Nojoto: Largest Storytelling Platform
krishnasreeborah7659
  • 30Stories
  • 17Followers
  • 229Love
    100Views

Krishnasree Borah

  • Popular
  • Latest
  • Video
63c41d5b704776c43468ea7621007246

Krishnasree Borah

বসন্ত কালৰ ৰাতিৰ -শেষৰ ফেহুজালীত
হিৰণ্যগৰ্ভা প্ৰভাতে যি স্বৰ্গীয় সোণালী 
আভাৰে পৃথিৱীখনক অপাৰ্থিব ৰূপেৰে 
উদ্ভাসিত কৰি তোলে |

সেই একে ধৰণেৰেই ,
জীয়াই তুলিব পাৰিমনে মানুহৰ বুকুৰ 
মাজত থকা  আহিনৰ কোমল বতাহৰ ঢউ 
আৰু ...................
এখন বিস্তীৰ্ণ সেউজীয়া পথাৰ ?

আকাশৰ বুকুৰ পৰা নমাই আনিম 
এনে একাজঁলি মুকলি ৰ'দ ,
যাৰ উত্তাপে মচি দিয়ে মোৰ সকলো 
হতাশা-নিৰাশা ব্যৰ্থতাৰ চকুপানী 
আৰু.....................
সকলোকে  এসময়ত কৰি তুলিব 
 শান্তিৰ মুক্ত পক্ষী |

কেতিয়াবা জীৱনক সুন্দৰৰ অবৰ্ণনীয় 
সুষমাৰে ,উজ্জ্বলাই তোলে এই 
পৃথিৱীৰ সংস্পৰ্শলৈ অহাৰ লগে লগে |

মানুহৰ আকাশমুখী আকাংক্ষা-অভীপ্সাৰ 
বিনীত অভিব্যক্তিক দেখি 
তীব্ৰ বেগেৰে যাবলৈ প্ৰেৰণা পাও 
  মোৰ গন্তব্য স্হান পাবলেগৈ|

বেলিটো বাঁহনিৰ সিপাৰে ঢলি পৰিবলৈ 
ধৰিছে ,আকাশ খনৰ ৰং ক্ৰমাত নীলাৰ 
পৰা ক'লা হৈ আহিছে |

মোৰ চাৰিওঁ ফালৰ পৃথিৱীখন ক'ৰবালৈ 
দূৰলৈ আঁতৰি যোৱা যেন লাগিছে
কিয় জানো দূৰ দূৰণিৰ  দাৱৰৰ আৰত 
লুকাই থৰা দেৱতা বোৰে বৰকৈ 
হাত বাউলদি মাতিছে!

                                                                       📝 কৃষ্ণাশ্রী বৰা| #youarebeautiful
63c41d5b704776c43468ea7621007246

Krishnasree Borah

বসন্ত কালৰ ৰাতিৰ -শেষৰ ফেহুজালীত
হিৰণ্যগৰ্ভা প্ৰভাতে যি স্বৰ্গীয় সোণালী 
আভাৰে পৃথিৱীখনক অপাৰ্থিব ৰূপেৰে 
উদ্ভাসিত কৰি তোলে |

জীয়াই তুলিব পাৰিমনে মানুহৰ বুকুৰ 
মাজত আহিনৰ কোমল বতাহৰ ঢউ 
আৰু ...................
এখন বিস্তীৰ্ণ সেউজীয়া পথাৰ ?

আকাশৰ বুকুৰ পৰা নমাই আনিম 
এনে একাজঁলি মুকলি ৰ'দ ,
যাৰ উত্তাপে মচি দিয়ে মোৰ সকলো 
হতাশা-নিৰাশা ব্যৰ্থতাৰ চকুপানী 
অৰু.....................
সকলোকে কৰি তোলক
 শান্তিৰ মুক্ত পক্ষী |

কেতিয়াবা জীৱনক সুন্দৰৰ অবৰ্ণনীয় 
সুষমাৰে ,উজ্জ্বলাই তোলে এই 
পৃথিৱীৰ সংস্পৰ্শলৈ অহাৰ লগে লগে |

মানুহৰ আকাশমুখী আকাংক্ষা-অভীপ্সাৰ 
বিনীত অভিব্যক্তিক দেখি 
তীব্ৰ বেগেৰে যাবলৈ প্ৰেৰণা পাও 
  মোৰ গন্তব্য স্হান পাবলেগে|

বেলিটো বাঁহনিৰ সিপাৰে ঢলি পৰিবলৈ 
ধৰিছে ,আকাশ খনৰ ৰং ক্ৰমাত নীলাৰ 
পৰা ক'লা হৈ আহিছে |

মোৰ চাৰিওঁ ফালৰ পৃথিৱীখন ক'ৰবালৈ 
দূৰলৈ আঁতৰি যোৱা যেন লাগিছে
তোমাৰ সান্নিধ্যতেই দেখিছো !
উজ্জ্বল ভৱিষ্যতৰ এখন স্বৰ্ণময় পৃথিৱী|
       
                                                                                📝কৃষ্ণাশ্রী বৰা | #youarebeautiful
63c41d5b704776c43468ea7621007246

Krishnasree Borah

ৰাটিপুৱাটো আছিল খুব 
স্নিগ্ধ আৰু সুন্দৰ |
পুৱাৰ জুৰ বতাহ গাত লৈ 
চৌদিশৰ মনোৰন প্ৰাকৃতিক
দৃশ্য উপভোগ কৰাৰ 
হেঁপাহ আছিল তীব্ৰতৰ |

কিছুমান মানুহে পৰিৱৰ্তনশীল
পৃথিৱীখনৰ উমান পোৱাৰ 
বীপৰিতেও দিনক দিনে 
অন্ধকাৰৰ ফালে ধাৱমান হয় |
তেওঁলোকে পাহৰি যায় যে 
তেওঁলোকৰ কল্পনাৰ বহিৰতো 
অন্য এখন পৃথিৱী আছে|

আমাৰ এই বিনন্দীয়া পৃথিৱীখনত 
 বাস কৰে অসংখ্য পশু_পক্ষী ,
কীত _পতংঙ্গ ,মাছ _কাছ 
সৰীসৃপজাতীয় প্ৰাণী আৰু গছ_গছনি |
যিহেতু সকলোৰে মাজত একেই প্ৰাণৰ 
প্ৰকাশ ঘটিছে সেইয়ে  বোধ কৰো আমি
সকলোৱে পৰস্পৰ আত্মীয়|

যিখন পৃথিৱীত মানুহৰ ক্লান্ত চকুত
মোহাঞ্জন সানি দিবলৈ অৰণ্যৰ 
শ্যামলিমা নাই ,
যিখন পৃথিৱীত বতাহে গছৰ পাতত 
মৰ্মৰ -ধ্বনি তুলি থৈ নাযায় ,
যিখন পৃথিৱীত পশুৰ চকিত 
পদধ্বনি আৰু চৰাইৰ কল্-কাকলি
 চিৰকীললৈ নীৰৱ হৈ গৈছে  ,
সেইখন পৃথিৱীত মানুহৰ হৃদয়ো 
পৰিণত হ'ব এখন মৰুভূমিলৈ |

                                              📝কৃষ্ণাশী বৰা #Mogambo
63c41d5b704776c43468ea7621007246

Krishnasree Borah

মাজে সময়ে নিৰল আকাশত 
উৰি ফুৰা চৰাইবোৰ ,
ৰ'দত উমলি ফুৰা মৌ মাখি বোৰৰ
আৰু সেউজীয়া পাহাৰত জকমকাই
ফুলি খকা ফুলবোৰৰ অনন্ত 
ৰহস্য ভেদ কৰিবলে মন যাই |

কেতিয়াবা নদীৰ কাষত 
কেতিয়াবা আলিৰ দাঁদিত 
বহি বহি ভাবি ভাবি 
ওৰ নাপাও যে কেনেধৰণৰ 
অগ্নিবিদ্যা জানিলেনো সমস্ত 
সৃষ্টি _ৰহস্য  জানিব পাৰি ,

বিষাদে গ্ৰাস কৰি ধৰাৰ সময়তো 
যেতিয়া হাঁহিবলৈ শিকিলো ,
তেতিয়া অল'প হ'লেও বুজিব 
পাৰিলো যে মই ডাঙৰ হ'লো |
ধৈৰ্য নেহেৰুৱাবলৈ সাহস লাগে
আৰু সাসী হ'বলৈ ধৈৰ্য লাগে |

যেতিয়া পলে পলে নতুন প্ৰত্যাহবানে 
গ্ৰাস কৰি ধৰাৰ সময়ত বাস্তৱক 
সঠিক ভাবে উপলব্ধি কৰি  নিজৰ
সামৰ্থৰ লগত সঙ্গতি ৰাখি 
আগবাঢ়ি যাবলৈ প্ৰয়াস কৰো !

                                                                              📝কৃষ্ণাশ্ৰী বৰা| life

life

63c41d5b704776c43468ea7621007246

Krishnasree Borah

ধুঁৱাসুতীৰ পানী শুকাইছে |
ওখ গৰা আৰু বালি চটবোৰত 
বনৰীয়া গছ-বন গজিছে , 
দুজোপামান ঝাওবনো গজিছে |

নিৰ্মল তলি দেখা পানীৰ ক্ষীন 
সোঁতটো শান্তভাৱে বৈ আছে |
কিছু নিলগত কোনোবা বাটৰুৱাই
উকিয়াই উকিয়াই কিবা 
এটা গাইছে |

কথাবোৰ ধৰিব নোৱাৰি 
সুৰটোহে বতাহত ভাহি আহিছে |
 সুৰটোৱে মোক যে 
সেই অচিনাকী বাটৰুৱা জনৰ 
কাষলৈ টানি লৈ গৈছে |

আহঃ কেনে অদ্ভুত শক্তি হে 
এইবোৰ যি মোক নিজৰ লক্ষ্য 
স্থানৰ পৰা সেই অচিন ৰাষ্টাত 
যাবলৈ বাধ্য কৰাই দিছে |

আমি কেতিয়াবা নজনাকৈয়ে 
যে কাৰ কাৰ প্ৰেমত পৰো,
উ' আই কেতিয়াবা প্ৰকৃতিৰ প্ৰেমত 
নদীৰ কল-কলনি ,গছ-লতা ,
চৰাই - চিৰিকতি আৰু ক'ত যে কি ?

চাৰি বেৰৰ মাজত সোমাই কেতিয়াবা
যেতিয়া অবস  হৈ  পৰো |
তেতিয়া চকু মুদি কেৱল নেদেখা জনৰ 
অপূৰ্ব সৃষ্টি ৰাজিৰ বিষয়ে ভাবো !
আৰু সকলো অৱসাদক পাহৰি যাওঁ |
 
                                                                   📝কৃষ্ণাশ্ৰী বৰা| #CannotTolerate life
63c41d5b704776c43468ea7621007246

Krishnasree Borah

বতাহজাক কোমলকৈ বলি আছিল |
অলপ সময়ৰ পাছত বতাহজাক 
আন এফালে ধাবমান হৈছিল |

জানোচা কোন দেৱতাই আহি 
এই কোমলিয়া বতাহ 
জাক উৰুৱাই নিলেহি জানো !

নৈ - পৰীয়া পছোৱা বতাহ জাকত
তেতিয়াও কিন্তু গাত জাৰ লগাব 
পৰা এটা শীতলতা আছিল |

ৰ'দ ছাটি  দিনক দিনে টান 
হৈ আহিছিল,
বতাহজাকেহে টান ৰ'দ ছাটি
কোমলাই ৰাখিছিল |

কিছু নিলগত কেইটামান 
বনৰীয়া চৰায়ে নৈ-পৰীয়া 
হাবিখনত পৰি চিঞৰ -বাখৰ
কৰি আছিল|

আহঃ কি সুন্দৰ সেই জগত 
খন য'ত প্ৰকৃতিৰ এই 
অপূৰ্ব সৃষ্টি  ৰাজিয়ে 
এক বা একাধিক মানুহৰ 
মন সদাই সজীৱ কৰি ৰাখিছিল|

                                                                  📝কৃষ্ণাশ্ৰী বৰা | #CannotTolerate life
63c41d5b704776c43468ea7621007246

Krishnasree Borah

বতৰটো গোমাই আছিল |
কোনোবা ফালৰ পৰা আহি আকাশৰ 
বুকুত মেঘ কিছুমান জমা হৈছিলহি ,
আকাশত মেঘ গোট খোৱাৰ কাৰণেই 
হ'বলা গৰম পৰিছিল |

ইমানেই গৰম পৰিছিল যে সুদা 
ভৰিৰে খোজ কাঢ়িলে 
ভৰিত ঢৌ উঠি যোৱাৰ সমান হৈছিল |

তথাপিও কিন্তু কৰ্ম প্ৰেমী সকলে 
কাম কৰিবলৈ এৰা নাছিল কিয়নো 
কৰ্ম স্পিৰ্হা তেওঁলোকৰ অন্তৰত 
বিদ্যমান হৈ আছিল |

মানুহবোৰ পথাৰে -সমাৰে ,কামে -কাজে 
লাগি আছিল নিৰন্তৰ গতিত 
বৰষুণ আহিব পাৰে বুলি বা গৰম পৰিচে 
বুলি কাম বন এৰি কোনো মানুহ 
কৰ্মবিমুখ  হৈ  বহি থকা নাছিল |

আমেজ লোৱা কেইজনে কিন্তু তাৰ
মাজতে আমেজ লৈছিল ,
নৈৰ গৰাৰ শিমলু জোপাৰ
 শকত শিয়া এডালৰ ওপৰত 
বহি থকাৰ অৱস্হাত  শিমলু 
জোপাৰ মৃদু মৃদু কৈ বলি থকা বতাহে 
দেহ মন জুৰ পেলাই গৈছিল |


                                                                 📝কৃষ্ণাশ্রী বৰা | #LogicHai life
63c41d5b704776c43468ea7621007246

Krishnasree Borah

দুখীয়াৰ দুখ 

মানুহ বোৰে জানেনে বাৰু সিহঁতৰ কিহৰ অভাৱ ?
সিহঁতক কি লাগে ?
আমি কেতিয়াবা সিহঁতৰ অভাব বুজিবলৈ 
 চেষ্টা  কৰিমনে !

হেৰৌ সভ্য বাটৰুৱা ৰাস্তাট আমাৰ 
সমুখেদি খোজ কাঢ়ি যাওঁতে 
অলপ মান আমাৰ ফালেওঁ 
মন কৰিবচোন ?

পাৰিলে আমাক কিবা 
এপদ দি যাব |
জীয়াই থাকোতে যাৰ মূৰৰ 
ওপৰত চালি এডোখৰৰ দিহা কৰি 
ল'ব  নোৱাৰে ,

পেট ভৰাই দুসাজ ভাত যোগাৰ 
কৰি ল'ব নোৱাৰে ,
পুহ মহীয়া জাৰতো যি গা 
ধাকিবৰ কাৰণে  এযোৰ  কাপোৰ
 যোগাৰ কৰিব নোৱাৰে |

এই দৰিদ্ৰ নিৰক্ষৰ 
অসহায় মানুহ বোৰক আমি কেতিয়াবা 
বুজি পা'বলৈ চেষ্টা  কৰিমনে ,

যাৰ অন্তৰ আত্মাই কেতিয়াবা 
এমুঠি ভাতৰ কাৰণে যি দৰে 
হাহাকাৰ কৰি ফুৰে 
সেই বিষাদক আমি বুজিব 
পাৰিম নে ?

                                                                                  📝কৃষ্ণাশ্রী বৰা | sorrow

sorrow

63c41d5b704776c43468ea7621007246

Krishnasree Borah

সময় বোৰ চাওঁতে চাওঁতে কালৰ 
বুকুত হেৰাই গৈছে দেখিছো ,

সময়ে কাৰ বাৰ জীৱনলৈ আনিলে 
নানান ধৰণৰ সোণালী ৰূপালী
অভিজ্ঞতা |

কাৰ বাৰ জীৱনলৈ লৈ আনিলে 
সংঘাতপূৰ্ণ এক মৰমান্তিক অভিজ্ঞতা|

কোনোবাই নিজৰ জীৱনৰ সংগ্ৰাম ,
সংঘাত সাফল্য আৰু প্ৰতিশ্রুতিৰে
সময়ক কৰি তুলিলে 
ঐশ্বৰ্য্যশালী আৰু সমৃদ্ধ |

কিছুমানে সময়ৰ বুকুত আঁকি গ'ল
মচিব নোৱাৰা বিচিত্ৰ ৰেখা |
কেতিয়াবা পিছলৈ ঘূৰি চাই,
আশ্বস্ত হৈ পৰিলেও জিৰণি লোৱাৰ 
দুৰ্বলতা নাইকিয়া |

উদ্দেশ্যহীন কৰ্মহীন হৈ দিন কটোৱাৰ 
ইচ্ছা নাই কাৰো ,
তাৰ কাৰণে এই পুণ্যভূমিত 
জন্ম গ্ৰহণ কৰা নাই কোনো |

                                                    📝কৃষ্ণাশ্রী বৰা | Lucent

Lucent

63c41d5b704776c43468ea7621007246

Krishnasree Borah

পুৱা সাৰ পাই দেখিলো ,
খিৰিকিৰ মুখতে এথোপা 
সজীৱ-সুগন্ধিময় 
ৰঙা -গুলপীয়া গোলাপ ফুল|

আহঃ কি আচৰিত 
গোলাপ ফুল পাহে যেন মোৰ
 ফালেই চাই হাঁহি আছে .,

ব্ৰহ্মতেজত তেজিয়ান হৈ থকা 
তোমাৰ এই মুখমণ্ডলে 
মোক যেন টানি লৈ যাই 
তোমাৰ ওচৰলে !

আকৌ ,অন্ধকাৰ নিশা 
খোলা খিৰিকিৰে সোমাই অহা 
জোনৰ কোমল হালধীয়া পোহৰে 
মোৰ কোঠাটো হৈ পৰে 
স্বৰ্গৰ দৰে !

কোঠাটোত জ্বলাই থোৱা 
মমৰ গোলাপী পোহৰৰ সৈতে 
ফেৰ মাৰি গোটেই কোঠাটোকে 
অপূৰ্ব কৰি তোলে |

                                                                    ✍ কৃষ্ণাশ্রী বৰা| who

who

loader
Home
Explore
Events
Notification
Profile