Nojoto: Largest Storytelling Platform

সময় বোৰ চাওঁতে চাওঁতে কালৰ বুকুত হেৰাই গৈছে দেখিছ

সময় বোৰ চাওঁতে চাওঁতে কালৰ 
বুকুত হেৰাই গৈছে দেখিছো ,

সময়ে কাৰ বাৰ জীৱনলৈ আনিলে 
নানান ধৰণৰ সোণালী ৰূপালী
অভিজ্ঞতা |

কাৰ বাৰ জীৱনলৈ লৈ আনিলে 
সংঘাতপূৰ্ণ এক মৰমান্তিক অভিজ্ঞতা|

কোনোবাই নিজৰ জীৱনৰ সংগ্ৰাম ,
সংঘাত সাফল্য আৰু প্ৰতিশ্রুতিৰে
সময়ক কৰি তুলিলে 
ঐশ্বৰ্য্যশালী আৰু সমৃদ্ধ |

কিছুমানে সময়ৰ বুকুত আঁকি গ'ল
মচিব নোৱাৰা বিচিত্ৰ ৰেখা |
কেতিয়াবা পিছলৈ ঘূৰি চাই,
আশ্বস্ত হৈ পৰিলেও জিৰণি লোৱাৰ 
দুৰ্বলতা নাইকিয়া |

উদ্দেশ্যহীন কৰ্মহীন হৈ দিন কটোৱাৰ 
ইচ্ছা নাই কাৰো ,
তাৰ কাৰণে এই পুণ্যভূমিত 
জন্ম গ্ৰহণ কৰা নাই কোনো |

                                                    📝কৃষ্ণাশ্রী বৰা | Lucent
সময় বোৰ চাওঁতে চাওঁতে কালৰ 
বুকুত হেৰাই গৈছে দেখিছো ,

সময়ে কাৰ বাৰ জীৱনলৈ আনিলে 
নানান ধৰণৰ সোণালী ৰূপালী
অভিজ্ঞতা |

কাৰ বাৰ জীৱনলৈ লৈ আনিলে 
সংঘাতপূৰ্ণ এক মৰমান্তিক অভিজ্ঞতা|

কোনোবাই নিজৰ জীৱনৰ সংগ্ৰাম ,
সংঘাত সাফল্য আৰু প্ৰতিশ্রুতিৰে
সময়ক কৰি তুলিলে 
ঐশ্বৰ্য্যশালী আৰু সমৃদ্ধ |

কিছুমানে সময়ৰ বুকুত আঁকি গ'ল
মচিব নোৱাৰা বিচিত্ৰ ৰেখা |
কেতিয়াবা পিছলৈ ঘূৰি চাই,
আশ্বস্ত হৈ পৰিলেও জিৰণি লোৱাৰ 
দুৰ্বলতা নাইকিয়া |

উদ্দেশ্যহীন কৰ্মহীন হৈ দিন কটোৱাৰ 
ইচ্ছা নাই কাৰো ,
তাৰ কাৰণে এই পুণ্যভূমিত 
জন্ম গ্ৰহণ কৰা নাই কোনো |

                                                    📝কৃষ্ণাশ্রী বৰা | Lucent