Nojoto: Largest Storytelling Platform
hirakjyotibarua1774
  • 3Stories
  • 0Followers
  • 0Love
    0Views

Hirak jyoti Barua

  • Popular
  • Latest
  • Video
da4af48709a17b7fa949290b4817a96b

Hirak jyoti Barua

                  ৰাতিৰ সভ্য
ৰাতি হলেই চহৰ খনে ৰং সলাই 
ক্ষুধাতুৰ নিশাচৰ মানুহৰূপী
পশুবোৰে তেতিয়াই ফান্দ পাতে,
আৰু নগ্ন হৈ পৰে চহৰ খন ,
তাৰ অলি গলি বোৰ,
যেন গোটেই চহৰ খনেই বৰ্বৰ । 


ৰাতি হলেই চহৰ খনে ৰং সলাই,
মন্দিৰৰ গহীন বাবাজন ,
নামি কাকতৰ সাংবাদিক জন,
পুলিচ অফিচাৰ জন আৰু
বগা কামিজ পিন্ধা নেতা বোৰেও
নগ্ন জীৱনৰ তুচ্ছ গান গাই ।

ৰাতি হলেই চহৰ খনে ৰং সলাই,
পথৰ কুকুৰেও নিশাৰ চহৰক 
থু পেলাই,
টকাৰ বান্দিলৰ খেল দেখি,
নিশাৰ ফেঁচাইও মুখ লুকাই,
ৰাতি হলেই চহৰখনে ৰং সলাই ।
                              #হীৰক  জ্যোতি বৰুৱা
                                    ৭/১০/২২


 #Poetry about reality of City Life #poetrylove

Poetry about reality of City Life #poetrylove #হীৰক

da4af48709a17b7fa949290b4817a96b

Hirak jyoti Barua

                 ভিৰ    
  মই হেৰাই আছোঁ , এই ভিৰ মাজত
ব্যস্ত সময়ত,চিনাকি বা অচিনাকী আছে বহুতো,
তথাপি মই আজি হেৰাই আছোঁ।
মই যেন ঠিকনা বিহীন , সঙ্গাবিহীন ,
নিসংগ পথিক।
এই জীৱন পথত মোৰ থাৰথিবোৰ,
কৰবাত হেৰাই থাকিল,
ৰৈ গল মাথো স্মৃতিবোৰ।
মই যেন নিসঙ্গ পথিক,
ভিৰবোৰ মোৰ ভয় লাগে ,,
কাৰোবাৰ সংগ মোৰ বাবে যেন এতিয়া দুৰ্লভ
মই হেৰাই আছোঁ ভিৰত।
                 # হীৰক জ্যোতি বৰুৱা
                         06/10/22  #thirdquotebyme
da4af48709a17b7fa949290b4817a96b

Hirak jyoti Barua

               তোমাৰ  অপেক্ষাত।


    শৰতৰ নিয়ৰসনা, গভীৰ নিশা 
মই আছোঁ ৰয় তুমি অহাৰ আশাত,
মোৰ হাতত ধৰিযে তুমি কৈছিলা ,,
 কোনোৱেও মোক নকোৱা কথা ।
আমাৰ সুমধুৰ সময়বোৰ পাৰ হৈ যায়, 
তাহানিৰ শৰতৰ দিনবোৰত,,,
তাৰ পিছত ,, 
    মই এতিয়াও ৰৈ আছোঁ তোমাৰ অপেক্ষাত।
                           # হীৰক জ্যোতি বৰুৱা
  #secondquote love of spring

#secondquote love of spring


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile