Nojoto: Largest Storytelling Platform
binishadevi3612
  • 45Stories
  • 10Followers
  • 447Love
    590Views

Binisha

writer.

  • Popular
  • Latest
  • Video
ed7d58318b5b09c84f9777aeee1be4c2

Binisha

White এয়া জানো প্ৰথম আছিল পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত?কিন্তু এনে লাগিছে কিয় যেন এয়া সম্পূৰ্ণ পৃথক। কি আছিল সেই স্পৰ্শত, যিয়ে তাইৰ শৰীৰটোক এক নিপুণ ভাস্কৰ্য্যৰ ৰূপ দিছিল? হয়তো ভাল পোৱা পুৰুষজনৰ স্পৰ্শ হয়েই তেনেকুৱা যিয়ে শৰীৰত জুই লগায়, বাধ্য কৰে বাৰে বাৰে নিজকে তেওঁৰ ওচৰত সঁপি দিবলৈ। কিহৰ আকৰ্ষণ  এয়া, য'ত বিবেকেও হাৰ মানে? ক'ত লাগি ৰোৱা নাই সেই পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত? বৰ আলফুলে যেন ৰাখি থ'ব তাই 'প্ৰিয়জন'ৰ এই স্পৰ্শক। নৈত বলিয়া বান আহিলেও উটুৱাই নিব নোৱাৰাকৈ ৰৈ গ'ল 'প্ৰিয়জন'ৰ প্ৰথম মৰম তাইৰ শৰীৰত আজীৱনলৈ -----

বিনীশা দেৱীৰ উপন্যাস 

কাদম্বিনী আকাশৰ কাহিনী

©Binisha 
  #sad_quotes
ed7d58318b5b09c84f9777aeee1be4c2

Binisha

White এয়া জানো প্ৰথম আছিল পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত?কিন্তু এনে লাগিছে কিয় এয়া যেন সম্পূৰ্ণ পৃথক। কি আছিল সেই স্পৰ্শত, যিয়ে তাইৰ শৰীৰটোক এক নিপুণ ভাস্কৰ্য্যৰ ৰূপ দিছিল? হয়তো ভাল পোৱা পুৰুষজনৰ স্পৰ্শ হয়েই তেনেকুৱা যিয়ে শৰীৰত জুই লগায়, বাধ্য কৰে বাৰে বাৰে নিজকে তেওঁৰ ওচৰত সঁপি দিবলৈ।কিহৰ আকৰ্ষণ  এয়া, য'ত বিবেকেও হাৰ মানে? ক'ত লাগি ৰোৱা নাই সেই পুৰুষৰ স্পৰ্শ তাইৰ শৰীৰত? বৰ আলফুলে
যেন ৰাখি থ'ব তাই 'প্ৰিয়জন'ৰ এই স্পৰ্শক। নৈত বলিয়া বান আহিলেও উটুৱাই নিব নোৱাৰাকৈ ৰৈ গ'ল 'প্ৰিয়জন'ৰ প্ৰথম মৰম তাইৰ শৰীৰত আজীৱনলৈ -----

বিনীশা দেৱীৰ উপন্যাস 

কাদম্বিনী আকাশৰ কাহিনী

©Binisha 
  #alone
ed7d58318b5b09c84f9777aeee1be4c2

Binisha

কাদম্বিনী আকাশৰ কাহিনী

©Binisha 
  #dusk
ed7d58318b5b09c84f9777aeee1be4c2

Binisha

কাঁইটৰ মাজতো জ্যোতিস্মান হৈ থাকে গোলাপ,ভাৱনাৰ বিন্দুৱে দিব পাৰে সিন্ধুৰ সন্ধান ৷কিন্তু জাতিংগাৰ পৰা কেতিয়াওঁ ঘূৰি যোৱা নাই জীৱন্ত চৰাই ৷অশাঁত বুকুত সন্তাপৰ পোৰণি,উচুপি উঠা বেদনাই এতিয়া হিয়া ঢাকুৰি কান্দে ৷দুঃখাৰ্ত্ত অৰণ্যত উলাহৰ পখীয়ে আহ্লাদিত সুৰ জুৰিব নোৱাৰে ৷কেতিয়াবা জীৱনে নিজৰ অজ্ঞাতে মুক্তিৰ পথ অন্বেষণ কৰে ৷জুইৰ পোহৰে আকৰ্ষিত কৰা চগাই নাজানে জুইতেই যে মৰণে অভিসন্ধি পাতি ৰাখে ৷

পঢ়ুৱৈৰ মাজলৈ আহি আছে বিনীশা দেৱীৰ উপন্যাস ***কুণ্ডলিনী***

©Binisha
ed7d58318b5b09c84f9777aeee1be4c2

Binisha

****** নৈঃশব্দ্যত শব্দৰ মালিতা****** 
শুনিছানে কেতিয়াবা জীয়া শিলে কন্দা ?
বুজি জানো পোৱা নদীৰ বেদনা? 
পৃথিৱীৰো দুখ হয় ,
আকাশ যেতিয়া মেঘাচ্ছন্ন হয় ।
জোনাকত বৰষুণ সৰে ,
এছাটি যদি মলয়া বলে !
গছেও কথা পাতে ।
নিৰৱতাত ঝংকাৰ তোলে ।
মৰমৰ ৰং কি কোৱা ? 
বতাহত বৈছে নে চিনাকি সুৱাস ?
প্ৰেমতো প্লাৱন আহে,
উজাগৰী দুখৰ ৰাতিয়ে পাৰ ভাঙে ।
অভিমানে বুকুত ঘৰ সাজে ,
দূবৰিত নিয়ৰকণা সৰে ।
অনুভৱত বুকু কঁপি উঠে--
আজি যদি বৰষুণজাকে 
দুয়োকে তিয়াই তোলে !!! 

✍️বিনীশা দেৱী

©Binisha
ed7d58318b5b09c84f9777aeee1be4c2

Binisha

********আপৰহ******** 

বিচ্ছেদ মানেই জানো সমাপ্তি ?
বুকুত তো ৰৈয়েই যায় 
সময়ে গঢ়ি তোলা অনুভৱী স্মৃতি ৷
আতঁৰি গ'লেও বৈ ৰ'ব ইথাৰত 
সেই কণ্ঠ
যি পলে পলে কৰি তোলে দগ্ধ ৷
তথাপিও কিয় বিচ্ছেদ হয়,
য'ত প্ৰেমৰ সুৱাস বয় ?
নাই কোনো যুক্তি 
বিচৰা হয় কেৱল মুক্তি ৷
অন্যত্বই কৰিব পাৰেনে সুখী
সকলো স্মৃতিক জলাঞ্জলি দি? 

✍বিনীশা দেৱী

©Binisha #dusk
ed7d58318b5b09c84f9777aeee1be4c2

Binisha

*****প্ৰিয় পুৰুষ***** 

নিজে হাজাৰবাৰ কান্দিছিলো,
সেয়াতো চকুৰ পানীয়েই আছিল 
কিন্তু যেতিয়া 'তেওঁ' কান্দিছিল 
সেয়া মুকুতা হৈ সৰিছিল !

✍বিনীশা দেৱী

©Binisha #darkness
ed7d58318b5b09c84f9777aeee1be4c2

Binisha

           *****মই কোন?***** 

মই কোন ?
ক'ত আছে মোৰ অস্তিত্ব ?
নাপালো আজিও সেই উত্তৰ ৷
এন্ধাৰতহে গম পোৱা যায় জোনাকী পৰুৱাৰ গুৰুত্ব
পোহৰত সকলোৱেই 'মই বৰ ৷'
পানীতেই যাৰ জীৱন ,
নাজানে সি নদী আৰু সাগৰৰ পাৰ্থক্য ৷
চাতক চৰাইয়েহে জানে 
এটোপাল গোৱাক্ষৰ কিমান মূল্য ৷
থকাজনৰ অস্তিত্বক অনুধাৱন কৰা নাযায়,
শূন্যতাই হে প্ৰতিপন্ন কৰিব পাৰে 
সময়ৰ খোজ বালিত ৰাখি থৈ 
যোৱাজনৰ কথা ৷
যদি মৃত্যুৱে  দিব পাৰে এধানিমান অনুভৱ ,
তেন্তে সেই মৃত্যুলৈ ভয় কিহৰ ?
সময়ৰ বুকুত মেলি দিলো অনুভৱৰ দিঙা
অপেক্ষাৰত মই বাজি উঠালৈ মৃত্যুৰ ঘন্টা ৷ 

✍বিনীশা দেৱী

©Binisha #drowning
ed7d58318b5b09c84f9777aeee1be4c2

Binisha

*****মই কোন?***** 


মই কোন ?
ক'ত আছে মোৰ অস্তিত্ব ?
নাপালো আজিও সেই উত্তৰ ৷
এন্ধাৰতহে গম পোৱা যায় জোনাকী পৰুৱাৰ গুৰুত্ব
পোহৰত তো সকলোৱেই 'মই বৰ ৷'
পানীতেই যাৰ জীৱন ,
নাজানে সি নদী আৰু সাগৰৰ পাৰ্থক্য ৷
চাতক চৰাইয়েহে জানে 
এটোপাল গোৱাক্ষৰ কিমান মূল্য ৷
থকাজনৰ অস্তিত্বক অনুধাৱন কৰা নাযায়,
শূন্যতাই হে প্ৰতিপন্ন কৰিব পাৰে 
সময়ৰ খোজ বালিত ৰাখি থৈ 
যোৱাজনৰ কথা ৷
যদি মৃত্যুৱে  দিব পাৰে এধানিমান অনুভৱ ,
তেন্তে সেই মৃত্যুলৈ ভয় কিহৰ ?
সময়ৰ বুকুত মেলি দিলো অনুভৱৰ দিঙা
অপেক্ষাৰত মই বাজি উঠালৈ মৃত্যুৰ ঘন্টা ৷ 

✍বিনীশা দেৱী

©Binisha #drowning
ed7d58318b5b09c84f9777aeee1be4c2

Binisha

অস্থিৰতা 

বিচ্ছেদ মানেই জানো সমাপ্তি ?
এয়া হয়তো আন এক আৰম্ভণি ৷
বিচাৰিছিলো মাত্ৰ এমুঠি জোনাক
তেওঁতো গোটেই আকাশখনকে 
তুলি দিলে মোৰ কোলাত ৷
অনুভৱী বুকুত বাজি উঠে  
এটি কান্দোনৰ ধ্বনি,
পাৰিবনে ক'ব কোনোবাই সুখৰ কান্দোন আৰু দুখৰ কান্দোনৰ মাজৰ পাৰ্থক্যখিনি ? 

✍বিনীশা দেৱী

©Binisha #selflove
loader
Home
Explore
Events
Notification
Profile