Nojoto: Largest Storytelling Platform
nojotouser9103025844
  • 584Stories
  • 1Followers
  • 2Love
    0Views

sangita

  • Popular
  • Latest
  • Video
8a8ff03527a580585f3f123701c14e83

sangita

সুবাস ক'ত ৰৈ যায়..? 
কোনে জানে। 
প্ৰতিটো কথা সামৰাৰ যি চেষ্টা, 
তাতেইটো হৃদয়খন চহকী হৈ উঠে।।

8a8ff03527a580585f3f123701c14e83

sangita

জনাৰণ্যৰ খামখুমিয়াত
খোজৰ ভিৰত,
হেৰাই যোৱা আত্মীয়তাৰ শ্ল'গান। 

ঘোষক সময় অনুসাৰে, 
সেইয়া এতিয়া নৈঃশব্দৰ বাট। 
যি বাটত তাহানিতে ফুলিছিল ব'হাগৰ তগৰ।।
অকৃত্ৰিমতাৰ ছাঁয়াত।

8a8ff03527a580585f3f123701c14e83

sangita

নাজানো...... !
ফাগুনে কত সদায়ৰ বাবে সাৰে থাকে.?

কিন্তু সবুজতাৰ চৌহদত ভালপোৱাৰ গান গোৱা,
উন্মন বাটৰ চহকী কথাবোৰৰ ভাঁজত....
জীৱনৰ ৰ'দত নিজকে সিঁচি দিব খোজা আবেগবোৰৰ তাত হয়তো........! 

ফাগুন এদিনৰ বাবে হ'লেও 
বেছিকৈ জী থাকে, 
গতানুগতিকভাৱে।

8a8ff03527a580585f3f123701c14e83

sangita

এতিয়া শব্দবোৰেই তুমি ,
সেয়েতু তুমি তুমি ল'গা প্ৰতিটো শব্দকেই জীৱনে সামৰিবলৈ ধৰে 
বৰ্ণহীন উকা পৃষ্ঠাত, 
কাৰণ,,
তুমিবিহীনতাত এই সময়েই আধৰুৱা।। — % & সহযোগ কৰিবচোন____
#অসমীয়া_অনুভৱ 
#অসমীয়াবান্ধৈ  #YourQuoteAndMine
Collaborating with kalpana Das

সহযোগ কৰিবচোন____ #অসমীয়া_অনুভৱ #অসমীয়াবান্ধৈ #YourQuoteAndMine Collaborating with kalpana Das

8a8ff03527a580585f3f123701c14e83

sangita

অঘোষিত কথাৰ ঘোষক হৈ,
সময় তই নাযাবি সেই বাটেৰে, 
যি বাটেৰে নতুনত্বৰ সন্ধানত নিজস্বতা উৱলি পৰে। 
সেই বাটে শিপাই যা.... 
য'ত সৃষ্টিৰ ওলগনিত কৃত্ৰিমতাৰ আৱৰণ নপৰে,
জীৱন জীৱন হৈয়ে থাকে ।।

দিন বাগৰে, 
তমসাৰ ছায়াক সন্ধিয়াই সামৰি ধৰে। 
অথচ....!!
সাৰে থাকে জোন...., 
পুৱতি পৰ্যন্ত...
পোহৰে ৰ'দ হৈ নহা পৰ্য্যন্ত।। 💚

8a8ff03527a580585f3f123701c14e83

sangita

আমি জীৱন জীয়াৰ সাধনা কৰো। 
ৰাজপথৰ বুকুত উশাহবোৰ এৰি, 
সেই সপোনটিৰ ঠিক পিছে- পিছেই দৌৰ মাৰো। 

অসহজৰ পৰা সময়ৰ সৈতে সহজ হৈ খোঁজ দিবলৈ ..!
অসহজৰ পৰা সময়ৰ বুকুত চিৰনতুন কাহিনী ৰচিবলৈ,
কিমান যে অনুশীলন.....!!

সেয়েতু আমি জীৱনক সুখৰ ৰ'দ দিবলৈ,
আৰম্ভ কৰো চিৰপ্ৰৱাহিত পথত, 
দৈনন্দিন যাত্ৰাৰ নৱতম ইতিকথা।।

8a8ff03527a580585f3f123701c14e83

sangita

ৰৈ যোৱাহেঁতেন....!
সেই আদিপুৱাত, 
বুৰঞ্জী ন'হলহেতেন এই সময়
'পোহৰ পোহৰ' কথাৰ।।

সময়ে চুই যোৱা শব্দৰ মাজত 
অলিখিত অযুত কথাৰ দৃশ্যপটৰ ভাঁজত,
ৰৈ গ'লহেতেন......!
ৰ'দৰ বুকুত,
কিংবদন্তি হৈ জোনাকৰ কথকতা----
তমসাৰ বুকুত পোহৰ বিচৰাৰ।।

8a8ff03527a580585f3f123701c14e83

sangita

হাতৰ মুঠিত আৱেগবোৰ বান্ধি , 
কিছু চঞ্চলতা বুকুতেই সামৰি, 
ৰৈ যাব এনেকৈয়ে 'জীৱন',
অথচ, সময়ে কৈ যাব তেতিয়াও...... 
 
সুখৰ ৰ'দত উশাহ লোৱা কবিতাবোৰ যদিহে, 
উভটি নাহে.....!!
ন কৈ শিপোৱা এই কথাবোৰৰ ৰাগিত,
কাহিনীবোৰ কেনেকৈ জী উঠিব ... ?
নিশাহৰ ব্যস্ত ছবিৰ অপ্ৰকাশ্য শব্দৰ ভাঁজত। 
জীৱনে জীৱনক আৱৰি লোৱাৰ পৰত।।

8a8ff03527a580585f3f123701c14e83

sangita

কথাবোৰ ৰৈ গ'ল.....!!
থৰ লগা সময়খিনিত থূপ খাই
এটি ৰুগ্ন হুমুনিয়াহ হৈ একোণত। 

সেই ৰ'দ থকা বাটটিৰে পাৰ হৈ যোৱা ,
হাঁহিত আহি পৰা সেই ৰঙটিৰ
অগতানুগতিক অৱশেষত ,
"সময়ৰ বুকুত পোহৰ বিচাৰি শেষৰটি অংকন"।।

8a8ff03527a580585f3f123701c14e83

sangita

সেই অৰণ্যখনিৰ  সিটো পাৰে... 
আকাশৰ বুকুত ঐকান্তিকতাত ডুব যোৱা 
এজাক চৰাই উৰে। 
সুখৰ মেলা বহে তাত,
আমিবোৰে চাই ৰওঁ।
চিফুংবাঁহীত বাজে জীৱনৰ কিয়দাংশ,
উজাই আহিব পৰাকৈ সদাপ্ৰস্তুত কিছু শুভাসা।

ঠিক সেইখিনিতেই কৈ যাই----
"মানুহবোৰ প্ৰিয় হৈ থাকিলেহে সময়বোৰ আপোন হয়" 
"উশাহবোৰ হেঁপাহৰ হয়"
জীৱন সেউজবুলীয়া।।

loader
Home
Explore
Events
Notification
Profile