Nojoto: Largest Storytelling Platform

#অহংকাৰ# অহংকাৰ কৰে কিছুমানে ৰূপক লৈ,কিছুমানে কৰে

#অহংকাৰ#

অহংকাৰ কৰে কিছুমানে ৰূপক লৈ,কিছুমানে কৰে গুনক লৈ ।কিন্তু অহংকাৰ কৰিব লাগে সুন্দৰ মনক লৈ ।প্ৰভু আপোনাৰ চৰণত শতকোটি প্ৰণাম । মোক ইমান সুন্দৰ মন দিয়াৰ বাবে ।যত নাই কোনো অহংকাৰ।এই বাবেই মই নিজৰ ওপৰত অহংকাৰ কৰোঁ যে মই অহংকাৰী নহয় ।কিহৰ বাবে মানুহে ইমান অহংকাৰ কৰে মই বুজি নাপাওঁ ।এচাম মানুহ আছে যিমান সিহঁতৰ লগত লাগি থাকিলে, যিমান সিহঁতক সহায় কৰিলেও তাৰ মাজতে ও নানান ভুল উলিয়াব।নানান বদনাম যাঁচিবই। মানুহ নামৰ প্ৰাণীটোক কোনো কাৰণত সন্তুষ্টি প্ৰদান কৰিব নোৱাৰিব ।মানুহ সৰল সহজ হৈ জীৱন নিৰ্বাহ কৰিবলৈ কিয় টান পায় মই নাজানিলো।কিয় সকলোখিনি কথাতেই কৃত্ৰিমতা,জটিলতা ।কিয় মাথোঁ বেলেগৰ কথা ক লৈ ইমান অশান্তি???        হোষ্টেলত এজনী হিন্দীভাষী ছোৱালী আছিল ।তাই বেছিভাগ সময় মন মাৰি থাকে।মই তাইৰ লগত কথা হব খোজো কিন্তু তাই মোৰ পৰা আঁতৰি ফুৰিছিল।আচলতে তাই মোৰ পৰা নহয় নিজৰ পৰাই পলাই ফুৰিছিল ।এদিন তাইৰ ৰুমত গৈ কথা পাতিলোঁ।তাই মানসিক হতাশাত আছিল ।তাই বেছিভাগ সময় ইনফেৰীটো কপ্লেক্স ত ভুগিছিল ।মই তাইক কলো তোমাৰ সমস্যা কত ,কিহৰ বাবে তুমি এনেদৰেই থাকা। তাইৰ মুখৰ ভাষ্য,”বা মই সদায় অসুখী ।মই হাঁহি বেয়া পাওঁ,মই নির্জনতা ভাল পাওঁ। মই উদাস থাকি ভাল পাওঁ,মনলৈ যেতিয়া নেতিবাচক চিন্তা আহে,মই সেই চিন্তাৰ মাজত সোমাই ভাল পাওঁ । মই সমস্যাৰ সমাধান কৰি বেয়া পাওঁ,সেই সমস্যাৰ মাজতেই থাকি সুখ পাওঁ ।যদি কিবা জটিল সমস্যাত পৰোঁ আত্মহনন ৰ চেষ্টা কৰোঁ কিন্তু তাত ও সফল নহওঁ ”  মই তাইৰ কথা শুনি মূৰত সৰগ পৰা জনী হৈ পৰিলোঁ । এইটো কেনে আত্মসন্তুষ্টি মানুহৰ ?যেতিয়া তাই হতাশ হয়, ব্লেডেৰে নিজৰ হাত কাটে আৰু সেই তেজ চাই ৰঙ পাই। এইটো এটা মানসিক বেমাৰ । যেতিয়া মানুহৰ মানসিক চাপ বেছি হয় তেতিয়া মানুহৰ চিন্তা শক্তি কমি যায়।  চিন্তাৰ পৰা দূঃচিন্তা ৰ দৃষ্টি হয় আৰু দুশ্চিন্তাৰ পৰাই আৰম্ভণি হয় মানসিক বেমাৰৰ । কিন্তু ইয়াত উল্লেখযোগ্য যে সকলো মানসিক বেমাৰী ক পাগল আখ্যা দিব নোৱাৰি।

#পাগল মস্তিষ্কৰ মানুহে একো বিবেচনা কৰিব নোৱাৰে কিন্তু তাই সকলো বুজিছিল জানিছিল।লিখা মেলা কৰিছিল ,গান গাইছিল।আমি সদায় ভাবিব লাগিব মানসিক ৰোগী তেওঁ হল কেনেকৈ ?আমাৰ মাজতেই মনোবল কম থকা, সৰু সৰু ঘটনা বোৰত উত্তেজিত হোৱা,সাধাৰণ কথাবোৰ ত বিচলিত হৈ আত্মহত্যা ৰ কথা ভবা এনে নানান মানসিক ৰোগী আছে ।আমি তেওঁলোকক সহায় কৰিব লাগে । তেওঁলোকক সময় দিব লাগে ।তেওঁলোকৰ সমস্যা বোৰ আলোচনা কৰিব লাগে ।যত সমস্যা আছে তাত সমাধান ও নিশ্চয় কৈ থাকিবই। এচাম আছে আকৌ সহ্য কৰিব নোৱাৰা ধৰণৰ অহংকাৰী । এই অহংকাৰ কিছূমান ৰ জন্মগত আৰু কিছুমান ৰ আৰ্জিত । কিছুমান ৰ অহংকাৰি স্বভাৱ ইমানেই উত্ৰাৱল যে কাষত গৈ একাষৰ মাত মাতিবই নোৱাৰি।  কথাৰ শৰেৰে এনেদৰেই আক্ৰমন কৰে হৃদয় খন ক্ষত বিক্ষত হৈ চিটিকি যাব ধৰে।  কথাৰ আক্ৰমণৰ সুৰ কিছুমান ৰ সহ্য নহয় ।আৰু এচাম আছে বাহিৰৰ পৰা ইমান শান্ত ,কথা বোৰ ও খুবেই লাহে লাহে কয় কিন্তু মিঠা সুৰৰ মাজেৰেই দি যায় তিক্ততা।অতিমাত্ৰা মিঠা মাতৰ অন্তৰালত ও তিতা লুকাই থাকে বুলি কোৱা কথাষাৰ তেওঁলোকৰ চৰিত্ৰ ত প্ৰযোজ্য । ভাতৰ তিতা সহ্য কৰিব পাৰি কিন্তু মাতৰ তিতা কেতিয়াও সহ্য কৰিব নোৱাৰি ।  কিছুমান মানুহে আগ পিছ নাভাবি ইমান টানকৈ কেনেকৈ কথা কব পাৰে বাৰু?কলেজ ত এজনী বান্ধৱী আছিল । আগদিনা ধুনীয়া কৈ মাত বোল কৰি হাঁহি হাঁহি ঘৰমোৱা হওঁ পিছদিনা লগ পালে মুখলৈ ঘুৰি য়েই নাচায়।মই ভাবি পাৰ নাপাই ছিলোঁ হঠাতেই কি হল,মোৰ দোষ কত হল ,সেইকথাই মোক ভিতৰি ভিতৰি নিঃশেষ কৰিছিল কিন্তু তাই এইবোৰলৈ ভ্ৰূক্ষেপ নকৰিছিল । তাইৰ আচলতে সেইয়া স্বভাৱ আছিল।  নিজেই আগতেই নামাতে ,মই গৈ মাতিলে ভালদৰেই মাতে ।বাএনে মানুহৰ লগত চলা ও খুবেই টান  । এইয়া ও একপ্ৰকাৰ মানসিক ৰোগ । সৰু হৈ কথা নোকোৱা ,নিজৰ মতে চলা ।এজনী বাইদেউ আছিল । সকলো সময়ত সন্দেহ । নিজে কৰা কামটো সন্দেহ ।এটা কামেই বাৰে বাৰে কৰিছিল ।  ৰাতি দৰ্জাৰ শিলি মাৰিবলৈ 10 বাৰ মান উঠে ,ভাত খোৱাৰ পিছত বাকী সদস্য ৰ বাবে  দালি ভাত  থব পাহৰিছো ভাবি বাৰে বাৰে পাক ঘৰত অহা ,কোনোবাই কথা পাতিলে মনে মনে গৈ চুপি থাকিছিল ,তাইৰ মনত সন্দেহ তাইৰ কথাই কৈ থকা বুলি। এবাৰ প্ৰচণ্ড গৰমৰ দিনত যত Ac য়ে কাম নকৰে মই কিবা কাৰণত বাৰ ৰূমত গলো, তাই ফেন অফ কৰি বহি আছে ।মই আচৰিত হৈ সুধিলোঁ ইমান গৰমত ঘামি জামি আছা।ফেন বেয়া হৈছে নেকি । তাই কলে নহয় ।ফেন চলালে বাহিৰৰ মাত শুনা নাপায় ।মালিকনি য়ে মোৰ কথা ফুচফুচাই কয় ,মই শুনা নাপাম ।মই তবধ মানিলোঁ শুনি ।ইমান সন্দেহৰ অন্তৰালত কি সুমাই আছিল ।কিয় সাধাৰণ জীৱন টোক সন্দেহৰ পোক সুমুৱাই বিষাক্ত কৰে মানুহে ।এই কিয় আজি ও মোৰ বাবে উত্তৰ বিহীন । বিয়াৰ পিছত নানান পৰিস্হিতি পাৰ কৰিলোঁ।বিভিন্ন ধৰণৰ মানুহ লগ পালোঁ।বিনা কাৰণত ঠেঁহ পতা,বিনা দোষত বদনাম কৰা । এইবোৰ বিভিন্ন মানসিকতাৰ মানুহ আছে,আচলতে এইসকল সুস্থ মস্তিষ্কৰ নহয়। এওঁলোক একপ্ৰকাৰ মানসিক ৰোগী বুলি কলেই ভুল কোৱা নহব ।অহংকাৰী মানুহ কেতিয়াও সুখী নহয় ।আৰু মোক অহংকাৰী মানুহৰ সান্নিধ্য ৰ ও প্ৰয়োজন নাই । জীৱনত বহুতো তিতা মিঠা অভিজ্ঞতা পাইছোঁ ।মাথোঁ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ মোৰ এই সৰল মনক জটিল তালৈ লৈ নাযাব ।মোক এনেদৰে ই থাকিব দিয়ক।  #শেষত সেই সকল মহান অহংকাৰী আত্মাক এবাৰলৈ কব খোজোঁ , দম আছে যদি তহঁতৰ এই অহংকাৰ  olx ত বিক্ৰী কৰি দে । ফুটাকঢ়ি এটা  ও যে নাপাবি মই জানোঁ । ইমান অহংকাৰ ঠিক নহয় কিন্তু