Nojoto: Largest Storytelling Platform
nojotouser8421886881
  • 11Stories
  • 14Followers
  • 38Love
    45Views

manjusha devi

very simple ......beauty in simplicity

  • Popular
  • Latest
  • Video
c3d8bed9e3ad48ee1740715df0403216

manjusha devi

ডাঙৰ হলে তুমি কি হবা সৰুৰে পৰা সকলোৱে মোক শুদা
প্ৰশ্ন !!!!! এতিয়া ডাঙৰ হোৱাৰ পিছত কেৱল পুনৰবাৰ সৰু
হোৱাৰ ইচ্ছা......
হাঁহিবৰ ইচ্ছা নাই তথাপিও হাঁহিব লগা হয়..কোনোবাই
কেনে আছা বুলি সুধিলে বিন্দাছ বুলি কব লগা হয় ....
এইয়া আমাৰ জীৱন ভাওনা হয় সকলোৱে আমি নিজৰ
ভাও এনেদৰে কৰিব লগা হয়...
হে প্ৰভু মোক শক্তি দিয়া....
কিন্তু নেদেখা জন আছেনো কত লুকাই ??
সেই নেদেখা জনক বিচাৰিব গৈ পাথৰক ভগৱান
বনালো...সেই পাথৰক সন্তুষ্ট কৰিবলৈ ফুলি থকা ফুলৰ
বিসৰ্জন দি অইন এটা পাপ কৰিলো...
আজি সেই নিষ্পাপ ফুলৰ কান্দোন মোৰ কানত বাজি
আছে ...হাতো নেমেলিবা ফুলো নিছিঙিবা!!!!!!
নিজৰ অপৰাধৰ বাবে মন্দিৰ গলো মোৰ দোৱাবলৈ
কিন্তু অজানিতে তাতে অইন এক অপৰাধ কৰি আহিলো
....
কিছুমান মানুহে হাঁহি হাঁহি চকুলো বোৱাই নিজৰ দুখ
লুকুৱাই আৰু মই কান্দি কান্দি চকুলো বোৱাই সুখ
দেখুৱাও ..
মোৰ জীৱনে মোক সুধে বাৰে বাৰে মিছা হাঁহিতকৈ
সচাঁ কান্দোনৰ প্ৰাধান্য নো কিমান.. হাঁহি হাঁহি
জীয়াম নে কান্দি কান্দি মৃত্যুক আকোঁৱালি লম...
জীৱন কালৰ আধা বসন্ত পোৱা নোপোৱা খোৱা
কামোৰাৰ মাজতেই পাৰ হৈ গল..আজি জীৱন নাটকৰ
পোৱা নোপোৱাৰ হিচাপ কৰি উঠি দেখিলো দুয়োখন
হাত মোৰ ৰিক্ত ...
আজি জীৱন হৈ পৰিছে এক নিমিলা অংক ..
সন্মুখত দীঘলীয়া ৰাস্তা ...লক্ষ্য বিচিন্ন জীৱনৰ পৰা...
পাৰ কৰো কেনেকৈ ???

c3d8bed9e3ad48ee1740715df0403216

manjusha devi

#নতুন বছৰ       মঞ্জুষা দেৱী
                  বাক্সা

(ইংৰাজী নতুন বছৰৰ শুভেচ্ছা যাছিলোঁ ।) যিহেতু আমি অসমীয়া আমাৰ গাত আমাৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে অসমীয়া তেজ বৈ আছে সেয়ে আমাৰ বাবে নতুন বছৰ বহাগ মাহ ।কুলিৰ বিনন্দীয়া সুৰত ,নদীৰ কুলু কুলু শব্দত,কপৌ ফুলৰ সুগন্ধি ত,বিহুৰ মাতত ,ঢোলৰ কোবত মনৰ নাচনী নাচি ফুৰে মনৰ চোতালত কিয়নো কিয়নো এইয়া বিহু মাথোঁ নহয় নতুন বছৰৰ আগজাননী নতুন বছৰৰ আৰম্ভণি । প্ৰকৃতিয়ে ও নতুন বছৰক আদৰিবলৈ ন কুঁহিপাত মেলি ফুলৰ দলিছা পাতি হেঁপাহেৰে ৰৈ থাকে । সেই বহাগ মাহ  মোৰ বুকুৰ আপোন ।
   সৰুৰে পৰাই গ্রীটিং কাৰ্ড কিনি ইংৰাজী নতুন বছৰক আদৰি আহিছোঁ । মই অসমীয়া মাধ্যমত পঢ়ি অহা এজনী ছাত্ৰী  যদিও
কোনো এখন শিক্ষানুষ্ঠান বোৰত মাহ দিন বাৰ অসমীয়াত লিখিব শিকোৱা নাছিল । জানুৱাৰী মাহ ত মাঘ বিহু পালন কৰা হয় ,এপ্ৰিল বহাগ কোৱা হয় আমি এনেদৰেই শিকি আহিছোঁ।জানুৱাৰী ফেব্ৰুৱাৰী মাহ যিমান সলসলিয়া কব পাৰিছিলোঁ,বহাগ ,জেঠ আউৰাওঁতে কৰবাত খোকোজা লাগি গৈছিল ।তেতিয়া মন ভাল লাগিছিল যে অসমীয়া মাহ নাজানিলেও ইংৰাজী মাহ ধুনীয়াকৈ জানোঁ।
  শিক্ষানুষ্ঠানঃ ,অফিচ কোনো ঠাইত আজিলৈকে অসমীয়া দিন বাৰ মাহ লিখি নাপালোঁ ।তাৰিখ বাৰ মনলৈ আহিলেও ইংৰাজী শব্দ চকুৰ আগত ভাহি উঠিছিল ।দৰমহাৰ হিচাব নিকাচ কৰিবলৈ যেতিয়া বহো আপোনা আপুনি ১ ২ ৩ ৰ সলনি 123 আহে ,যোগ বিয়োগ ৰ সলনি প্লাচ মাইনাচ আহে ।তেনেহলে আমি কোন দিশৰ পৰা অসমীয়া? নিজৰ মাতৃভাষা এটা শুদ্ধকৈ কব নোৱাৰা হলোঁ ইংৰাজী ধাৰ কৰা ভাষাক বাদ দি ।নতুন ভাষা নতুন পৰম্পৰা নতুন সংস্কৃতি আমি শিকা খুবেই ভাল কথা ।মানুহে যিমান শিকিব সিমান জ্ঞানী হব কিন্তু সকলো বিসৰ্জন দি বেলেগৰ খিনি আদৰিলে জানো আমাৰ নিজৰ অস্তিত্ব থাকিব??
     আজি আমাৰ অসমীয়া জাতি সংকটত ।সেই সংকটৰ সময়ত বহুতো অসমীয়া পিকনিক বনভোজ নাখায় জাতিৰ হকে অহিংসা আন্দোলনত ভাগ লৈ আছে তেওঁলোক সকলোৰে প্ৰতি অন্তৰৰ পৰা ধন্যবাদ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু দেশৰ কাৰণে শ্বহীদ হোৱা সেই মহান আত্মাক হৃদয়ৰ পৰা নমন কৰিলোঁ আৰু তেওঁলোকৰ বাবে পদূলি মুখত সন্ধিয়া এগছি চাকি ও জ্বলাইছোঁ।
       মোৰ বন্ধু তালিকাত থকা সকলো বন্ধু বান্ধৱীক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ হয় কিন্তু হৃদয়ৰ পৰা বিচাৰোঁ অসমত অসমীয়া ভাষাই আকৌ প্ৰাণ পাই উঠক,আমি  সকলোসমীয়া ই অসমীয়া ভাষা কৈ গৌৰৱ অনুভৱ কৰো আহক ।নতুন বছৰত নতুন সংকল্প সকলোৱে লয়,সৰুৰে পৰা লৈ আহিছোঁ আমি সংকল্প বোৰ ।এই ইংৰাজী নতুন বছৰত সংকল্প লওঁ আহক শুদ্ধ অসমীয়া ভাষা কোৱাৰ,শুদ্ধ অসমীয়া ভাষা লিখাৰ ।
আমি অসমীয়া ৰ এটা দুৰ্বলতা নিজৰ খিনি এৰি দিওঁ আৰু বেলেগৰ খিনি গ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰোঁ।অসমৰ চুকে কোনে নানান ভাষা ভাষীৰ লোক আছে । বহুতো লোকে নিজৰ মাতৃভাষা এৰি নিদিয়ে কিন্তু আমি তেওঁলোকক নিজৰ মাতৃভাষা বাদ দি তেওঁলোকৰ ভাষাত বুজাবলৈ কুণ্ঠাবোধ নকৰোঁ।কিন্তু কিয়? আমি আমাৰ অসমীয়া ভাষা সকলো ভাষীৰ লগত ব্যৱহাৰ কৰোঁ আহক, যদি বুজি নাপায় তেওঁলোকে অসমীয়া শিকক আমি কিয় নিজৰ ভাষা বাদ দিম ।নে কি কয় ??(নতুন ভাষা শিকাৰ পৰিপন্থী নহয় কিন্তু নিজৰ ভাষাক বিসৰ্জন দিয়াৰ পৰিপন্থী)
 এই ক্ষুদ্র প্ৰচেষ্টা আমি আজিৰ পৰাই কৰো আহক ।
c3d8bed9e3ad48ee1740715df0403216

manjusha devi

#অহংকাৰ#

অহংকাৰ কৰে কিছুমানে ৰূপক লৈ,কিছুমানে কৰে গুনক লৈ ।কিন্তু অহংকাৰ কৰিব লাগে সুন্দৰ মনক লৈ ।প্ৰভু আপোনাৰ চৰণত শতকোটি প্ৰণাম । মোক ইমান সুন্দৰ মন দিয়াৰ বাবে ।যত নাই কোনো অহংকাৰ।এই বাবেই মই নিজৰ ওপৰত অহংকাৰ কৰোঁ যে মই অহংকাৰী নহয় ।কিহৰ বাবে মানুহে ইমান অহংকাৰ কৰে মই বুজি নাপাওঁ ।এচাম মানুহ আছে যিমান সিহঁতৰ লগত লাগি থাকিলে, যিমান সিহঁতক সহায় কৰিলেও তাৰ মাজতে ও নানান ভুল উলিয়াব।নানান বদনাম যাঁচিবই। মানুহ নামৰ প্ৰাণীটোক কোনো কাৰণত সন্তুষ্টি প্ৰদান কৰিব নোৱাৰিব ।মানুহ সৰল সহজ হৈ জীৱন নিৰ্বাহ কৰিবলৈ কিয় টান পায় মই নাজানিলো।কিয় সকলোখিনি কথাতেই কৃত্ৰিমতা,জটিলতা ।কিয় মাথোঁ বেলেগৰ কথা ক লৈ ইমান অশান্তি???        হোষ্টেলত এজনী হিন্দীভাষী ছোৱালী আছিল ।তাই বেছিভাগ সময় মন মাৰি থাকে।মই তাইৰ লগত কথা হব খোজো কিন্তু তাই মোৰ পৰা আঁতৰি ফুৰিছিল।আচলতে তাই মোৰ পৰা নহয় নিজৰ পৰাই পলাই ফুৰিছিল ।এদিন তাইৰ ৰুমত গৈ কথা পাতিলোঁ।তাই মানসিক হতাশাত আছিল ।তাই বেছিভাগ সময় ইনফেৰীটো কপ্লেক্স ত ভুগিছিল ।মই তাইক কলো তোমাৰ সমস্যা কত ,কিহৰ বাবে তুমি এনেদৰেই থাকা। তাইৰ মুখৰ ভাষ্য,”বা মই সদায় অসুখী ।মই হাঁহি বেয়া পাওঁ,মই নির্জনতা ভাল পাওঁ। মই উদাস থাকি ভাল পাওঁ,মনলৈ যেতিয়া নেতিবাচক চিন্তা আহে,মই সেই চিন্তাৰ মাজত সোমাই ভাল পাওঁ । মই সমস্যাৰ সমাধান কৰি বেয়া পাওঁ,সেই সমস্যাৰ মাজতেই থাকি সুখ পাওঁ ।যদি কিবা জটিল সমস্যাত পৰোঁ আত্মহনন ৰ চেষ্টা কৰোঁ কিন্তু তাত ও সফল নহওঁ ”  মই তাইৰ কথা শুনি মূৰত সৰগ পৰা জনী হৈ পৰিলোঁ । এইটো কেনে আত্মসন্তুষ্টি মানুহৰ ?যেতিয়া তাই হতাশ হয়, ব্লেডেৰে নিজৰ হাত কাটে আৰু সেই তেজ চাই ৰঙ পাই। এইটো এটা মানসিক বেমাৰ । যেতিয়া মানুহৰ মানসিক চাপ বেছি হয় তেতিয়া মানুহৰ চিন্তা শক্তি কমি যায়।  চিন্তাৰ পৰা দূঃচিন্তা ৰ দৃষ্টি হয় আৰু দুশ্চিন্তাৰ পৰাই আৰম্ভণি হয় মানসিক বেমাৰৰ । কিন্তু ইয়াত উল্লেখযোগ্য যে সকলো মানসিক বেমাৰী ক পাগল আখ্যা দিব নোৱাৰি।

#পাগল মস্তিষ্কৰ মানুহে একো বিবেচনা কৰিব নোৱাৰে কিন্তু তাই সকলো বুজিছিল জানিছিল।লিখা মেলা কৰিছিল ,গান গাইছিল।আমি সদায় ভাবিব লাগিব মানসিক ৰোগী তেওঁ হল কেনেকৈ ?আমাৰ মাজতেই মনোবল কম থকা, সৰু সৰু ঘটনা বোৰত উত্তেজিত হোৱা,সাধাৰণ কথাবোৰ ত বিচলিত হৈ আত্মহত্যা ৰ কথা ভবা এনে নানান মানসিক ৰোগী আছে ।আমি তেওঁলোকক সহায় কৰিব লাগে । তেওঁলোকক সময় দিব লাগে ।তেওঁলোকৰ সমস্যা বোৰ আলোচনা কৰিব লাগে ।যত সমস্যা আছে তাত সমাধান ও নিশ্চয় কৈ থাকিবই। এচাম আছে আকৌ সহ্য কৰিব নোৱাৰা ধৰণৰ অহংকাৰী । এই অহংকাৰ কিছূমান ৰ জন্মগত আৰু কিছুমান ৰ আৰ্জিত । কিছুমান ৰ অহংকাৰি স্বভাৱ ইমানেই উত্ৰাৱল যে কাষত গৈ একাষৰ মাত মাতিবই নোৱাৰি।  কথাৰ শৰেৰে এনেদৰেই আক্ৰমন কৰে হৃদয় খন ক্ষত বিক্ষত হৈ চিটিকি যাব ধৰে।  কথাৰ আক্ৰমণৰ সুৰ কিছুমান ৰ সহ্য নহয় ।আৰু এচাম আছে বাহিৰৰ পৰা ইমান শান্ত ,কথা বোৰ ও খুবেই লাহে লাহে কয় কিন্তু মিঠা সুৰৰ মাজেৰেই দি যায় তিক্ততা।অতিমাত্ৰা মিঠা মাতৰ অন্তৰালত ও তিতা লুকাই থাকে বুলি কোৱা কথাষাৰ তেওঁলোকৰ চৰিত্ৰ ত প্ৰযোজ্য । ভাতৰ তিতা সহ্য কৰিব পাৰি কিন্তু মাতৰ তিতা কেতিয়াও সহ্য কৰিব নোৱাৰি ।  কিছুমান মানুহে আগ পিছ নাভাবি ইমান টানকৈ কেনেকৈ কথা কব পাৰে বাৰু?কলেজ ত এজনী বান্ধৱী আছিল । আগদিনা ধুনীয়া কৈ মাত বোল কৰি হাঁহি হাঁহি ঘৰমোৱা হওঁ পিছদিনা লগ পালে মুখলৈ ঘুৰি য়েই নাচায়।মই ভাবি পাৰ নাপাই ছিলোঁ হঠাতেই কি হল,মোৰ দোষ কত হল ,সেইকথাই মোক ভিতৰি ভিতৰি নিঃশেষ কৰিছিল কিন্তু তাই এইবোৰলৈ ভ্ৰূক্ষেপ নকৰিছিল । তাইৰ আচলতে সেইয়া স্বভাৱ আছিল।  নিজেই আগতেই নামাতে ,মই গৈ মাতিলে ভালদৰেই মাতে ।বাএনে মানুহৰ লগত চলা ও খুবেই টান  । এইয়া ও একপ্ৰকাৰ মানসিক ৰোগ । সৰু হৈ কথা নোকোৱা ,নিজৰ মতে চলা ।এজনী বাইদেউ আছিল । সকলো সময়ত সন্দেহ । নিজে কৰা কামটো সন্দেহ ।এটা কামেই বাৰে বাৰে কৰিছিল ।  ৰাতি দৰ্জাৰ শিলি মাৰিবলৈ 10 বাৰ মান উঠে ,ভাত খোৱাৰ পিছত বাকী সদস্য ৰ বাবে  দালি ভাত  থব পাহৰিছো ভাবি বাৰে বাৰে পাক ঘৰত অহা ,কোনোবাই কথা পাতিলে মনে মনে গৈ চুপি থাকিছিল ,তাইৰ মনত সন্দেহ তাইৰ কথাই কৈ থকা বুলি। এবাৰ প্ৰচণ্ড গৰমৰ দিনত যত Ac য়ে কাম নকৰে মই কিবা কাৰণত বাৰ ৰূমত গলো, তাই ফেন অফ কৰি বহি আছে ।মই আচৰিত হৈ সুধিলোঁ ইমান গৰমত ঘামি জামি আছা।ফেন বেয়া হৈছে নেকি । তাই কলে নহয় ।ফেন চলালে বাহিৰৰ মাত শুনা নাপায় ।মালিকনি য়ে মোৰ কথা ফুচফুচাই কয় ,মই শুনা নাপাম ।মই তবধ মানিলোঁ শুনি ।ইমান সন্দেহৰ অন্তৰালত কি সুমাই আছিল ।কিয় সাধাৰণ জীৱন টোক সন্দেহৰ পোক সুমুৱাই বিষাক্ত কৰে মানুহে ।এই কিয় আজি ও মোৰ বাবে উত্তৰ বিহীন । বিয়াৰ পিছত নানান পৰিস্হিতি পাৰ কৰিলোঁ।বিভিন্ন ধৰণৰ মানুহ লগ পালোঁ।বিনা কাৰণত ঠেঁহ পতা,বিনা দোষত বদনাম কৰা । এইবোৰ বিভিন্ন মানসিকতাৰ মানুহ আছে,আচলতে এইসকল সুস্থ মস্তিষ্কৰ নহয়। এওঁলোক একপ্ৰকাৰ মানসিক ৰোগী বুলি কলেই ভুল কোৱা নহব ।অহংকাৰী মানুহ কেতিয়াও সুখী নহয় ।আৰু মোক অহংকাৰী মানুহৰ সান্নিধ্য ৰ ও প্ৰয়োজন নাই । জীৱনত বহুতো তিতা মিঠা অভিজ্ঞতা পাইছোঁ ।মাথোঁ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ মোৰ এই সৰল মনক জটিল তালৈ লৈ নাযাব ।মোক এনেদৰে ই থাকিব দিয়ক।  #শেষত সেই সকল মহান অহংকাৰী আত্মাক এবাৰলৈ কব খোজোঁ , দম আছে যদি তহঁতৰ এই অহংকাৰ  olx ত বিক্ৰী কৰি দে । ফুটাকঢ়ি এটা  ও যে নাপাবি মই জানোঁ । ইমান অহংকাৰ ঠিক নহয় কিন্তু

তুমি উভতি  অহা বাটৰ দাতিত মই ৰৈ থাকিম______
পোহৰত জিকমিকাই উঠিব
ৰাতিৰ সোণালী সপোনবোৰ☺

c3d8bed9e3ad48ee1740715df0403216

manjusha devi

#মা মৰমৰ{2}
# manjusha Devi🙏
মৰম লবা। ভালেই আছা নিশ্চয়। কিমান দিন হল তোমাৰ মুখখনি নেদেখা !!!
মা, তোমাৰ কথা মনলৈ আহিলেই মোৰ বুকুৰ কোনোবা খিনিত বৰ কষ্ট পাওঁ ও ।
মা,তুমি মোক কেতিয়া ঘৰলৈ নিবা?কেতিয়া মই তোমাৰ বুকুত মুখ গুজি হেঁপাহ পলুৱাই কান্দিম ।কেতিয়া মা?#manjusha devi
মা মোক কিয় তুমি তোমাৰ পৰা আঁতৰাই পঠালা?কিয় মোক নিজৰ ঘৰৰ আলহী কৰি দিলা ।
মই জানোঁ, তুমি দাদাক বেছি ভাল পোৱা সেয়ে তাক বিয়া দিয়া নাই । মই যে দাদাৰ লগত কাজিয়া কৰিছিলোঁ সেয়ে মোক আঁতৰাই পঠালা মা ?#manjusha devi
মা মই আৰু ভাল ছোৱালী হম,কাজিয়া নকৰোঁ ।মোক তোমাৰ কাষলৈ আৰু উভতাই নিয়া মা ।মা তোমালৈ বৰকৈ মনত পৰি আছে ।আগৰ চিঠি ৰ তুমি উত্তৰ নিদিলা ।মোক পাহৰি নাযাবা মা ।
                     তোমাৰ.    ManJusha devi
                        হিয়া
c3d8bed9e3ad48ee1740715df0403216

manjusha devi

 #মৰমৰ মা
তই ভালেই আছ নে?তোলৈ আজি বাৰুকৈ মনত পৰিছে । 
মা,তই মোৰ চিঠিৰ উত্তৰ কিয় নিদিয় ?তোৰ কথা ভাবি বুকুখন মোৰ কিমান বিষাদৰে আগুৰি ধৰে তই জানোঁ নুবুজ মা?বিয়া দি নিজৰ দায়িত্ব শেষ হল বুলি মোৰ খবৰ এবাৰ ও নোলোৱাকৈ কেনেকৈ থাকিব পাৰ মা তই? #manjusha Devi✍️
   ভন্টী হতক তই পঢ়িব দিবি মা । মোক তহঁতে বিয়া দিলি কিন্তু সেই ভুল ভন্টি দুজনীৰ লগত নকৰিবি ।
মোৰ সপোন আছিল  কলেজলৈ যোৱাৰ ,সপোন আছিল পঢ়াৰ ,কিন্তু মা ,তই আৰু দেউতাই বিয়া পাতি মোৰ সপোন সকলো ভাগি দিলি এতিয়া ভন্টি হতক ডাঙৰ মানুহ কৰিবি।
আৰু মই মৰি যোৱা বুলি

#মৰমৰ মা তই ভালেই আছ নে?তোলৈ আজি বাৰুকৈ মনত পৰিছে । মা,তই মোৰ চিঠিৰ উত্তৰ কিয় নিদিয় ?তোৰ কথা ভাবি বুকুখন মোৰ কিমান বিষাদৰে আগুৰি ধৰে তই জানোঁ নুবুজ মা?বিয়া দি নিজৰ দায়িত্ব শেষ হল বুলি মোৰ খবৰ এবাৰ ও নোলোৱাকৈ কেনেকৈ থাকিব পাৰ মা তই? #manjusha Devi✍️ ভন্টী হতক তই পঢ়িব দিবি মা । মোক তহঁতে বিয়া দিলি কিন্তু সেই ভুল ভন্টি দুজনীৰ লগত নকৰিবি । মোৰ সপোন আছিল কলেজলৈ যোৱাৰ ,সপোন আছিল পঢ়াৰ ,কিন্তু মা ,তই আৰু দেউতাই বিয়া পাতি মোৰ সপোন সকলো ভাগি দিলি এতিয়া ভন্টি হতক ডাঙৰ মানুহ কৰিবি। আৰু মই মৰি যোৱা বুলি #nojotophoto #विचार

c3d8bed9e3ad48ee1740715df0403216

manjusha devi

মা মোৰ মা

মা মোৰ মা

c3d8bed9e3ad48ee1740715df0403216

manjusha devi

            #মাহী মা
manjusha devi
বৃদ্ধাশ্ৰমৰ গেটৰ সম্মুখত বৰুৱা অংকল ৰ কথা শুনি অভিজিত ৰ হাতৰ পৰা  কাপোৰৰ টোপলা সৰি পৰিল যেতিয়া গম পালে যে নিজৰ মা গৰাকীয়ে ৰাস্তাৰ ডাষ্টবিন ত পেলাই থোৱা ফুলকমলীয় দেৱশিশু ক ৰাস্তাৰ পৰা তুলি আনি মাহীমাহে ডাক্তৰ বনালে । আৰু সি সেই মহান মা গৰাকীক বৃদ্ধাশ্ৰম ত থব আহিছিল।
manjusha devi
c3d8bed9e3ad48ee1740715df0403216

manjusha devi

হৃদয়ৰ আর্তনাদ তুমি শুনিছা  নে #জীৱন এনেদৰেই

#জীৱন এনেদৰেই #Quote

loader
Home
Explore
Events
Notification
Profile