Nojoto: Largest Storytelling Platform

জীয়াই থাকিব দিবনে তাইক? জীয়াই থাকিব দিবনে তাইক!

জীয়াই থাকিব দিবনে তাইক?

জীয়াই থাকিব দিবনে তাইক!
দিবনে প্ৰাপ্ত সন্মান?

আপুনি কয় নাৰীশক্তিৰ কথা,
ভাষন দিয়ে হেনো সমাজৰ আগত
"নাৰী তোমাৰ মহিমা অপাৰ"

কিন্তু পিছমূহুৰ্ততেই সেই মহিমাধাৰী নাৰীৰ কাপোৰ ছিগিবলৈ কুন্থাবোধ নকৰে আপুনি,,,
ভয় নকৰে সেই নাৰীৰ ওপৰত নিৰ্যাতন চলাব,,
কিয়নো তাই নাৰী তাই বোবা, 
তাই যে অবলা নাৰী....!

মানৱৰুপী দানৱ নহব আপুনি,
জাগ্ৰত নকৰিব সেই নাৰীশক্তিক...
মুখাৰ আঁৰৰ মুখাবোৰক উদঙাৱ বাধ্য নকৰাব ,,,
আপুনি হয়তো জানেই শুই থকা শিয়ালক জগাব সহজ, ভাওঁ জুৰি থকাবোৰকহে টান........সেয়ে কৈছোঁ পুনৰ,
সমাজত ভদ্ৰতাৰ মুখা পিন্ধা কৰ্মব্যস্ত লোক আপুনি
আৰু ৰাতি স্তব্ধতাৰ সুযোগত আপোনাৰ কামনাৰ বলি হয় কত ৰাজপথৰ নাৰী!....

ভোগ্য সামগ্ৰী নহয় তাই, নকৰিব অপব্যবহাৰ,
জাপি নিদিব সেই সামাজিক বোজা,
নিদিব নাম ধৰ্ষিতা!
জীয়াই থাকিব দিয়ক তাইক কিয়নো তাই নাৰী,
কোনো দিন বিচাৰ কৰা হোৱা নাই সেই নাৰীৰ শক্তিসত্তাক....
কোনো দিনেই স্বীকৃতি দিয়া হোৱা নাই সেই নাৰীৰ ত‍্যাগক.....মাথোঁ দিছে নাম কলংকিনী.....!
গংগাৰ দৰে পবিত্ৰ তাই,
গান্ধাৰীৰ দৰে পতিব্ৰতা তাই,
জয়মতীৰ দৰে ত‍্যাগী তাই,
তথাপি তাই কলংকিনী....!

কোনোৱে মানিব নোখোজে সেই হাঁহিৰ আৰৰ কষ্টখিনি,বুজিব নোখোজে দেহৰ পৰা বিয়পি যোৱা সেই তেজৰ আঁৰৰ বেদনাখিনি...
     কিয়নো তাই যে নাৰী, অবলা নাৰী...
               জীয়াই থাকিব দিয়ক তাইক..।
    
🖋️বৰষা #doshare
#sketchby- Thomas tumung🌼

barshasarma1449

Barsha sarma

New Creator

#doshare #sketchby- Thomas tumung🌼