Nojoto: Largest Storytelling Platform
kaushikchoudhury2309
  • 3Stories
  • 4Followers
  • 0Love
    0Views

Kaushik choudhury

  • Popular
  • Latest
  • Video
8edbfbda356c766c91154f126461c462

Kaushik choudhury

জুবিন গাৰ্গৰ সংগীতানুষ্ঠান পোনপ্ৰথমবাৰৰ বাবে উপভোগ কৰাৰ পিছত মোৰ কিছু অনুভৱ....

‌           সংগীত নক্ষত্ৰ জুবিন গাৰ্গ মানেই সংগীত আৰু সংগীত মানেই জুবিন গাৰ্গ এই কথা কাকো নতুনকৈ বুজাই দিয়াৰ প্ৰয়োজনীয়তা নাথাকে ।জুবিন গাৰ্গৰ গীতসমূহ এটা যুগক প্ৰতিনিধিত্ব কৰা অন্যতম সাংস্কৃতিক সমল। ব্যক্তিগতভাৱে জুবিন গাৰ্গৰ স্হান মই চিৰকাল মোৰ অন্তৰৰ এচুকত দি থৈছো যি স্হান হয়টো আৰু কোনেও কেতিয়াও পূৰাবলৈ সমৰ্থ  নহ'ব ।২০০৭ চনত নিত্যানন্দ আঞ্চলিক ৰঙালী বিহু সন্মিলনীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান পোনপ্ৰথমবাৰৰ বাবে উপভোগ কৰিছিলোঁ যদিও সেই সময়ত মোৰ বয়স আছিল মাত্ৰ ৫ বছৰ সেয়েহে যোৱাকালি ভৱানীপুৰত উপভোগ কৰা অনুষ্ঠানখনেই মোৰ বাবে আছিল জুবিন গাৰ্গ প্ৰকৃততে কি সেই কথা জনা হোৱাৰ পিছত উপভোগ কৰা প্ৰথমখন অনুষ্ঠান । বহু আশা বহু উৎসাহী মন এটা লৈ বন্ধু নিৰুপমৰ আহ্বানত ৰাওনা হৈছিলো ভৱানীপুৰলৈ । সন্ধিয়া ৭বজাৰ পৰা অপেক্ষা কৰি কৰি অৱশেষত নিশা ১১ বজাত আমাৰ কাণত পৰিছিল সেই বিশেষ ঘোষণাটো । দৰ্শকৰ জয়ধ্বনিৰ মাজেৰে জুবিন গাৰ্গ আহি আমাৰ সন্মুখত উপস্হিত হৈছিল,আহিয়েই স্বভাৱসূলভ ভংগীৰে তেখেতে সকলোকে সম্বোধন কৰি কৈছিল "মই এতিয়া জনপ্ৰিয় শিল্পী নহয়,বিদ্ৰোহী শিল্পীহে...চাৰিওফালে কেৱল কা কা কা অসমত কাউৰী বেছি হৈছে...গান-বাজানা এইবিলাক বাদ দি কেৱল আন্দোলনেই কৰি আছোঁ...আৰু কৰি যাম!"
ইয়াৰ পিছতেই "মোৰ মনৰে কল্পনা" ৰ পৰা আৰম্ভ কৰি তেওঁ গাই গৈছিল এটাৰ পৰা আনটো আমাৰ চিৰপৰিচিত গীতসমূহ...আমি কেৱল মন্ত্ৰমুগ্ধ হৈ শুনিছিলো...মাজে মাজে চকু দুটা মুদি দিওঁ,এনেকুৱা লাগে যেন গীতবোৰ তেওঁ নিজে নাগাই বজাইহে দিছে....আচলতে তেখেতৰ পৰিৱেশনশৈলী ইমান নিখুঁত যে গীতবোৰ বজাই দিয়া যেন লগাটো স্বাভাৱিক।এটা এটাকৈ মুঠ ১৬টা গীত পৰিৱেশন কৰাৰ পিছতো তেওঁৰ কন্ঠৰ সাম্যক পৰিৱৰ্তন নোহোৱা দেখি আচৰিত হৈ পৰিলোঁ । কেনেকৈ এজন ৪৮ বছৰীয়া শিল্পীয়ে ইমান মিঠা কন্ঠৰে গীত গাব পাৰে,কেনেকৈ তেওঁ একেৰাহে ইমানকেইটা গীত পৰিৱেশন কৰাৰ পিছতো তেওঁন কন্ঠৰ সামান্য পৰিৱৰ্তন ও নোহোৱাকৈ থাকিব পাৰে । সঁচাকৈয়ে তেওঁৰ কন্ঠত ভগৱানৰ কিবা একক কৰুণা আছে।
গীতৰ মাজতেই তেখেতে কৰা ধেমালিবোৰ...তেখেতৰ যুক্তিপূৰ্ণ তথা বিতৰ্কিত কথাবোৰৰ সোৱাদটো আছেই তদুপৰি তেখেতে কা ৰ বিৰোধিতাৰে দিয়া "ওহো" তথা "জয় আই অসম" ধ্বনিয়ে অনুষ্ঠানত উপস্হিত সকলোৰে মাজত বিয়পাই দিছিল জাতীয় চেতনাবদ্ধ শিল্পীৰ দায়বদ্ধতাৰ নিদৰ্শন ।অনুষ্ঠান শেষহোৱাৰ কিছু সময় পূৰ্বে জুবিন গাৰ্গে সহশিল্পী ভানুপ্ৰিয়াক গীত পৰিৱেশন কৰিবলৈ দি কিছুসময় জিৰণি লৈছিল । সেইখিনি সময়তেই আৰক্ষী বিষয়াকেইজনমানে ছেলফী উঠাৰ বাবে জুবিন গাৰ্গক কাৰ্যালয়ৰ ৰুমলৈ লৈ আহিছিল।চৰম দুৰ্ভাগ্যবশত মোৰ মোবাইলৰ চাৰ্জ ইতিমধ্যে শেষ হৈছিল কিন্তু প্ৰাণৰ শিল্পী গৰাকীক এবাৰ চুই চোৱাৰ হেঁপাহেৰে মইও সোমাই গৈছিলো কাৰ্যালয়টোৰ ভিতৰলৈ...সৌভাগ্য আছিল যে কোনেও মোক বাধা দিয়া নাছিল ।সোমাই গৈয়েই দেখিলো জুবিন গাৰ্গ বিভিন্নজনৰ লগত ছেলফী উঠাত ব্যস্ত,সেইখিনি সময়ত মোবাইলটো পেলাই দিবলৈ মন গৈছিল । ছেলফি উঠাৰ সৌভাগ্য এইবেলি নহ'ল যদিও জুবিনদাৰ ভৰিখনত এবাৰ চুই দিলো জুবিনদাই ও মোৰ ফালে চাই কান্ধত হাতখন এবাৰ বুলাই দিলে আৰু কেমেৰা লৈ ৰৈ থকা বহুকেইজনকেই নিৰাশ কৰি security য়ে তেওঁক পুনৰ আঁতৰাই  লৈ গ'ল গীতৰ মাজলৈ । সদৌ শেষত "য়ালী" গীতটো আৰম্ভ কৰাৰ  পিছতেই মোবাইল এটা লৈ মই stage ৰ side ত থিয় হ'লো এইবাৰ নামি আহিলে ছেলফি উঠিমেই,নিউজ চেনেলবোৰো সাজু হ'ল মাইক,কেমেৰা লৈ জুবিন গাৰ্গৰ ভাষ্য লোৱাৰ বাবে। "য়ালী" শেষ কৰি কোনফালেৰে security য়ে জুবিন গাৰ্গক নি বাহনত উঠালে আমি কোনেও গমেই নাপালোঁ । নিৰাশ হ'লো আমি,নিৰাশ হ'ল হেডলাইন কৰাৰ বাবে ৰৈ থকা প্ৰা ৬টাকৈ নিউজ চেনেল ।জুবিনদাৰ ৰাজধানী এক্সপ্ৰেছৰ দৰে গৈ বাহনত উঠিল,সাংবাদিকে মাইক লৈ খেদি গ'ল তেওঁ কেৱল এটা কথায়েই কৈ  গ'ল যে মই একো নকওঁ ।ৰাষ্ট্ৰীয় ঘাইপথৰ বাহনসমূহ বন্ধ কৰি দি মিনিষ্টাৰৰ নিচিনা জুবিন গাৰ্গৰ বাহনৰ লগত অহা প্ৰায় ৫খন বাহনসহ জুবিন গাৰ্গক যাবলৈ দিয়া হ'ল । সকলোৱে "জয় জুবিন দা" ধ্বনিৰে তেখেতক বিদায় জনালে ।মনটোত দুখতকৈ বেছি সুখ লাগিছিল কিয়নো মোৰ বহুদিনীয়া আশা এটা পূৰণ হৈছিল। আমিও বন্ধু নিৰুপমহতঁৰ ঘৰলৈ যাবলৈ ওলাইছিলো ৰাতিটো কটোৱাৰ উদ্দেশ্যে...ইতিমধ্যে ৩ বাজিছিল ।যোৱানিশা অনুষ্ঠান চাই দুটা কথা বৰ ভাল পালোঁ যে জুবিন গাৰ্গে যোৱানিশা কৰা অনুষ্ঠানটো আছিল অত্যন্ত গাম্ভীৰ্যপূৰ্ণ,সম্পূৰ্ণ সুস্হ অৱস্হাত কালি মাথো তেওঁ গীত গাইছিল,আমাক মুহি পেলাইছিল নিজস্ব ভংগীমাৰে আকৌ ভৱানীপুৰৰ দৰ্শকসকলৰ সহযোগিতা আছিল অত্যন্ত শান্তিপূৰ্ণ,কোনোধৰণৰ হ'ব নলগীয়া ঘটনা সংঘটিত নোহোৱাকৈ ইমান ডাঙৰ অনুষ্ঠান এটা অত্যন্ত সৰলভাৱে সমাপ্ত হৈছিল কেৱল শান্তিপ্ৰিয় দৰ্শকসমূহৰ বাবে যাৰ ফলত প্ৰশাসনৰ ও বিশেষ নিৰাপত্তা প্ৰদানৰ প্ৰয়োজনীয়তা হোৱা নাছিল ।শেষত আশা কৰোঁ অসমৰ one &only living ligend জুবিন গাৰ্গৰ প্ৰত্যেকটো অনুষ্ঠানেই যোৱাকালিৰ অনুষ্ঠানটোৰ দৰে গাম্ভীৰ্যপূৰ্ণ হওঁক ।নিসন্দেহে ১০ জানুৱাৰী,২০২০ তাৰিখটো মোৰ জীৱনত চিৰস্মৰণীয় হৈ  ৰ'ব ।

8edbfbda356c766c91154f126461c462

Kaushik choudhury

আপচোছ
------------------------    
                                                           -কৌশিক

নাজানো মোক বেয়া পোৱাৰ কাৰণটো কি আছিল,
কেৱল তেওঁ নিৰুদ্দেশ হৈছিল!
বহুত বিচাৰিছিলো তেওঁক,হয়টো আজিও বিচাৰি আছো
বহুত সপোন দেখিছিলো তেওঁ থকা সময়খিনিত
জীৱনৰ বহুত আনন্দময় মূহুৰ্ত কটাইছিলো তেওঁৰ লগত 
তেওঁৰ লগত উমলিছো-জামলিছো,হাজাৰ কথা পাতিছো
কাৰণ তেওঁ আহিছিল মোৰ মনস্বত্বত তেওঁৰ সপোনৰ কুটীৰটো সজাবলৈ।
তেওঁৰ সান্নিধ্যত জীৱনৰ সবাতোকৈ স্ফূৰ্তিবহুল সময়খিনি মই লাভ কৰিছিলো হয়টো উপহাৰ হিচাপে!
শুনিছো উপহাৰ বিলাক হেনো কেতিয়াও বেয়া হ'বই নোৱাৰে,
কিন্তু শুনা কথা সকলো সঁচা নহয়।
তেওঁৰ অহা সময়খিনিত যেনেকৈ মনে মনে আহিছিল তেনেকৈ যোৱা সময়খিনিত ও মোক এষাৰো মাত নলগােৱাকৈ তেওঁ আঁতৰি গ'ল
নিষ্ঠুৰ তেওঁ! নিষ্ঠুৰ তেওঁৰ চৰিত্ৰ!
তেওঁ যেন এজন পলাতক আচামী,দুৰ্ধৰ্ষ অপৰাধী।
যদি যাবলগীয়াই আছিল তেন্তে কিয় আহিছিল মনটো ৰঙীন কৰিবলৈ দুদিনৰ বাবে,
 কেতিয়াবা পামনে নে আৰু তেওঁৰ সান্নিধ্যত উমলাৰ সেই মধুৰ সৌভাগ্যকণ ?
তেওঁ থকা সময়খিনিত ভাল-বেয়া নাজানিছিলো,নাজানিছিলো কি অনুভূতি,
তেওঁ আতৰি গ'ল আৰু হঠাতেই যেন সকলো হেৰাই গ'ল
তেওঁৰ অভাৱৰ অনুভূতি উপলব্ধি হ'ল।
গৈছে যাওঁকগৈ কিন্তু এবাৰ যদি মাতষাৰ দি গ'লহেতেন
হয়টো এবাৰ ধন্যবাদ দিব পাৰিলোহেতেন
ৰৈ গ'ল এইখিনি আপচোছ...

8edbfbda356c766c91154f126461c462

Kaushik choudhury

Sorry......       
 --কৌশিক
Sorry, তোমাক আজি লগ কৰিব নোৱাৰো ।
লগ কৰা কথা আছিল মৰা নদীৰ পাৰত,
সজা কথা আছিল আমাৰ মৰমেৰে ভৰা এটি সপোনৰ বালিঘৰ ।
কিন্তু Sorry.......
সপোনৰ সেই বালিঘৰটোচোন সপোনতেই অহা এজাক মলয়া বতাহে ভাগি-চিগি নি:শেষ কৰি পেলালে!
মানুহে কোৱা শুনিছো মৰমৰ বোলে অসীম ক্ষমতা..
হয়টো আমাৰ মৰমখিনিৰেই পুষ্টিহীনতা হৈছিল যাৰ বাবে মৰমখিনিয়ে প্ৰয়োগ কৰিব পৰা নাছিল তাৰ ক্ষমতাখিনি,বাধা দিব পৰা নাছিল সপোনৰ বালিঘৰটো ভাঙিবলৈ অহা মলয়া বতাহজাকক!
সেয়েহে আমাৰ মৰমখিনিৰ হৈ মইয়েই কৈছো...Sorry...


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile