজি যেন সেই সপোনৰ পৰা বহু দূৰত মই।ভয় মোৰ সপোন দেখিম বুলি নহয় 
সপোন দেখুৱাব বুলিহে....!

🖋️বৰষা #doshare
#spreadlove❣️

#doshare spreadlove❣️

11a25bccf0bc710336079b0ca90df5f7

Barsha sarma

হেঙুলীয়া কিছু স্মৃতি🌻
    
বৰষুণজাক কিন্ কিন্ কৈ আহিছিল সেইদিনা
টোপালৰ লগত সৰি পৰিছিল তোমাৰ নামৰ ভাৱনাবোৰ.....
স্মৃতিৰ টোপোলাটো খোলোতেই সৰি পৰিল তুমি অকা মোৰ ছবিখন আৰু dairy milk চকলেটৰ পেকেটবোৰ....
আৰু হঠাৎ মোৰ চকুপানীয়ে স্পৰ্শ কৰিলে বহীটোৰ জেপত সোমাই থকা  হাতেঅঁকা ছবিখনক!
টিল টিলকৈ ভাঁহি আহিল তোমাৰ বেকা হাঁহিটোৰে সৈতে মৰমলগা মুখ খন....

সজীৱ হৈ উঠিল সেই গধূলিটো-
ঐ শুনা
খং বোৰ অলপ কমকৈ কৰিবাচোন!
নহলে যে তোমাক পকা বিলাহীটো যেন লাগে....

 .......ইমান অভিমানী নহবা ও সোন
বাৰে বাৰে এই অভিমানেৰ ভৰা ধুনীয়া হাঁহিটোৰ প্ৰেমত পৰো....!!
খুলি কোৱাৰ ভয়ত ৰৈ যাওঁ , সপোনবোৰক থাপি থুপি হৃদয়ৰ মোনা খনতেই আকৌ ভৰাই থওঁ।

আনদিনাখনৰ দৰেই তাই আজিও মুখখন ফুলাই থাকিল আৰু হাতত guitar খন তুলি দি কলে- অভিমানবোৰ এনেকুৱাই , এয়া লোৱা আৰু বজোৱা...

সি গান গাই বজালে আৰু তাই শুনিলে........
সূৰ্য্যাস্তৰ হেঙুলী আভাই নদীখনক জিলিকাই তোলাৰ দৰেই guitar ৰ মাতটো শুনি তাইৰ মুখত পোহৰ বিৰিঙি উঠিল....আৰু তাই কৈ উঠিল -"সুখবোৰ ইয়াতে বিচাৰি পাওঁ জানা".....

   সময়ৰ প্ৰাচুৰ্য্যতাত কিছু স্মৃতি ৰোমন্থনৰ স্বীকাৰ হৈ পৰে যদিও অনুভূতিবোৰক অনুভৱ কৰি ভাল লাগে💓

     🖋️বৰষা #doshare
#spreadlove
11a25bccf0bc710336079b0ca90df5f7

Barsha sarma

নগ্ন হৃদয়ৰ গা‌ঁথা♦️

কি নাম দিম তোমাক প্ৰেম নে অন্য কিবা?
শৰীৰ নে মন শ্ৰেয় তোমাৰ আগত?
          তুমি কোৱা ~এয়া ভালপোৱা
          আৰু মই কও~ এয়া প্ৰয়োজনীয়তা
 প্ৰেম স্বৰ্গীয়,প্ৰেম এটা বিশ্বাস
দুখন হৃদয়ৰ ৰঙৰ কহুৱাতলী
তাক বেৰঙ  নকৰিবা
তাক বেনাম নিদিবা
প্ৰেম কেতিয়াও আসক্তি হব নোৱাৰে.....

প্ৰাপ্তিয়ে প্ৰেম নহয়
নগ্ন শৰীৰৰ গভীৰতাক জুমিব প্ৰেমে নাজানে,,
খামুচিয়া দেহৰ ভাঁজৰ পৰশ লব ও প্ৰেমে নিবিচাৰে..
  বতাহত উৰুৱাই নিয়া চাদৰৰ ফাঁকটোৱো আনকি সাৰি নাযায় তোমাৰ চকুত!!
যদি প্ৰেম মানেই শৰীৰ, তেনেহলে ক্ষমা কৰিবা মোক, তোমাৰ উত্ৰাৱল দেহৰ প্ৰয়োজনীয়তা মই ৰক্ষা কৰিব নোৱাৰিম...নোৱাৰিম তোমাৰ সেই কামনা বাসনাৰ বলি হব !!
  
নাচাবা মোক তেনেদৰেই 
  চকুৰে ধষিৰ্তা হব নোৱাৰো মই....!!
জাপি নিদিবা মোৰ হাতত তোমাৰ সেই প্ৰয়োজনীয়তাৰ লিষ্টখন,,নোৱাৰো সেই প্ৰয়োজনীয়তাৰ স্বীকাৰ হব ....
    
  যিমানেই তোমাৰ চকুত মোৰ দেহ প্ৰিয়,
  সিমানেই তুমি মোৰ চকুত ঘ্ৰীণনীয় ।
  তুলি নিদিবা মোৰ আগত তোমাৰ অযথা প্ৰেমৰ সংজ্ঞা,
  শব্দবোৰো অপবিত্ৰ হৈ উঠিব.....
  
অ মই নিসংগ হব নিবিচাৰো
কিন্তু তোমাৰ সংগত উলংগ হবও নিবিচাৰো মই!!!
যদি তোমাৰ সংগই নিসংগতা দূৰ কৰাই,তেনেহলে নেলাগে তেনে সংগ, নেলাগে তেনে নাম,মই এনকৈ সুখী।
      মাথো ভুল নকৰিবা প্ৰেমৰ পৰিচয় শৰীৰ নহয়।

  🖋️বৰষা #spreadlove❤️
#doshare❤️

spreadlove❤️ doshare❤️ #Spreadlove❤️

11a25bccf0bc710336079b0ca90df5f7

Barsha sarma

হৃদয়ৰ শব্দ♥️

ভাল লাগে তুমি যেতিয়া হাতত হাত ধৰি কোৱা~ভালপোৱাবোৰ ৰং হ'লে সেই ৰংঙেৰেই আঁকিলো হয় তোমাৰ নাম।

ভাল লাগে তুমি যেতিয়া চকুত চকু থৈ কোৱা~
কলাকাৰ হোৱা হেতেন এই চকুজুৰিকে আবদ্ধ কৰি ললো হয় হৃদয়ৰ ৰঙীন পৃষ্ঠাত।

ভাল লাগে তুমি যেতিয়া মই কান্দিলে চকুপানী মছি  কোৱা~ নাকান্দিবাচোন, তোমাৰ দুখবোৰ মই ভগাই লম,আৰু সুখবোৰ উশাহত সামৰি লম।

ভাল লাগে তুমি যেতিয়া বৰষুণজাকৰ ফালে নিৰৱে চাই কোৱা~পৰাহলে বৰষুণৰ এটি এটি টোপালতেই সিঁচি দিলো হয় প্ৰেমৰ ৰং।

ভাল লাগে তুমি যেতিয়া কপালত চুমা আ‍‍কি দি কোৱা~এই শিৰতেই জিলিকিব এদিন মোৰ নামৰ সেন্দুৰ।

আহহ্!! উশাহটো যেন স্থিৰ হৈ যাব খোজে জানা এই সময়খিনিত, সুখবোৰেই যেন আউল বাউল লগাই মোৰ প্ৰেমৰ দলিচাখনত.....!!
               হয়,প্ৰেম চাগে এনেকুৱাই য়ে আৱৰন খুলি হৃদয় জুৰাই.......
                    কথা দিলোঁ ,তোমাক তুমি বুলি আজীৱন ভাল পায় যাম.......মাথোঁ প্ৰেমৰ সংঞ্জা শুধি আমনি নকৰিবা❤️
            
🖋️বৰষা #keepsupporting
#doshare
#spreadlove❤️
11a25bccf0bc710336079b0ca90df5f7

Barsha sarma

হৃদয়ৰ শব্দ♥️

ভাল লাগে তুমি যেতিয়া হাতত হাত ধৰি কোৱা~ভালপোৱাবোৰ ৰং হ'লে সেই ৰংঙেৰেই আঁকিলো হয় তোমাৰ নাম।

ভাল লাগে তুমি যেতিয়া চকুত চকু থৈ কোৱা~
কলাকাৰ হোৱা হেতেন এই চকুজুৰিকে আবদ্ধ কৰি ললো হয় হৃদয়ৰ ৰঙীন পৃষ্ঠাত।

ভাল লাগে তুমি যেতিয়া মই কান্দিলে চকুপানী মছি  কোৱা~ নাকান্দিবাচোন, তোমাৰ দুখবোৰ মই ভগাই লম,আৰু সুখবোৰ উশাহত সামৰি লম।

ভাল লাগে তুমি যেতিয়া বৰষুণজাকৰ ফালে নিৰৱে চাই কোৱা~পৰাহলে বৰষুণৰ এটি এটি টোপালতেই সিঁচি দিলো হয় প্ৰেমৰ ৰং।

ভাল লাগে তুমি যেতিয়া কপালত চুমা আ‍‍কি দি কোৱা~এই শিৰতেই জিলিকিব এদিন মোৰ নামৰ সেন্দুৰ।

আহহ্!! উশাহটো যেন স্থিৰ হৈ যাব খোজে জানা এই সময়খিনিত, সুখবোৰেই যেন আউল বাউল লগাই মোৰ প্ৰেমৰ দলিচাখনত.....!!
               হয়,প্ৰেম চাগে এনেকুৱাই য়ে আৱৰন খুলি হৃদয় জুৰাই.......
                    কথা দিলোঁ ,তোমাক তুমি বুলি আজীৱন ভাল পায় যাম.......মাথোঁ প্ৰেমৰ সংঞ্জা শুধি আমনি নকৰিবা❤️
            
🖋️বৰষা

11a25bccf0bc710336079b0ca90df5f7

Barsha sarma

মৌনতা আজি মোৰ ওঠৰ ভাষা💐

হৃদয়ত গোপনে লিখা অনুভৱবোৰ জানো বুজি পাবা?
অব্যক্ত ভাষাৰে লিখিব মন আছিল গোপন হৃদয়ৰ কথা,,কিন্তু আজি যেন সেই ৰংবোৰেই বিষ হৈ উজান উঠিল.........!
শব্দ,ছন্দ,সুৰবোৰও যেন কাষ এৰিলে....
    ৰাতিৰ আকাশত তৰা গনা দি কবিতাৰ মাজত তোমাক বিছাৰিছিলো....কিন্তু আজি হেৰাই গল সেই প্ৰেমিক সেই প্ৰেম....!!!
    সপোনবোৰ,স্মৃতিবোৰ আজিও মোৰ চকুৰ আগত।
    কিন্তু তুমিহে কোনোবা অচিনা প‍খীৰ বন্দীশালত।
    
    আজি দুবছৰৰ পিছত পুনৰ অতীতৰ পৃষ্ঠা লুটিয়াই চালো।
    উকা কাগজখনত আকিব মন আছিলে অনুভৱৰ এখিলা ছবি,কিন্তু কি কৰিম কোৱা! ৰংবোৰ যে নিমিলে!?
               দুখ নকৰিবা, আকৌ লগ পাম
               কোনোবাদিনা, কোনোবাখিনিত
                            তুমি হাহিবা
                              মই হাহিম
                         স্মৃতিবোৰে কান্দিব❤️


    🖋️বৰষা #doshare❤️🤗
#spreadlove💓

doshare❤️🤗 spreadlove💓

loader
Home
Explore
Events
Notification
Profile