Nojoto: Largest Storytelling Platform

হেঙুলীয়া কিছু স্মৃতি🌻 বৰষুণজাক কিন্ কিন্ কৈ

হেঙুলীয়া কিছু স্মৃতি🌻
    
বৰষুণজাক কিন্ কিন্ কৈ আহিছিল সেইদিনা
টোপালৰ লগত সৰি পৰিছিল তোমাৰ নামৰ ভাৱনাবোৰ.....
স্মৃতিৰ টোপোলাটো খোলোতেই সৰি পৰিল তুমি অকা মোৰ ছবিখন আৰু dairy milk চকলেটৰ পেকেটবোৰ....
আৰু হঠাৎ মোৰ চকুপানীয়ে স্পৰ্শ কৰিলে বহীটোৰ জেপত সোমাই থকা  হাতেঅঁকা ছবিখনক!
টিল টিলকৈ ভাঁহি আহিল তোমাৰ বেকা হাঁহিটোৰে সৈতে মৰমলগা মুখ খন....

সজীৱ হৈ উঠিল সেই গধূলিটো-
ঐ শুনা
খং বোৰ অলপ কমকৈ কৰিবাচোন!
নহলে যে তোমাক পকা বিলাহীটো যেন লাগে....

 .......ইমান অভিমানী নহবা ও সোন
বাৰে বাৰে এই অভিমানেৰ ভৰা ধুনীয়া হাঁহিটোৰ প্ৰেমত পৰো....!!
খুলি কোৱাৰ ভয়ত ৰৈ যাওঁ , সপোনবোৰক থাপি থুপি হৃদয়ৰ মোনা খনতেই আকৌ ভৰাই থওঁ।

আনদিনাখনৰ দৰেই তাই আজিও মুখখন ফুলাই থাকিল আৰু হাতত guitar খন তুলি দি কলে- অভিমানবোৰ এনেকুৱাই , এয়া লোৱা আৰু বজোৱা...

সি গান গাই বজালে আৰু তাই শুনিলে........
সূৰ্য্যাস্তৰ হেঙুলী আভাই নদীখনক জিলিকাই তোলাৰ দৰেই guitar ৰ মাতটো শুনি তাইৰ মুখত পোহৰ বিৰিঙি উঠিল....আৰু তাই কৈ উঠিল -"সুখবোৰ ইয়াতে বিচাৰি পাওঁ জানা".....

   সময়ৰ প্ৰাচুৰ্য্যতাত কিছু স্মৃতি ৰোমন্থনৰ স্বীকাৰ হৈ পৰে যদিও অনুভূতিবোৰক অনুভৱ কৰি ভাল লাগে💓

     🖋️বৰষা #doshare
#spreadlove