Nojoto: Largest Storytelling Platform

Best Assamese_poem_poetry Shayari, Status, Quotes, Stories

Find the Best Assamese_poem_poetry Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about assamese romantic poem for love, assamese love poem of nilim kumar, assamese love status for whatsapp, assamese love shayari video, assamese love quotes in english,

  • 1 Followers
  • 4 Stories

B__Maina__Bora✍

#Assamese_poem_poetry #অসমীয়া_কবিতা #part2

read more
কবিতাৰ শিৰোণাম -- অদ্ধ আকাশ
--------------------------------

৪) দু ভৰিৰ শিকলি চিঙি 
     মুক্ত হোৱাৰ অশেষ
       প্ৰয়াস কৰে তাই।
     তাইক নিদিয়ে চাল্লা কোনেও এৰি 
      ভুল কৰিছিল তাই 
        বৰ ডাঙৰ ভুল 
      মুক্ত আকাশত চৰাই দৰে
         উৰা সপোন দেখিছিল।

 ৫) তাই অবুজ নাজানে অ''
      চিকাৰীয়ে যে আকাশলৈ 
       ধনুৰ নিচানা টানি ৰৈ আছে ।
        আহ চৰাই তই উৰ ,
         তই উৰ আৰু মই চিকাৰী 
           তোৰ ডেউকা ভাঙি 
              মই চিকাৰ কৰিম তোক। 

       ........ #Assamese_Poem_poetry
#অসমীয়া_কবিতা #part2

B__Maina__Bora✍

#Assamese_poem_poetry #অসমীয়া_কবিতা #love_of_love 😊👍part1

read more
কবিতাৰ শিৰোণাম -- অদ্ধ আকাশ
------------------------------
১) তাই থৰ হৈ পৰিছে
     অনৰ গল কথাবোৰত
      নীৰৱতাই ঘৰ সাজিছে ।
     আজি কালি তাইৰ মুখত
      হাঁহি কিলকনি শুনিবলৈ পোৱা নাযায়।

২) নিজকে নিজৰ পৰা আঁতৰাই
       ৰখাৰ অত্যন্ত প্ৰয়াস কৰিছে। 
       মাজে মাজে বন্ধ 
        কোঠালীটোৰ পৰা 
         আঁতৰি আহিব খোজে তাই । 

৩) স্বপ্নাটুৰ পক্ষী হৈ 
    দূৰণিৰ ৰামধেনুৰ দেশলে
     মন মাধুৰী উৰি যায় তাইৰ।
       মুক্ত আকাশৰ তলত বহি 
       নিশা জোনাকী পৰুৱা সৈতে 
         গুণ গুণ গানৰ সুৰত 
         তৰাৰ ছবি আঁকিব খোজে তাই  । #Assamese_Poem_poetry
#অসমীয়া_কবিতা #love_of_love 😊👍#part1

B__Maina__Bora✍

#Assamese_poem_poetry #part_2 #অসমীয়া_কবিতা

read more
এয়াই জীৱন নদীৰ পাৰ
---///----------///-----------------//--------
৪)  কবি নহওঁ হে আজি মই,
 নিলিখো কাহিনীৰ পৰিসৰে নিজকে‌।
অভিনয়ৰ হাঁহি বোৰ মই
বহুআলিৰ বজাৰৰ পৰা কিনি আনিছোঁ। 
সঁচা আৰু মিছা কি বুজিছো..
নে নুবুজা ভাও জুৰিছো .?

৫) জীৱন নাটৰ চৰিত্ৰত অভিনয় কৰি কৰি
        নিজৰ পৰিচয় পাৰহি গৈছোঁ...।
  যি দিনাৰ পৰা বিষাদ নগৰীৰ বিষাদ বোৰ..
         সুলভ মূল্যৰ দোকানত পোৱা হ'ল
   মই নিবিচৰা পাছতো বিনা অনুমতিয়ে 
 মোৰ কোঠৰিত বৰগছৰ দৰে পোখা মেলিছিল।
মই মাথোঁ সৰা পাতৰ দৰে
 নিথৰ ভাবে চাই থাকিলোঁ। #Assamese_poem_poetry
#part_2
#অসমীয়া_কবিতা

B__Maina__Bora✍

#Assamese_poem_poetry #অসমীয়া_কবিতা

read more
এয়াই জীৱন নদীৰ পাৰ
-----///----------///-----------------//-------
 ১)কথাবোৰ বৰ আউল লগা হে 
আজি মোক কোনো প্ৰেৰণা নালাগে ।
জীৱনটো জী আছোঁ নে ..?
 জীয়াই থকাৰ দোকানখনত 
নিলাম হ'বলৈ ৰয় আছোঁ ।
 
২) এইয়া সম্ভৱ পৰ মই 
জীৱন নদীৰ অষ্ট পাৰত 
ৰৈ অতিবাহিত কৰিছো সময় ।

৩) অনন্ত বুকুত হেৰাই যাবলৈ 
এইয়া সাজু হৈছোঁ মই
ব'লা হে আমি আজি 
 বেজান চিয়াঁহীৰ শব্দৰ নগৰী এৰি  
 সৰগৰ সুৰভিৰ সুবাস
 এধানি বিচাৰি যাওঁ  
   কিজানি কৰবাত বিচাৰি পাওঁ । #Assamese_poem_poetry
#অসমীয়া_কবিতা


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile