Nojoto: Largest Storytelling Platform
barasharanikalit8761
  • 8Stories
  • 0Followers
  • 29Love
    0Views

Barasha Rani Kalita

  • Popular
  • Latest
  • Video
432e97a8b51403995e2a81b849667cf5

Barasha Rani Kalita

আবেগবোৰ চকুলো 

হৈ নিগৰি ব'ব,

যিদিনা তোমাক লগ পাম;

অভিমানবোৰ গুজি দিম,

তোমাৰ বুকুত

থাকিব কেৱল;

 মৌনতাৰ কোলাহল,

মৃত্যুক জিনি;

 আকৌ লগ পোৱাৰ

প্ৰতিশ্ৰুতিৰে.....
                    
               Mausumi( zoom )✨

©Barasha Rani Kalita Assamese
432e97a8b51403995e2a81b849667cf5

Barasha Rani Kalita

প্ৰকৃতিয়ে ফাগুনৰ পোছাক পিন্ধিছে
হয়তো পলাশবোৰ, 
দুচকুৰ পৰশ নোপোৱাকৈয়ে
সুদূৰ পাহাৰৰ বুকুত ৰঙা হৈ ফুলি ৰৈছে,
ধালিছে উকা মনত তেজৰঙী পোহৰ,
প্ৰাণ পাই উঠিছে বাঁহীৰ সুৰ 
কোনো অচিন পথিকৰ ।।

©Barasha Rani Kalita

432e97a8b51403995e2a81b849667cf5

Barasha Rani Kalita

এটি অধ্যায়ৰ শেষ সীমনাত 

ধূলিয়ৰি বাটৰ উচুপনি

এৰি থৈ অহা পৃষ্ঠাবোৰো 

এতিয়া মাথোঁ সোৱৰণি

পোৱাখিনি বুকুত বান্ধি

হৈ পৰোঁ অবিৰত সংগ্ৰামী🧗‍♀️ 

✍🏽বৰষা









d

©Barasha Rani Kalita #WallTexture
432e97a8b51403995e2a81b849667cf5

Barasha Rani Kalita

এদিন শব্দবোৰ ম্লান পৰিব

মাথোঁ জ্বলি ৰ'ব কাৰোবাৰ 

প্ৰাৰ্থনাৰ এগচি চাকি মোৰ হৈ

যাৰ আঁত ধৰি মইয়ো 

ভটিয়াই যাম অচিনা দেশলৈ

মনটোক সুখী কৰিব'লৈ

পূৰ্বাঞ্চলৰ আভাত জাহ যাবলৈ

এতিয়া অপেক্ষা মাথোঁ সময়ৰ সহাঁৰি লৈ।


~বৰষা






u

©Barasha Rani Kalita #EveningBlush
432e97a8b51403995e2a81b849667cf5

Barasha Rani Kalita

সেই সেউজী হাঁহিবোৰে

এতিয়া কৃত্ৰিমতাৰ আৱেশ সানে

যান্ত্ৰিক হৈ পৰে পলাশ ফুলাৰ বতৰ

উল্লাসেৰে  ভৰা ফাগুনতো চোন

কুলিয়ে বিননি জোৰে 

মনৰ চৌপাশতো স্মৃতিৰ দাৱালন

জীৱন বাটত সানিছে ইতিহাসৰ ৰহণ ।


~বৰষা

















❤️

©Barasha Rani Kalita #flowers
432e97a8b51403995e2a81b849667cf5

Barasha Rani Kalita

শীতৰ শেতেলীখন প্ৰিয় হৈ পৰিছে
নিহালীৰো ওম বেছি হৈছে
কিতাপ-পত্র বোৰো ধোঁৱাচাঙলৈ গতি কৰিছে  👣
মোৰ মনেও জুপুকা লাগি ৰৈছে।


__মনীষা👀

©Barasha Rani Kalita

432e97a8b51403995e2a81b849667cf5

Barasha Rani Kalita

দুবাহু  জুৰোৱা  শীতৰ  সেমেকা  আলিংগন

দুচকু  আৱৰা  কুৱলীৰ  শুকুলা  আচ্ছাদন

গগনস্থিত  কাঁচি  জোনটিৰ  হাঁহিৰ  জিলিকনি

মোৰ  মন  পদূলিতো  তাৰেই চিক্‌মিক্‌নি

এইয়াই যেন  আকৌ এবাৰ
 
প্ৰকৃতিৰ  প্ৰেমত  মগ্ন  হোৱাৰ  আৰম্ভণি. .
                             
    
__  Barasha 🌼

©Barasha Rani Kalita #fogg
432e97a8b51403995e2a81b849667cf5

Barasha Rani Kalita

অস্ত্ৰাঘাট সময়ৰ গুজৰনি

আনপিনে নিয়তিৰ নিষ্ঠুৰতাবোৰৰো

অপ্ৰতিৰুদ্ধ দপ্‌দপ্‌নি

তথাপিও যেন সপোনবোৰ 

এটি এটি দীপ্তমান জোনাকী✨ . .


🌼Barasha

©Barasha Rani Kalita #stairs


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile