Nojoto: Largest Storytelling Platform

#বৰ্ষা #সিক্ত #ৰাতি অস্তাচলত সূৰ্য ডুবি নমাই আনিল

#বৰ্ষা #সিক্ত #ৰাতি

অস্তাচলত সূৰ্য ডুবি নমাই আনিলে পুনৰ এটি গধূলী,
তাৰ পিছত এন্ধাৰ গৰকি হৈ পৰিল এটি ভিন্ন সুৰীয়া নিজম ৰাতি৷
নাইট ইজ্ অলৱেজ্ ইয়ং---
ৰাতিবোৰ বোলে সদায়েই যৌৱনাপ্ৰাপ্ত৷
তাতে যদি আহি পৰে কাণত
টোপাল টোপালকৈ সৰি পৰা বৰষুণৰ শব্দ?
বুকুত গোজ মাৰি থোৱা অনুভৱবোৰে,
এনেকুৱা ৰাতিবোৰতেই প্ৰাণ পাই উঠে৷
ৰাতিৰ বুকুতো থাকে কি-মা-ন যে উজাগৰী ৰাতি!
কেতিয়াবা তৰাফুলা আৰু কেতিয়াবা অমাৱস্যা৷
তথাপিও টো ৰাতি!
এনেবোৰ ৰাতিতেই আন্ধাৰ ফালি বিচাৰি ফুৰো নিৰৱে,
অমূৰ্তক ভাৱনাবোৰ স্বপ্ন সমাধিত-----৷

✍বিনীশা দেৱী৷ #HopeMessage