Nojoto: Largest Storytelling Platform

Best নিত্য Shayari, Status, Quotes, Stories

Find the Best নিত্য Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about নিত্য পূজা পদ্ধতি pdf free download, নিত্য সমাস কাকে বলে, নিত্য স্ত্রীবাচক শব্দ কোনটি, নিত্য পুরুষবাচক শব্দ কোনটি, নিত্য পুরুষবাচক শব্দ,

  • 1 Followers
  • 1 Stories
    PopularLatestVideo

sangita

#নিত্য বিষাদ

read more
            নিত্য বিষাদ
🔹🔸🔹🔸🔹🔸🔹🔹🔸🔹
মোৰ হৃতসৰ্বস্ব হৃৎ কাননত কোঁহ মেলিব ধৰিছে 
এজুপি স্নিগ্ধ নেৱালি। 
সেমেকা হৃৎ প্ৰতিৱেশ্যতো ই সঁজাল ধৰি উঠিছে অ'...... 

আৰু আনফালে মোৰ সৰু পৃথিৱীখনিত... 
সৰ্বত্ৰ যেন উদাস আজি,
একাকীত্বভাৱেই বহি আছো মই জোনটিৰ ছাঁত,
তথাপিওচোন মোক জোকাবলে আজি আঙনিজনী অহা নাই। 
বিবক্ষিত মনটোৰ কথা শুনিবলৈ চন্দ্ৰিকাও আজি নাই। 

মোৰ চেনেহৰ গুলঞ্চীৰ বৰ মোহ নহয় মোলৈ.. 
তাইহে ক'লে.. 
জোনাকী ,জোনাক
সকলোৱে হেনো দোকোঁহ পাতিছে আজি .....
নেৱালিৰ ৰাগীত সিহঁতক অনাদৃত কৰো বুলি বৰ ভয় হেনো সিহঁতৰ।

এই একাকিনী হৃদয়ৰ একমাত্ৰ সাৰথি অ' তহঁত, 
কালৰ সোঁততো মোৰ দ্বাৰা কেতিয়াও উপেক্ষিত নোহোৱা সমল। 
নেৱালি জোপাতো শাশ্বতিক নহয় মোৰ বাবে। 
কোঁহ মেলিব লৈছেহে,
লাহেকৈ ফুল ফুলিব,,
সুবাসৰ ৰাগী যেতিয়াই মোৰ গাত লাগিব 
সকলোৰে দৰে বিষাদ বাকি  নিশ্চয় আঁতৰি যাব।  #নিত্য বিষাদ


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile