Nojoto: Largest Storytelling Platform
nibirnibir2117
  • 29Stories
  • 42Followers
  • 214Love
    178Views

Nibir Nibir

অন্যতকৈ সাধাৰণ

  • Popular
  • Latest
  • Video
ad3579c07fba123c64b8ea3ccad776ad

Nibir Nibir

126 Views

ad3579c07fba123c64b8ea3ccad776ad

Nibir Nibir

°~~~তুমি হীনতাত আজি ম‌ই অসুস্থ~~~°
   ~••~~~••~~~••~~~••~~~••~~~••~~~••~~~
তুমি অনুভৱ কৰিব পাৰিবা জানো
কেতিয়াবা অনুভৱ কৰি পাইছা নে ?
সমন্ধ গঢ়াৰ সময়ৰ কষ্ট আৰু সমন্ধ 
ভঙাৰ অব্যক্ত বেদনা..
তুমি জানা জানো ?
হৃদয় ভাগিলে কিদৰে সৰি সৰি পৰে
সপোনৰ পাহি বোৰ . .
তোমাক পোৱাৰ আশাত
কিদৰে আঁতৰি যাই 
আপোন বোৰ !
যেতিয়া হৃদয় ভাঙে
বিষাদে ছানি ধৰে বুকু খনত
যিদৰে পূর্ণিমা জোনটিৰ
মুখত কলীয়া ডাৱৰে অভিমানৰ বোল সানে..
তুমি কি বুজিবা 
আনৰ অন্তৰত গলি শেষ হোৱাৰ মমৰ
তপ্ততা  কিমান ?
তুমি টো প্ৰতিদিনেই সলনি কৰা তোমাৰ প্ৰেমাষ্পদ... 
মোৰ সিদ্ধান্তৰ ভুলৰ বাবেই
তুমি হীনতাত আজিও ম‌ই অসুস্থ ।।
   
         ✒️নিবিৰ ৰাজবংশী
          ~পাঞ্জাবাৰী গুৱাহাটী~
              - ২৯/০৫/২০২০ - kripanjali

kripanjali

14 Love

ad3579c07fba123c64b8ea3ccad776ad

Nibir Nibir

...••মৰমৰ চায়ানিকা জনিৰ জন্মদিন••...
•••
মৰমৰ চায়ানিকা জনীৰ জন্মদিন...
শুভকামনা বেলেগকৈ আৰু নিদিওঁ দিয়া 
দিব বিচৰা নাই অন্যৰ দৰে 
দিনটোৰ প্ৰথম টো ছেকেণ্ডত
মই প্ৰতিযোগিতাৰ প্ৰমাণ দিব খোজা নাই
তোমাৰ ওচৰত....
স্তুতি কৰি মনৰ পৰা বিচাৰিম তুমি যেন 
জীৱনত সকলোবোৰ সুখ পোৱা 
তুমি জানানে ? 
তোমাৰ যে এই ঘপকেৈ 
আপোন কৰি ল'ব পৰা 
গুনটোৱে মোক খুব ভয় লগাই  
কেতিয়াবা ভাগি পৰা বুলি 
চিন্তা হয় মোৰ ! তথাপিটো
তুমি আগুৱাই যোৱা, সুখী হোৱা.....
জন্মদিনৰ বহু বহু শুভকামনাৰে…
জন্মদিনৰ অলেখ শুভচ্ছা থাকিল...
সদায়ৰ দৰে আজিও কও   
তুমি সকলো সময়তে দুখ কষ্টবোৰ নেওচি
সুখৰ জীৱনটো উপভোগ কৰা ।
সদাই জানি থোৱা তুমি
"দুখ কষ্টৰ মাজেৰে অতিবাহিত কৰা 
সংগ্ৰামেই হল সুখৰ জীৱন"
আজি সেই বাবে চাগে তুমি অন্যতকৈ 
দহ গুণে সুখী চায়ানিকা ।।
          
          ✍️নিবিৰ ৰাজবংশী
             পাঞ্জাবাৰী গুৱাহাটী
               ২৮/০৫/২০২০ chayanika brthdy
#a

chayanika brthdy #a

13 Love

ad3579c07fba123c64b8ea3ccad776ad

Nibir Nibir

•- তাই বেইশ্যা-•
    ~•=••=•=••=•=••=•=••=~
তাইয়ো এগৰাকী নাৰী
তাইৰো এখন বহল হৃদয় আছে
বুজি তাইও পাই 
জীৱন, মৰম, ভালপোৱাৰ সংজ্ঞা...
তাইৰ মনেও স্পৰ্শ কৰিব বিচাৰে 
পৱিত্ৰতাৰ আকাশখন ।
আজি তাই সকলো জানিও
নজনাৰ দৰে প্ৰতিটো খোজত 
আজি তাই অনুতপ্ত ।
পৰস্থিতিৰ বাধ্যৰ বান্ধত তাই
অসহায়ত নিজকে সমৰ্পিত কৰে
যৌনতাৰ ভোকাতুৰ বোৰৰ ওচৰত..
সন্ধ্যা হলেই প্ৰতিদিনাই নামি আহে
তাইৰ বাবে ঘোৰ অমানিশা
সুগন্ধিত তাইৰ দেহত
আন্ধাৰ হলেই ন ন গ্ৰাহকৰ দামা - দামী
তাৰ পিছতেই আৰম্ভ হয় প্ৰতিটো পলে
যৌন সংগ্ৰাম ।
ইমানকৈ তাইক শোষণ কৰাৰ পিছতো 
মুঠেও সিহঁতৰ নকমে যৌনতাৰ ভোক
তথাপিও তাই নীৰৱে নিমাত হৈ ৰয় ।
প্ৰতিদিনাই বিবস্ত্ৰ হ‌ই তাই
এমুঠি খোৱাৰ তাৰনাত...
সহস্ৰজন ভোকাতুৰৰ সম্ভোগৰ ক্ষুধা
নিবাৰণ হয় তাইৰ অনম্বৰ শৰীৰত
শত সহস্ৰৰ সম্ভোগৰ ক্ষুধা নুমুৱাই হৈছে
তাইৰ পেটপুজাৰ অন্যতম পথ..
সেয়ে এতিয়া আজিৰ সমাজত তাই
এজনী চৰিত্ৰহীনা বেইশ্যা
এয়াই তাইৰ জীৱন যুদ্ধ 
এযাই তাইৰ জীৱন গাথা ।।
            
          ✍️নিবিৰ ৰাজবংশী
          (পাঞ্জাবাৰী বতাহঘূলি) 
               (২৩/০৫/২০২০) #Assam

13 Love

ad3579c07fba123c64b8ea3ccad776ad

Nibir Nibir

সাঁথৰ সাঁথৰ হৈ যোৱা মোৰ জীৱনটোত
মই একোৱেই নুবুজিলোঁ
সুখী সুখী হৈ থকা মোৰ 
প্ৰতিটো পল যে
দুখৰ আছিল মই একোৱেই উম্ পোৱা নাছিলো
সপোনবোৰো ধুমুহাৰ লগতেই উৰি গুচি গল
আশাবোৰো যেন কলিতেই মৰহি 
সৰি সৰি গল হৃদয় ভগাৰ সপোনৰ পাহিবোৰ..
মোৰ আপোনবোৰো বিলীন হল দুৰ দিগন্তত
পূৰ্ণিমা জোনটিৰ মুখত কলীয়া ডাৱৰে অভিমান পতাৰ দৰে
মোৰ বুকুত বিষাদেৰে ছানি ধৰিছেহি
জ্বলি থকা চাকি গছি বুকুতেই নুমালে 
তুমি নাই বাবেই এতিয়া
জীপাল হৈ থকা হৃদয়খনিও 
মৰুভূমি হৈ ৰল মাথোঁ
তুমি কি বুজিবা সাঁথৰ হৈ যোৱা 
মোৰ জীৱনগাথা ।।

                               ✍️পৰিণীতা বৰা #footsteps
ad3579c07fba123c64b8ea3ccad776ad

Nibir Nibir

তুমি বিহীন মোৰ এই জীৱন
আধা লিখা স্তৱক 
তুমি বিহীন বিতুষ্ট সপোনবোৰ লৈ
কিদৰে জীয়াই আছোঁ 
মোক এবাৰ চাই যোৱাহি
তুমি মোৰ বুকুত সিছি থৈ যোৱা 
সেই সেউজীয়া সপোনবোৰৰ মাজতে
 আজিও মই নিজকে জীয়াই ৰখাৰ যুদ্ধকালীন প্ৰচেষ্টা 
এতিয়াও অন্ত পৰা নাই ।
কেতিয়াবা ভাগৰি পৰো
নিজকেই যেন হেৰাই পেলাও নিজৰ মাজতে
এতিয়ানো অতীতৰ সোঁৱৰণী বোৰ সোঁৱৰাই  কি লাভ
কি দৰকাৰ মোৰ বুকু খন ‌ গধূৰ কৰাৰ
তথাপিও সেই সোঁৱৰণী বোৰেই  যেন 
আজি মোক মনটোত জীয়াই থকাৰ আশ্বাস দিয়ে ।।
   
                             ✍️নিবিৰ #eidmubarak
ad3579c07fba123c64b8ea3ccad776ad

Nibir Nibir

-মই বেইশ্যা-

  ময়ো এগৰাকী নাৰী
মোৰো এখন বহল হৃদয় আছে
বুজি মইও পাও জীৱন, মৰম, ভালপোৱাৰ সংজ্ঞা
মোৰ মনেও স্পৰ্শ কৰিব বিচাৰে 
পৱিত্ৰতাৰ আকাশখন ।
আজি সকলো জানিও
নজনাৰ দৰে প্ৰতিটো খোজত আজি মই
অনুতপ্ত ।
পৰস্থিতিৰ বাধ্যৰ বান্ধত 
অসহায়ত নিজকে সমৰ্পিত কৰো
যৌনতাৰ ভোকাতুৰ বোৰৰ ওচৰত
সন্ধ্যা হলেই প্ৰতিদিনাই নামি আহে
মোৰ বাবে ঘোৰ অমানিশা
সুগন্ধিত মোৰ দেহত
আন্ধাৰ হলেই ন ন গ্ৰাহকৰ দামা - দামী
তাৰ পিছতেই আৰম্ভ হয় প্ৰতিটো পলে
যৌন সংগ্ৰাম
ইমানকৈ মোক শোষণ কৰাৰ পিছতো 
মুঠেও সিহঁতৰ নকমে যৌনতাৰ ভোক
তথাপিও মই নীৰৱে নিমাত হৈ ৰও 
প্ৰতিদিনেই বিবস্ত্ৰ হ‌ও মই
এমুঠি খোৱাৰ তাৰনাত
সহস্ৰজন ভোকাতুৰৰ সম্ভোগৰ  ক্ষুধা
নিবাৰণ হয় মোৰ অনম্বৰ শৰীৰত
শত সহস্ৰৰ সম্ভোগৰ ক্ষুধা নুমুৱাই হৈছে
মোৰ পেটপুজাৰ পথ
সেয়ে এতিয়া আজিৰ সমাজত মই
চৰিত্ৰহীনা বেইশ্যা
এয়াই মোৰ জীৱন যুদ্ধ 
এযাই মোৰ জীৱন গাথা ।।
              
   ✍️নিবিৰ
          (পাঞ্জাবাৰী ২৩/০৫/২০২০) @

@

9 Love

ad3579c07fba123c64b8ea3ccad776ad

Nibir Nibir

~মোৰ বাবাই দা ~
বাবাই দা,
তই নোহোৱা এটা নিস্তব্ধ জীৱন
সেইদিনা পলকতে নুমাই গৈছিল
মোৰ জীৱনৰ চাকি গচিৰ শলিতা ডাল
এতিয়া কোনে বাৰু দুনাই জ্বলাব পাৰিব ক..?
তোৰ সেই হাঁহি মুখৰ মৰম লগা, কথা, ভালপোৱা..
হঠাৎ তই নাই বুলি ক‌ওতেই যেন
সকলো নাইকিয়া হৈ গল নিমিষতে
কেৱল নীৰৱ নিস্তদ্ধ ! নীৰৱতা.....
সেইদিনা পুৱা তোক সাৱটি কোলাত লৈ কিমান
জগাইছিলো  তই জান ?
তই কত জানিবি নামাত এ ছোন মুখেৰে
চুলিত টানিলে খং কৰা মোৰ বাবাই দা 
এতিয়া মোক অভিমান নকৰি শুই আছ যে কিয় ?
তোৰ যে একো উম-ঘামেই নাই..
বাবা দাই উঠ না তই !
আই পিতাই কৈছে তই বোলে
আমাক আৰু কেতিয়াও মাত নিদিয় বোলে 
কিন্তু কিয় বাবাই দা ?
মই নাজানিছিলোঁ এনেকৈয়ে 
"বাবাই দা" শব্দটো এনেদৰেই হেৰাই যাব বুলি মই সপোনতো ভবা নাচিলো....
চিঞৰি চিঞৰি কান্দিছিলোঁ বাবাই দা
তোক হেৰুৱাৰ বেদনাৰ তাৰণাত...
ত‌ই  এবাৰো নামাতিলি বাবাই দা 
গুছি গ'লি আমাক এৰি থৈ নিচিনা ঠাইলৈ
কিয় গ'লি বাবাই দা.. 
ত‌ইটো জানিছিলি ন
তই নোহোৱা আমাৰ এই জীৱন যে  শূন্যতা....
কেনেকৈ কটাম জীৱনটো?
তয়ে টো আমাৰ সকলো আছিলি
আমাৰ আশাৰ পৃথিৱী খনো.. 
পৃথিৱীখন এতিয়াও সাৰে অাছে অ
মাথোঁ তই শুই গ'লি অ বাবাই দা...
তোৰ মায়া বোৰে আমাক এতিয়াও খুব আমনি কৰে..
ফটোৰ ফালে চাই  চাই আই পিতাই হুক-হুকাই কান্দি কান্দি প্ৰতিটো দিনাই বাট চাই পদূলি মুখলৈ
কিজানি তই কেতিয়াবা আহই বা...
বাবাই দা তই সঁচাকৈ কেতিয়াও নাহ ন তই ?
তই এৰি যোৱাৰ পৰাই
জীৱন মানে কি বুজিছো অ বাবাই দা..
জীৱনৰ অস্তিত্ব কি বুজিছোঁ এতিয়া...
প্ৰতিটো পলত তোৰ নোহোৱা অভাৱে 
মোক খুব বেয়াকৈ দহাই পেলাইছে
মোৰ জীৱনৰ চাকি গছিৰ শলিতা নুমাই
বন্তি গছিৰ কাষ ভাঙি যাই
তেল বোৰ বাগৰি অহা  দি 
প্ৰতিদিনে  নীৰৱতাৰ আৰ লৈ একাধাৰে অশ্ৰু নিগৰে
তই নাই বাবে এতিয়া তোৰ নথকা অভাৱ বৰকৈ অনুভৱ কৰোঁ...  
আই পিতাই প্ৰায়ে উচুপি উঠে
তোলৈ বাট চাই ৰৈ থাকে দুৱাৰ দলিত..
মোৰ চাবলৈ বৰ কষ্ট হয় অ বাবাই দা....!
আই পিতাইক কুশলে ৰাখিম তই চিন্তা নকৰিবি দাদা।
বৰ কষ্ট হৈছে অ বাবাই দা..
তই যে নাই ঘৰখন এতিয়া ভীষণ উকা
কেতিয়াবা আকাশখনলৈকে জুমি চাওঁ
কিজানিবা তই তাতেই আছ....
কলৈ গ'লি বাৰু ত‌ই মোক এৰি 
এবাৰলেও নোকোৱাকৈ গুচি গ'লি...
নিৰৱ নিস্তব্ধ সন্ধ্যাবোৰে বেৰি বেৰি ধৰে বুকু খনত..
নিষ্ঠুৰ নিয়তিৰ কিনো যে খেলা...
মৃত্যু অনিবাৰ্য্য এইবোৰ সকলো জানিও যেন
কেনেকৈ মানি লওঁ মই তোৰ মৃত্যু বুলি ...!
তোৰ মৃত্যু হবই নোৱাৰে..
মোৰ বৰ কষ্ট হৈছে অ মানি লবলৈ তথাপিও
তই যে মোৰ হৃদয়তে থাকিবি অ বাবাই দা..
মোৰ হৃদয়ত সদাই পপিয়া তৰাটি হৈয়ে জিলিকিবি
যতেই আছ ত‌ই কুশলে থাক  বাবাই দা....।।
                       
                 ✍️নিবিৰ(গুৱাহাটী পাঞ্জাবাৰী)
                            ২০.০৫.২০২০ #feather

8 Love

ad3579c07fba123c64b8ea3ccad776ad

Nibir Nibir

আজি তোমাৰ জন্মদিন বুলি..
কি কম একো এ বুজি পোৱা নাই
তোমাক উপহাৰ দিবলৈ যে আজি 
মোৰ ওচৰত একোৱেই নাই ।
উদং হাত উদ্ং বুকু
তোমাৰ আৰু মোৰ দূৰত্ব প্রাই গভীৰ
আৰু কি জানা
মোৰ তোমাক লৈ কেইটি মান আশা মনতে পুহি 
এখন হৃদয় আৰু তোমাক লৈ সৃষ্টি কৰা এই
জীৱনতোৱেই টো মোৰ সম্পত্তি...
যদি তুমি লবলৈ ঘৃণা নকৰা দিব পাৰো মোৰ হৃদয়খন তোমাৰ হাতত তুলি
দিব পাৰো মোৰ নিস্বাৰ্থ সমস্ত ভালপোৱা.....
আৰু দিব পাৰো শুভকামনা সমূহ
তুমি সুখী হোৱা সদাই ...
মোৰ পৰী জনি...
তোমাৰ জীৱনটো সুখেৰে ভৰি পৰক
বিয়পি  পৰক আনন্দৰ বন্যা ।।

              অশান্তি দিয়া আপোনাৰ অচিনাকি
                                    -নিবিৰ- #Time

6 Love

ad3579c07fba123c64b8ea3ccad776ad

Nibir Nibir

°•জানমণি তোমালে মোৰ সৰু অনুভৱ•°

তাই ওঁঠ দুটা যেন টিকটিকিয়া ৰঙা 
গোলাপৰ নিচিনা কৰি সেউজীয়া জনি হৈ আহিছে
বাগৰি অহা তাইৰ কলা চুলি খিনি আৰু চকুত লগা
কিন্তু তাইক প্রবল আৱেগে  বিষণ্ণতাৰ মাজত আৱৰি ৰাখিছে 
তথাপিও কিন্তু  তাই ব্যৰ্থ হোৱা নাই
বাস্তৱৰ লগত মুখা মুখি হবলৈ
সকলো আঘাতৰ ব্যাঘাতক পৰাস্ত কৰি
নিজৰ মা পিতাক লৈ
প্ৰতিটো মূহুৰ্ততে তাই সুখী..
প্ৰতিটো দিনাই তাই আগুৱাই গৈছে হাজাৰ দুখ কষ্ট নেওচি
তাইৰ মৰমৰ চাইকেল খন লৈ..
তথাপিও তাইৰ ওঁঠত বিৰিঙি থাকে প্ৰতিটোদিনে
গোলাপৰ পাহি সদৃহ ৰাঙলী হাঁহিৰ জোৱাৰটো..
কেতিয়াবা মোৰ অনুভৱ হয়
তাইৰ চাগে খুব কষ্ট হয় ন....?
কিন্তু , নাই তাই বহুত সুখী
কাৰণ পিতা মাক সুশ্ৰখা সুখী কৰাৰ 
সকলোৰে ভাগ্য নাথাকে
আৰু সকলো পিতা মাৰ ভাগ্যৰ অধিকাৰীও হব নোৱাৰে
 জানমণি ৰ দৰে..
তথাপিও দুখেৰে যেন তাইৰ চকুৰ পতাৰে 
প্ৰতিদিনেই নিগৰি আহে ৰক্তাক্ত নিয়ৰ ৰ টোপাল ...
আচলতে জানমণি 
তুমি এজনী প্ৰকৃত জীৱন যোদ্ধা ।।
                          
                 ✍️নিবিৰ (গুৱাহাটী 
                                    পাঞ্জাবাৰী ) #মোৰ অনুভৱ

#মোৰ অনুভৱ #poem

7 Love

loader
Home
Explore
Events
Notification
Profile