Nojoto: Largest Storytelling Platform
moyurigogoi3788
  • 10Stories
  • 5Followers
  • 79Love
    105Views

Moyuri Gogoi

  • Popular
  • Latest
  • Video
6197d0fdf75679242e26d6e743155e42

Moyuri Gogoi

মৰমৰ পিয়ুষ
জোনাকৰ উজাগৰী নিশা তিৰবিৰাই থকা 
তৰাৰ পোহৰত তোমালৈ বুলি একলম ।
হিয়াৰ নিভাঁজ কোণত সংগোপনে ৰাখিছোঁ তোমাক, 
হয়তো তুমি নাজানা 
মোৰ খং আৰু অভিমান বোৰ আঁতৰাবলৈ 
তোমাৰ নামটোৱে যথেষ্ট ,
ফাগুনৰ ৰিব ৰিব মলয়া বতাহ জাকে 
তুমিহীনতাক বৰকৈ মনত পেলাই।
তোমাৰ বাৰু মোলে মনত পৰেনে।
কি কৰিবা অবুজন মন, তোমাৰ প্ৰেমত মগন, 
সেয়েহে ভাবিলোঁ কেনে আছা খবৰ এটাকে লওঁ ।
ভালে আছা নহয়।
তোমাৰ প্ৰেমৰ ভিক্ষাৰ ,
উদমদ পক্ষী হৈ উৰি যাবৰ মন তোমাৰ কাষলৈ।
তুমি সদায় তুমি হৈয়ে থাকিবা, 
কথা দিয়া তুমি কেতিয়াও
 মোৰ হিয়া উদং কৰি নাযাওঁ বুলি।
কথা এটা কওঁ,
মোৰ মন-মগজুত নিগাজীকৈ ঠাই ললা তুমি,
তুমি কেৱল মোৰ ,
আলফুলিয়া হেঁপাহবোৰক সযতনে ৰাখিবা,
তোমাৰ লগত কটোৱা
 প্ৰতি পল অনুপল মোৰ বাবে চিৰ স্মৰণীয় ।
সঁচা কথা কওঁ, 
মই তোমাক বহুত ভাল পাওঁ ,
জীৱনৰ সুখ -দুখ প্ৰতিটো ক্ষণতে 
তোমাৰ লগৰী হব বিচাৰো।
তোমাৰ সকলো সপোন পূৰণ কৰিব বিচাৰো, 
তুমিয়াটো মোৰ সকলো ।
হব আজিলে ইমানতে এৰিলোঁ ,
তোমাৰ জীৱন সাঁতোৰঙী ৰামধেনুৰ দৰে ৰঙীন হৈ পৰক ।
প্ৰেমে নিবিচাৰে কোনো জাতি কুল, 
উচ্চ-নিচ ।
প্ৰেমে বিচাৰে মাথোঁ প্ৰেমৰ ঠিকনা।


ইতি
তোমাৰ প্ৰেমিক ৰিয়া। #JNUBleeding
6197d0fdf75679242e26d6e743155e42

Moyuri Gogoi

ভবাটো নাছিলোঁ 
এদিন মই পৰিচয়বিহীন হম বুলি।
ব্যস্ততাপূৰ্ণ জীৱনৰ চাকনৈয়াত 
কেৱল মাত্ৰ এটা স্মৃতি হৈ ৰম
জোনাকৰ তমসা তুমি আৰু মই 
ৰচিছিলোঁ অযুত সপোন 
তোমাৰ মৰমৰ পম খেদি খেদি 
হৈছিলোঁ তোমাতে বিলীন
আলফুলিয়া হেঁপাহবোৰো পোখা মেলিছিল।
ব্যাকুল মনৰ তুমিয়ে অনুৰাগী,
কিন্তু হঠাতে শ্ৰোতস্বীনী হিল্লোলে 
মোহাৰি নিয়ে মোৰ আশাৰে পূৰ্ণ জীৱন
 ভবাটো নাছিলো মোৰ সপোনৰ ডেউকা ভাঙিব বুলি।
জীৱনত কেতিয়া কি হৈ কোনো নাজানে,
তাই হয়তো মোৰ মৃত্যুক সহজে লব নোৱাৰে
কিন্তু সেইটোৱে সত্য এতিয়া মোক 
বিচাৰিলেও কাষত নোপোৱা
গুচি গলো অচিন দেশলৈ 
তাইজনীক বহুত আশা দিছিলো
অসহায় হৈ পৰা তাইজনীক লগ দিবলৈ আৰু 
মই কেতিয়াও নোৱাৰো।
এতিয়া কেৱল আকাশৰ তৰা হৈ তোমালৈ ৰ লাগি চাবহে পাৰিম
শেষ বাৰলৈ তোমাক কবলৈও নহল,
তুমি কিন্তু অলপো বেয়া নাপবা 
এৰি গলো তোমাক অকলশৰে
প্ৰতি পল অনুপল তোমাক লগ দিয়াৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে
ক্ষমা কৰিবা ।।               
                                             ময়ুৰী গগৈ #StarsthroughTree
6197d0fdf75679242e26d6e743155e42

Moyuri Gogoi

#JalFlute
6197d0fdf75679242e26d6e743155e42

Moyuri Gogoi

মই গৈছিলোঁ গাভৰু পৰ্বতৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ
যিহেতু মই প্ৰকৃতিক ভাল পাওঁ।
কিন্তু জীৱনলৈ নামি আহিছিল এক অভিশপ্ত দিন
নিয়তিৰ নিষ্ঠুৰ খেলা।
মানুহ ৰূপী নৰ পিশাচে
কাঢ়ি নিলে মোৰ জীয়া সপোন।
এটি সৰু ভুলৰ বাবে পলকতে হেৰাই গল 
মোৰ জীৱন
পাহণ্ড ৰ দলে নিৰ্মম ভাবে প্ৰসাৰ কৰিছিল মোক।
চিঞৰিছিলোঁ মই নকৰিবি মোক
অত্যাচাৰ
দুখ পাইছোঁ মই।
মোক এৰি দিয়া।
মই ঘৰৰ একমাত্ৰ পুত্ৰ
মা মোক বচোৱা এই নৰ পিশাচে শেষ কৰিব মোক
দেউতা কত আছা তুমি চাৰিওফালে দানৱ ৰ তাণ্ডৱ
লৈ যোৱা 
সানি-খুচি মাৰিছে মোক।
কৰিছোঁ কাতৰে মিনতি ক্ষমা কৰা মোক 
হেৰাই গৈছে মানৱীয়তা
নাই কোনো সহাৰীৰ হাত।
অন্ত পৰিল জীৱন বাটৰ নাটক খনি
সাক্ষী হৈ ৰল মুক্ত আকাশ।
এতিয়া মাত্ৰ স্মৃতি হৈ ৰব
গাভৰু চাহ বাগিচাত দেৱশীষ গগৈ ৰ কান্দোন।
এনেদৰে খিলঞ্জীয়া ভূমি পুত্ৰক নকৰিবা হত্যা
নিজৰ মাজত নানিবা শত্ৰুৰ ভাব।
ভাতৃত্ব দুলেৰে বান্ধ খাই থাকা একেলগে
পিশাচ নহয় হোৱা জীৱ শ্ৰেষ্ঠ মানুহ
আমি সকলো একেই ভূমিৰে সন্তান।


ময়ুৰী #waiting
6197d0fdf75679242e26d6e743155e42

Moyuri Gogoi

বিশ্বাস সেইজনক কৰিবা
যিজনে বিশ্বাসৰ মূল্য বুজি পাই
বিশ্বাস সেইজনক নকৰিবা যিজনে
তোমাৰ বিশ্বাসক ভৰিৰে মোহাৰি থৈ হৈ যায়
মূল্যবান সময়ক নষ্ট নকৰি
নিজৰ লক্ষ্য স্থিৰ কৰা। 


       ময়ুৰী। #Beauty
6197d0fdf75679242e26d6e743155e42

Moyuri Gogoi

মোক জীয়াই ৰখা
সৌন্দৰ্ময় প্ৰকৃতিৰ ময়ে বৰ্ষাৰণ্য
মোক নকৰিবা ধ্বংস
মোৰ বুকুত নামাৰিবা ঘাপ
জীৱ শ্ৰেষ্ঠ মানুহ নহবা দৈসুৰ তুল্য
নকৰিবা নিমিষতে প্ৰকৃতিক শেষ।
জীৱ-জন্তু ,নানান চৰাই চিৰিকটিৰ অমিয়া মাতেৰে ভৰি পৰা প্ৰকৃতিৰ ৰৈম ভূমিক
ৰাখা জীয়াই।
নহবা ৰৈক্ষকে ভৈক্ষক
নিনিবা মোৰ বুকুৰ পৰা সেউজীয়া খিনি কাঢ়ি।
উচুপি উঠে মোৰ হৃদয়।
নহবা নিদাৰুণ
নানিবা মোৰ বুকুলৈ কাল অমানিশা মাতি
মোৰ সন্তানক নিনিবা কাঢ়ি
নকৰিবা বুকু উদং
ৰক্ষা কৰা মোক 
মই দিহিং পাটকাই।
তোমালোকৰ গৌৰৱ।
ৰখা জীয়াই।
                   ময়ুৰী গগৈ। #friends
6197d0fdf75679242e26d6e743155e42

Moyuri Gogoi

সন্দেহ ভাল পোৱাৰ এক মাৰাত্মক ৰোগ
এটা সম্পৰ্ক ভাগি যায় কেৱল 
সন্দেহ ৰ কাৰণে

তোমাৰ যদি বিশ্বাস নাই
ভাল নাপাবা আঁতৰি যাবা

কিয়নো বিশ্বাস নাথাকিলে 
সেইটো সম্পৰ্ক ৰ কোনো মূল্য নাই


তাতোকৈ ভাল সহায়ৰ হাতখন এৰি দিয়া
সন্দেহৰ মায়াজালত পৰি 
আনক জীয়াই থকাত বাধা নিদিবা।


                                        
                           ময়ুৰী #Love
6197d0fdf75679242e26d6e743155e42

Moyuri Gogoi

মোৰ বাবে" মা" কেৱল এটা মাত্ৰ শব্দ নহয়।
মোৰ উশাহ,জীয়াই থকাৰ হেঁপাহ।
মোৰ প্ৰেৰণা ,তুমি সাহস আৰু মোৰ হৃদয়ত খোদিত হৈ থকা ভগবান।
মা তুমি মহান।
মা হল ত্যাগী নাৰী।
সন্তানৰ বাবে তুমি আশাৰে জ্বলি থকা এগছি বন্তি।
আন্ধাৰত পোহৰ বিলাই জিলিকি থকা তৰা।
পৃথিৱীৰ একমাত্ৰ নিঃস্বাৰ্থ প্ৰেমিক মা।
মা তুমি অপৰূপা।


                ময়ুৰী গগৈ। #sunlight
6197d0fdf75679242e26d6e743155e42

Moyuri Gogoi

জীৱনত প্ৰাপ্তিয়ে সকলো জানো,
বিচৰা মতে সকলো পোৱা হলে
হয়তো পৰিশ্ৰমৰ কোনো মূল্য নাথাকিল হয়।
অদ্বৈম সাহসেৰে আগুৱাই যোৱা,
সফলতাক নিচেই কাষত পাবা।

                                                   ময়ুৰী গগৈ। #emptiness
6197d0fdf75679242e26d6e743155e42

Moyuri Gogoi

#sholay
loader
Home
Explore
Events
Notification
Profile