Nojoto: Largest Storytelling Platform
hirushimabora4643
  • 57Stories
  • 16Followers
  • 547Love
    301Views

Hirushima Bora

  • Popular
  • Latest
  • Video
d781cdc7670066e4f1b1c78b198a361d

Hirushima Bora

গল্প: "অনাহুত"

©Hirushima Bora #SunSet
d781cdc7670066e4f1b1c78b198a361d

Hirushima Bora

ভাললাগে অকলশৰে 
ভালপোৱাবোৰত ডুবি💚

প্ৰেমৰ নিচা কৰাতো আছে 
এক সুকীয়া আমেজ🍁

          .........✍️হিৰোচিমা

©Hirushima Bora #thought #অনুভব

#thought #অনুভব #कविता

0 Love

d781cdc7670066e4f1b1c78b198a361d

Hirushima Bora

তুমি উশাহ হৈ ৰোৱা, 
সপোন হৈ ফুলা, 
ৰং সিঁচি দিয়া চৌপাশে 
নীলা, হালধীয়া💙💛
তোমাৰ সোণাৰু হাঁহিত
 ঠন ধৰি উঠে 
মোৰ বুকুৰ সেউজ উপত্যকা।

©Hirushima Bora #ValentinesDay
d781cdc7670066e4f1b1c78b198a361d

Hirushima Bora

নভাবাকৈয়ে কিছুমান কথা হয়তো 
হ'ব লগা থাকে 
আমাৰ জীৱনত। 
তুমিও ঠিক তেনেকুৱাই।
 গতানুগতিক জীৱনটোত তুমি যেন
 কিছু সুখৰ বন্যা। 
পুৱাৰ এমুঠি কোমল ৰুদালি,
 এমুঠি হিমচেচাঁ নিয়ৰৰ কণিকা।

©Hirushima Bora #অনুভৱৰ_পৃষ্ঠা 

#Health

#অনুভৱৰ_পৃষ্ঠা #Health #कविता

8 Love

d781cdc7670066e4f1b1c78b198a361d

Hirushima Bora

চিনাকি চহৰখনৰ বাটে ঘাটে উৰি ফুৰিছে 
এক অচিন নিচা ।
মোৰ দুচকুত তুমি
আৰু তোমাৰ ওঁঠত মই হাঁহি হোৱাৰে পৰাই 
মোৰ চহৰত জোনাক ফুলিছে ।
অনামী আৱেশত আমি উতনুৱা হৈছোঁ ।
এটি এটি মিনিটৰ মূল্য 
তোমাক পোৱাৰ পিছতহে বুজিছোঁ ।
আমাৰ ব্যস্ততাৰ সীমা নাই,
কামৰ মাজে মাজে তোমাৰ চহৰলৈ সঘন আহ যাহ 
এতিয়া মোৰ নিচা ।
কলিজাত ফুলি উঠা 
তেজৰঙী পলাশৰ কথা নকলোৱেই বা !
সেউজ চুবুৰীত আমাৰ ৰাগি লগা সময়কণ
বুকুত সুমুৱাই ললোঁ ।
ৰি-ৰিয়াই বাজি থাকিল
তুমি ভালপোৱা সেই পুৰাতন সুৰ ।

©Hirushima Bora #অসমীয়া_কবিতা

#অসমীয়া_কবিতা #कविता

9 Love

d781cdc7670066e4f1b1c78b198a361d

Hirushima Bora

পৃথিৱীৰ আটাইতকৈ বেইমান 
শব্দ তিনিটাই চুব নোৱাৰা দূৰত্বত
 মই তোমাৰ বুকুত ফুলিম এজুপি বনৰীয়া এজাৰ হৈ🌸

©Hirushima Bora #holdinghands
d781cdc7670066e4f1b1c78b198a361d

Hirushima Bora

ফাগুন....,
 তই ইমান প্ৰেমময় কিয়?

মোৰ চাৰিওকাষে আজি মদাৰৰঙী আবেগৰ উতলা নিচা কিয়?

©Hirushima Bora #ফাগুন 

#roseday

#ফাগুন #roseday #Love

8 Love

d781cdc7670066e4f1b1c78b198a361d

Hirushima Bora

বুকুত শিল হোৱা কথাবোৰ... কলিজাত একোপাত
 চোকা অস্ত্ৰৰ দৰে অহৰহ হানি খুচি থকা
 শেলুৱৈৰঙী যান্ত্ৰনা...লাগে; 
কেতিয়াবা খুবেই প্ৰয়োজন হৈ পৰে নিজকে 
হেৰুৱাই পেলাব পৰা এখনি বিশাল আকাশৰ। 
আকাশে কাকো নিৰাশ নকৰে, 
আঁকোৱালি লৈ পাহৰাই পেলাই সমস্ত বিষাদগাৰ।
 আকাশৰ আলিংগনে বুকুখন পাতলায়। 
ভাৰহীন বুকুত জকমকাই উঠে এখিনি সোণাৰুৰ হালধীয়া।
 শিল হোৱা কথাবোৰ বুকুত জাহ নাযায়। 
আকাশে পাহৰাই.. আকাশে ফুচুলাই...
আকাশে শেলুৱৈৰঙী যাতনাক সাৱটি সামৰি ৰাখে..। 
এখন আকাশৰ খুবেই প্ৰয়োজন হয়।

✍️হিৰোচিমা.....

©Hirushima Bora #হিৰোচিমা

#হিৰোচিমা

9 Love

d781cdc7670066e4f1b1c78b198a361d

Hirushima Bora

লেখা আহ্বান

মাহেকীয়া অসমীয়া ই-আলোচনী গুঞ্জনৰ চতুৰ্থ (শাৰদীয় বিশেষ) সংখ‍্যালৈ লেখা বিচৰা হৈছে।
শিতান সমূহঃ
কবিতা,গল্প,অণুগল্প,ৰস ৰচনা, ভ্ৰমণ কাহিনী,
 গ্ৰন্থ সমালোচনা ইত্যাদি।
*বেটুপাতৰ ফটো, শিশুৰ ফটো শিতানৰ লগতে শাৰদীয় বিশেষ ফটোৰ বাবে যোগাযোগ কৰিব পাৰিব।
*লেখা প্ৰেৰণৰ অন্তিম তাৰিখ ১৫/৯/২০২১

*লেখা প্ৰেৰণৰ ঠিকনা
gunjan000g@gmail.com
9954244369
ধন্যবাদেৰে
সম্পাদনা কক্ষ(ই-আলোচনী গুঞ্জন)

©Hirushima Bora #AWritersStory
d781cdc7670066e4f1b1c78b198a361d

Hirushima Bora

ভালপাওঁ তোমাক

ভালপোৱাৰ আজুহাততেই
সতেজ হৈ উঠে ,
হৃদয়ৰ উৰুখা প্ৰজা।
ভাল লগা হৈ পৰে বনৰীয়া মদাৰ
কিম্বা খৰিকাজাইৰ সুবাস।
তোমাৰ শব্দৰবোৰে মোৰ হৃদয়ত
তোলপাৰ লগায়,
তুমি ভাঁহি অহা এটি মিঠা সুৰ হৈ।
ভালপোৱাৰ স্বীকাৰোক্তিত
অপ্ৰস্তুত হৈ পৰা মই জনী
বাৰে বাৰে মৰহি যাওঁ।
তুমি মোক ধুনীয়া দেখা,
প্রিয় নাৰী বুলি কোৱা,
ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে উপচাই দিয়া
ৰাগিলগা পুৱা সন্ধ্যা।
আলোকিত হৈ পৰে মোৰ মনাকাশ
তোমাৰ প্ৰেমৰ জ্যোতিৰে,
অভিমানী শব্দবোৰ থমকি ৰয় 
দুটি ওঁঠৰ কোমল ভাঁজত।
প্ৰাপ্তিৰ আনন্দত ভৰুণ হৈ উঠা দুটি মন 
নীৰৱ দৰ্শক হৈ ৰয়,
প্ৰেম, ভালপোৱা আৰু 
বিশ্বাসৰ মুহূৰ্তবোৰৰ 
মধুৰ উদযাপন হয়।
তোমাক ভালপাওঁ বাবেইতো
হৃদয়ত ফুলে অলেখ ৰক্তজবা।

©Hirushima Bora #অসমীয়া_কবিতা 

#Rose

#অসমীয়া_কবিতা #Rose

9 Love

loader
Home
Explore
Events
Notification
Profile