Nojoto: Largest Storytelling Platform

Best আপোনাৰ Shayari, Status, Quotes, Stories

Find the Best আপোনাৰ Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about আপোনাৰ আপোন ঘৰ আঁচনি, আপোনাৰ আপোন ঘৰ আচনি, আপোনাৰ, আপোনাৰ নাম কি, আপোনাৰ আপোন ঘৰ,

  • 1 Followers
  • 4 Stories
    PopularLatestVideo

sangita

#আপোনাৰ বাবে আপোনাৰ সহিতে

read more
আপোনাৰ বাবে আপোনাৰ সহিতে
🔹🔸🔹🔹🔸🔹🔸🔹🔸🔹🔸🔹
"সায়াহ্নৰ সন্নিকৰ্ষত অহ্ন,
হেঙুলীয়াখিনি তামসীৰ বক্ষত লুপ্ত হ'বলৈ অলপহে বাকী".......  
সেই হেঙুলীয়াবোৰ বিপোষত সামৰি 
আপুনি গৈছিল অহা বাটে............!
............ .............. .....................
বাটটিৰ অন্তত আপোনাৰ প্ৰান্তত স্তব্ধ মোৰ সৰ্বত্ৰ ., 
হৃৎ স্পন্দনৰ কোনো ৰিজনি নাই উশাহৰ সহিতে..! 
তৎসত্বেও জী আছো ,
আপোনাৰ শৰীৰত প্ৰাণ থকাৰ বাবে..। 

"ক্ষপাৰ কোলাত নিদ্ৰালস বসুধা,
উলূক পত্ৰীৰ ৰোদনত সাধিকাই স্বপ্ন ভাঙিবলৈ অলপহে বাকী "...
সেই ৰোদনক অনুভৱত বাকি হৃদয়খনেও গৈছিল
স্মৃতিপটক আলিংগন কৰিবলৈ ...................!.,
  ............. .............. .......................  
স্মৃতিৰ স্পৰ্শত আপোনাৰ প্ৰণয়ত মোৰ কলমৰ যাত্ৰাৰম্ভ 
বাস্তৱিকতাৰ কোনো সংযোগ নাই বিষাদৰ সৈতে..!
তদপি অবিৰত এই চিয়াঁহীৰ কেলিকলা,
আপোনাৰ হৃদয়ত মই থকাৰ নিদানে। 
                                       
                                    ---সংগীতা

 #আপোনাৰ বাবে আপোনাৰ সহিতে

sangita

#আপোনাৰ প্ৰণয়ত ব্যাপৃত❤ সহস্ৰ বিষাদ ভৰুণ বগা চোলাটি হৃদয়খনত আঁৰি থৈছে কিয়....? একাঁঠু ৰঙ কীলালৰ ঠিকনা এটি মোৰ জ্ঞাত। ৰঙ অলপ বাকি ল'ব...! এনেও মই আপোনাক প্ৰেমৰ ৰঙ সানি দিয়াত ব্যাপৃত।।।

read more
আপোনাৰ প্ৰণয়ত ব্যাপৃত
🔸🔹🔸🔹🔸🔹🔸🔹🔸🔹🔸
প্ৰত্যয়াৰ্হৰ সংজ্ঞাত আপুনি মোৰ পক্ষে স্বন, 
শুনকচোন, লাজুক ভৰুণ আস্যৰ অৱগুণ্ঠনখনি 
তুলি দিব নেকি...? 

এপলক আপোনাকে চাই ৰওঁ। 
মইজনীচোন আপোনাৰ আৱেগ বোটলাতেই ব্যাপৃত ।
তাতে আপোনাৰ হৃদয়খন প্ৰেমৰ হেঙুল পংকৰে ক্লেদাক্ত।। 
 
'ভ্ৰংশিত হোৱাৰ প্ৰতি শংকা নাই '.........
ভয় লাগে মাথোঁ হৃদয় পৰ্ণত আঁক খোৱা প্ৰণয়ৰ
 জেতুকাবুলীয়া ৰঙটিয়ে বৰণ সলাই বুলিহে।

এনেও সময়ৰ জলোচ্ছ্বাস কিঞ্চিৎ অসুস্থিৰ..!(মোৰ পক্ষে) 

সহস্ৰ ক্লান্তিযুক্ত বগা চোলাটি এতিয়াও হৃদয়খনত 
আঁৰি থৈছে কিয়....? 
একাঁঠু ৰঙৰ কীলাল আছে মোৰ চিনাকি সাকিন এটিত.., 
এডুবা মাৰি আহিব........
...............................................
বাট দেখুওৱাবলৈ মই আছোঁয়েইচোন আপোনাৰ কাষত।
মইচোন এতিয়া আপোনাৰ হৃৎ স্পন্দন গণনাত ব্যাপৃত।
আপোনাৰ প্ৰেম কিম্বা মৰমবোৰ সামৰি থোৱাত ব্যাপৃত।।




 #আপোনাৰ প্ৰণয়ত ব্যাপৃত❤
সহস্ৰ বিষাদ ভৰুণ বগা চোলাটি হৃদয়খনত আঁৰি থৈছে কিয়....? 
একাঁঠু ৰঙ কীলালৰ ঠিকনা এটি মোৰ জ্ঞাত। 
ৰঙ অলপ বাকি ল'ব...! 
এনেও মই আপোনাক প্ৰেমৰ ৰঙ সানি দিয়াত ব্যাপৃত।।।

sangita

#মোৰ দৃশ্যপটত #আপোনাৰ সংজ্ঞা কি..??

read more
   মোৰ দৃশ্যপট
   --------------------
মোৰ দৃশ্যপটত আপুনি 
প্ৰত্যুষৰ ৰক্তিম সপ্তাশ্ব।
পদূলিৰ কুজ্বটিকাৰ শীতলতাৰ
তুল্যৰূপ ঠিক আপোনাৰ দৰেই অ'.. 
কিয়নো আপুনিয়েই তু
মোৰ চেনেহৰ স্নিগ্ধ গুলঞ্চী।

মোৰ আমঠুৰ কুন্দ্ৰাক্ষৰে
বিচ্ছুৰিত হোৱা গভস্তি হেন আপুনি ।
আপুনিয়েই তু তমসা ভেদী
দেদীপ্যমান কৰি তোলে মোৰ হিয়াখনি।
অভ্ৰৰ দৰে জিলিকাবও পাৰে...
অশ্ৰ বিৰিঙি থকা মোৰ কুন্ধচ গাল দুখনি। 

মোৰ দৃশ্যপটত.....
আপুনি মোৰ মন ত্ৰিবিষ্টপৰ কান্তিভৃৎ।
চন্দ্ৰকান্তিৰ মাজত
জিলিকি থকা খদ্যোত আপুনি...... 
মোৰ জীৱনৰ পথদৰ্শক আপুনি।
হৰ্ষৰ লগৰী..
বিষাদৰ সাৰথি ...
মোৰ জীৱন কাহিনীৰ তাৰকা আপুনি 
মোৰ জীৱন বাটৰ লগৰী আপুনি।  #মোৰ দৃশ্যপটত
#আপোনাৰ সংজ্ঞা কি..??

sangita

##আপোনাৰ দৃষ্টিত জীৱনৰ সংজ্ঞা কি ? সকলোৰে মতামত বিচাৰিলো । #YourQuoteAndMine Collaborating with Debojeet Talukdar

read more
জীৱন: এটি টোপোলা, যাৰ অভ্যন্তৰত থাকে সুখ-দুখ, হাঁহি -কান্দোন,প্ৰাপ্তি-অপ্ৰাপ্তিৰ  হাজাৰ সত্তা.....  ##আপোনাৰ দৃষ্টিত জীৱনৰ সংজ্ঞা কি ? সকলোৰে মতামত বিচাৰিলো । #YourQuoteAndMine
Collaborating with Debojeet Talukdar


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile