Nojoto: Largest Storytelling Platform

অপেক্ষাৰ ঘুমটি ৰাতি‌ পুৱাবৰে হʼল এধানি এধানি কৰি

অপেক্ষাৰ ঘুমটি

ৰাতি‌ পুৱাবৰে হʼল
এধানি এধানি কৰি
শৰতৰ মায়াবী জোনটি
ক্ৰমাৎ কমি আহিছে়,,
মোৰ শিতানৰ সিপাৰে
আকাশখনি
তৰা এটা এতিয়াও
সাৰে আছে।
টোপনিৰ লাহি বিচনীৰ
বা লাগি,,
তাৰ তিৰবিৰ উজাগৰ
শৰীৰ হেন্দুলি উঠিছে,
শেষ নিশাৰ মলয়া
বতাহছাটিত।
চকুৰ পাহিত নিশাৰ
গভীৰ এন্ধাৰ
কোনো ক্লেদ নাই
নাই কোনো ক্লান্তি
তৰাটো সাৰে আছে
অকলশৰে,
সিও যেন মোৰ দৰে
অপেক্ষাৰত, কাৰোবাৰ বাবে
যুগ-যুগান্তৰ।
তাৰো হৃদয়ত যেন,
ভালপোৱাৰ সহজ প্ৰতিভা।।

©dhanjit gogoi fall in love part 3

#lightindark
অপেক্ষাৰ ঘুমটি

ৰাতি‌ পুৱাবৰে হʼল
এধানি এধানি কৰি
শৰতৰ মায়াবী জোনটি
ক্ৰমাৎ কমি আহিছে়,,
মোৰ শিতানৰ সিপাৰে
আকাশখনি
তৰা এটা এতিয়াও
সাৰে আছে।
টোপনিৰ লাহি বিচনীৰ
বা লাগি,,
তাৰ তিৰবিৰ উজাগৰ
শৰীৰ হেন্দুলি উঠিছে,
শেষ নিশাৰ মলয়া
বতাহছাটিত।
চকুৰ পাহিত নিশাৰ
গভীৰ এন্ধাৰ
কোনো ক্লেদ নাই
নাই কোনো ক্লান্তি
তৰাটো সাৰে আছে
অকলশৰে,
সিও যেন মোৰ দৰে
অপেক্ষাৰত, কাৰোবাৰ বাবে
যুগ-যুগান্তৰ।
তাৰো হৃদয়ত যেন,
ভালপোৱাৰ সহজ প্ৰতিভা।।

©dhanjit gogoi fall in love part 3

#lightindark

fall in love part 3 #lightindark