Nojoto: Largest Storytelling Platform

আকাশৰ প্ৰেয়সী মই💞 আকাশখন ভাল পাওঁ আজিও ভাল পাওঁ

আকাশৰ প্ৰেয়সী মই💞

আকাশখন ভাল পাওঁ আজিও
ভাল পাওঁ ইয়াৰ বিশালতাক
অনুভৱ কৰো ইয়াৰ পৰিধিক
আশাৰ হুমুনিয়াহ দেখোঁ ঠিক সেই চৰাইজনীৰ মাজত যিয়ে মুক্তমনে সপোনৰ নগৰীত উৰি আছে,,
মই য়ো উৰিছিলো এদিন কিন্তু ডেউকাখন ভাঙি থাকিল......
উৰিব লওঁতেই ছিঙি থাকিল ভৰষাৰ এনাজৰীদাল!
আৰম্ভ হওঁতেই শেষ হৈ গ'ল,,
আৰু ৰৈ গ'ল নষ্ট প্ৰেমৰ অবশিষ্টখিনি।

সেই যে ফৰকাল আকাশখন দেখিছা, তাত আছিল হেজাৰ সপোনৰ ভাবাবেগ....
কিন্তু আজি যেন সেই সপোনৰ পৰা বহু দূৰত মই।ভয় মোৰ সপোন দেখিম বুলি নহয় 
সপোন দেখুৱাব বুলিহে....!

🖋️বৰষা #doshare
#spreadlove❣️

barshasarma1449

Barsha sarma

New Creator

#doshare spreadlove❣️