Nojoto: Largest Storytelling Platform
pujabordoloi6780
  • 10Stories
  • 4Followers
  • 69Love
    0Views

PR emon bordoloi

অসমৰ অসমীয়া গাভৰু মই

  • Popular
  • Latest
  • Video
213e635902555470ea17863c7bcccabe

PR emon bordoloi

:অ'ই.... অ'ই অ'ই শুন আকৌ
:অ' কি ক'।
:কি কৰিছ।
: সেইটো সুধিবলৈ কে মাতি আছিলা।
:ওঁম।

:অ'ই....
: আকৌ কি হ'ল। অলপ দেৰি মনে মনে থাকিব নোৱাৰা নেকি?
:নহয় মানে....
: কি নহয় মানে?
:একো নাই দিয়া, মনে মনে আছোঁ।

:অ'ই ভাল পোৱা নে মোক?
:কিয়। নকওঁ মই।
: কোৱাচোন... ভাল পোৱা নে মোক
: নকওঁ ক'লো নহয়। কিয় লাগি আছা।
: নহয় অ'... জানিব মন গৈছে।
: হ'ব দিয়া নালাগে জানিব। 
:কিয়?? ক'লে কি হ'ব তোমাৰ।
: নকওঁ ক'লো নহয় এবাৰতে বুজি নোপোৱা নেকি...
: নাপাওঁ সেই কাৰণে সুধি আছো।
: মোৰ খং উঠিব আৰু
:নহয় মোক ক'ব লাগিব আজি।
:কামোৰ তুমি ।
: ওঁম ভাবিছা যদি হয়... তুমি উত্তৰ দিয়া।
:নিদিয়ো...আৰু ফোন নকৰিবা মোৰ লৈ। Block কৰিছোঁ তোমাক।
এনেকৈয়ে পাৰ হ'ল তিনিমাহ 
         তাতেই সমাপ্ত হ'ল এটা অধ্যায়....



                                                             -------emon bordoloi

©PR emon bordoloi
213e635902555470ea17863c7bcccabe

PR emon bordoloi

ৰৈ গ'ল বহু সপোন, বহু কথা, বহু আশা.... 
ভৱাই নাছিলো আধৰুৱা হৈ ৰ'ব বুলি জীৱনৰ জীয়াৰ প্ৰথম কাহিনী...
ৰৈ গ'ল প্ৰতিশ্ৰুতি আজীৱন সামৰি লোৱা...
আন্ধাৰত বিলীন হ'ল নৈ পাৰৰ ৰান্ধনী বেলি...
শুকাই গ'ল নীলা চিয়াঁহী, উকা হৈ থাকিল দস্তা....
অশ্ৰু সিক্ত নয়নেৰে বিদায় জনালে পৰজন্মত লগ পোৱাৰ আশাৰে...










                                                               ----emon bordoloi

©PR emon bordoloi #Sawera
213e635902555470ea17863c7bcccabe

PR emon bordoloi

অযুত প্ৰশ্ন
শূণ্য হীন উত্তৰ...
বঠা হীন নাও
সাগৰৰ মধ্যত...


_____PR Emon BorDoloi

©Puja Bordoloi #lookingforhope
213e635902555470ea17863c7bcccabe

PR emon bordoloi

মোৰ স্বপ্ন নহয় তুমি
মোৰ দিঠক হৈ ৰোৱা
তুমি অভিমানী হোৱা
কিন্তু অবুজন নহ'বা
মোৰ জীৱনৰ প্ৰতিটো পলৰ
আৰে আৰে তুমি হৈ ৰোৱা
হিয়াৰ মৰম বোৰ জিলিকিব দিয়া
তুমি মোৰ হৈ ৰোৱা
জীৱনৰ অন্তিম পল লৈ
তুমি মোৰ কাষত মোৰ হৈ ৰোৱা
❣️


___PR___

©Puja Bordoloi ❣️❣️

#pyaar

❣️❣️ #pyaar

213e635902555470ea17863c7bcccabe

PR emon bordoloi

অ'ই মৰম........☺️                              

অহিবি চোন ফাগুনৰ পছোৱাৰ লগত
এবাৰ মোৰ কাষলৈ....
ৰাঙলী ৰিঃবিঃ গাচেঙ থৈছোঁ সাঁচি
তোলৈ বুলি...🤭

শিমলু মদাৰ ৰঙেৰে
ৰঙীন হ'ব তোৰ মৰম বোৰ...
তোৰ পৰশত প্ৰাণ পাই উঠিব
চঞ্চল হৃদয়ৰ ভালপোৱা বোৰ...❣️

আহিবি নে মৰম!...
বেলি ডুবু ডুবু পৰত
নৈৰ পাৰত ৰান্ধনী বেলিটি চাবলৈ
আহিবি নে তই?...🙂


                                                 ____PujaRani BorDoloi(emon)

©Puja Bordoloi ফাগুন❣️

#Blacktree

ফাগুন❣️ #Blacktree

213e635902555470ea17863c7bcccabe

PR emon bordoloi

দুভাগ ৰাতি নীৰৱে শুনি বা চোন
হৃদয় ভঙা পক্ষীৰ কন্দন
হয়তো তোমাৰো নয়ন
অশ্ৰুৰে ভৰি পৰিব




                      ---pr emon bordoloi #peace
213e635902555470ea17863c7bcccabe

PR emon bordoloi

অ'ই....                                     
      তোৰ মিচিকিয়া হাঁহিটো 
আৰু তোৰ
নাকৰ আগতে থকা খংটোৰে মৰম বোৰ
এনেকৈয়ে বান্ধি ৰাখিবি চোন....
নিয়ৰ সৰা সপোনৰ দিকচৌ বনত
দুভৰি দুখোজ পেলাই
আৱেগৰ দলিচাখন মেৰাই ধৰিবি....
তোৰ কথাৰে জীপাল কৰি তুলিবি 
সেই কবিতাৰ মৌন ভাষা বোৰ
তই মাথোঁ এবাৰ কৈ চাবি
ৰঙ বোৰ তোৰেই বুলি....
                                                 -----  PR emon bordoloi toi mathu toi

#PURPLEHEART

toi mathu toi #PURPLEHEART

213e635902555470ea17863c7bcccabe

PR emon bordoloi

সপোন দেখা সদায়...


যুঁজ দিয়া জীৱনৰ লগত
বাস্তৱত পৰিণতি কৰা
ৰঙীন স্বপ্ন বোৰ...


 সদায় কাঁইটৰ মাজত হে গোলাপ ফুলে... #LightsInHand
213e635902555470ea17863c7bcccabe

PR emon bordoloi

মুখা পিন্ধা ভদ্ৰ সমাজৰ চকুত
মই অভদ্ৰ

নিজ ধৰ্মক শ্ৰেষ্ঠ বুলি কোৱা সমাজৰ চকুত
মই অধৰ্মী 

উচ্চ শিক্ষিত সমাজৰ চকুত
 মই নষ্ট ল'ৰা


হয় মই চহা লোকৰ সন্তান


কিন্তু!!
  তেজপিয়া নহয়




                             --- PR emonbordoloi #LastDay
213e635902555470ea17863c7bcccabe

PR emon bordoloi

অ'ই শুন না!!!                            

           মই তোৰ নামমাত্ৰ প্ৰেয়সী নহয়....
মই তোৰ জীয়াই থকাৰ হেঁপাহ হ'ব বিচাৰোঁ
তোৰ জীৱনৰ সপোন বাটৰ জোনাকী হ'ব বিচাৰোঁ 

মই নামমাত্ৰ প্ৰেয়সী নহয় ....
আকাশৰ স্নিগ্ধ চন্দ্ৰমাৰ দৰে চিৰজীৱন তোৰ লগৰী হ'ব বিচাৰোঁ
তোৰ শেৱালীৰ সুবাহ হ'ব বিচাৰোঁ

মই নামমাত্ৰ প্ৰেয়সী নহয়....
মই তোৰ ক্ৰিকেটৰ বেটখন হ'ব বিচাৰোঁ
তোৰ সুখৰ নহয় বিষাদৰ লগৰী হ'ব বিচাৰোঁ

আৰু যেন মই!!!                                       

আবেলিৰ সেই বতাহ জাকৰ নিচিনা নিৰৱ মনে
তোক সহানুভূতিৰে আৱৰি ৰাখিব বিচাৰোঁ

মই নামমাত্ৰ প্ৰেয়সী নহয়....
তোৰ জীৱনৰ এটি নতুন সূৰুয হ'ব বিচাৰোঁ....


                              ---PR emonbordoloi Just try

Just try

loader
Home
Explore
Events
Notification
Profile