Nojoto: Largest Storytelling Platform

♦️সংসাৰত জন্ম ল'বলৈ মা'ৰ গৰ্ভত ৯ মাহ অপেক্ষা কৰিব

♦️সংসাৰত জন্ম ল'বলৈ মা'ৰ গৰ্ভত ৯ মাহ অপেক্ষা কৰিব পাৰোঁ।

♦️খোজ কাঢ়িবলৈ ১/২ বছৰ..

♦️স্কুলত প্ৰবেশ কৰিবলৈ ৩/৪ বছৰ..

♦️ভোটদান কৰিবলৈ ১৮ বছৰ..

♦️চাকৰিৰ বাবে ১৮/২২ বছৰ...

♦️বিবাহৰ বাবে ২৫/৩০ বছৰ...

♦️এনেকৈ আমি বহু ক্ষেত্ৰত অপেক্ষা কৰো, ধৈৰ্য্য ধৰোঁ।

কিন্তু,

♦️গাড়ী অভাৰটেক কৰাৰ সময়ত ১০ চেকেণ্ড সময়ো আমি অপেক্ষা কৰিব নোৱাৰোঁ 😥😥

অথচ,

♦️দুৰ্ঘটনা হোৱাৰ পিছত বাচি গলে দুৰ্ঘটনাটো ৰফা-দফা কৰিবলৈ ঘটনাস্থলীত কেইবা ঘন্টা, চিকিৎসালয়ত কেইবা দিন, মাহ আৰু শেষত কোৰ্ট-কাছাৰীত বছৰো পাৰ কৰি দিওঁ।

♦️মাত্ৰ কেই ছেকেণ্ড মানৰ ভুলে কিমান ভয়ংকৰ পৰিনাম হ'ব পাৰে!!!

♦️যোৱাজনতো গুচি যায়, থাকি যোৱা সকলৰ কি?

♦️ইয়াৰ ওপৰত বিচাৰ কৰিছে নে? কেতিয়াও কৰা নাই? 

♦️মানে প্ৰতিবাৰৰ দৰে, কেৱল ভাগ্যক দোষাৰোপ 🤔🤔

♦️সেইবাবে সঠিক গতি, সঠিক দিশত যান-বাহনৰ নীতি-নিয়ম মানি চলক আৰু আনকো চলিবলৈ দিয়ক, নিজেও সুৰক্ষিত থাকক আনকো সুৰক্ষিত হৈ থাকিবলৈ দিয়ক 🙏🏻🙏🏻

♦️ আপোনাৰ জীৱনটোৰ গৰাকী আপুনি হ'লেও আনৰ জীৱন আৰু তেখেতৰ পৰিয়ালটোৰ ভৱিষ্যতৰ গৰাকী আপুনি নহয় 🙏🏻🙏🏻

   আপোনাৰ হৃদয়সম পৰিয়ালটোৱে আপোনাৰ ঘৰত আপোনাৰ বাবে বাট চাই থাকে.... 

তেওঁলোকক দুখৰ সাগৰত পেলাই নিদিব ।
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

সজাগতাৰ বাবে শ্বেয়াৰ কৰক।

#Slow_Drive
#Long_Life

©Nipil Moran
  #reallifestory  Anupriya Sabeena Vishakha Tripathi निज़ाम खान Cute